--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত বাৰিষা শেষ হৈ সমাগত শৰৎ। বাৰিষাৰ পাছৰ এই সময়খিনিত অৰ্থাৎ আগষ্ট মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহলৈকে মহজনিত ৰোগে প্ৰতি বছৰে বিধ্বংসী ৰূপ ধাৰণ কৰি আহিছে। মহৰ ফলত হোৱা ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়া জ্বৰৰ বাবে এই সময়খিনিত হাস্পতালসমূহত ব্যাপক জনসমাগম দেখা যায়। মহৰ দ্বাৰা সংক্ৰমিত এই ৰোগৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি দেশত পুনৰ ডেংগু ৰোগ হ’বলৈ আৰম্ভ কৰিছে। সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে সকলো লোককে বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

চিকিৎসকে কয়, মহৰ কামোৰৰ ফলত হোৱা ৰোগ মাৰাত্মক হ’ব পাৰে, গতিকে এই বতৰত সকলো ৰাইজে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। ডেংগুৰ দৰে ৰোগত তেজৰ প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে যাৰ ফলত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকিব পাৰে। এনে বিপদৰ পৰা হাত সাৰিবলৈ মহৰ পৰা বাচি থকাটো অত্যন্ত আৱশ্যক। আহক আমি এই তিনিটা ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লও।

১. ডেংগুৰ লক্ষণঃ-এডিছ মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ হয়। ডেংগু মহে বেছিভাগেই দিনৰ ভাগত কামোৰে। আক্ৰান্ত মহৰ কামোৰৰ পৰা লক্ষণ দেখা দিবলৈ (ইনকিউবেচন পিৰিয়ড) ৫-৭ দিন সময় লাগিব পাৰে। ডেংগু সংক্ৰমণ ধৰা পৰা লোকসকলে তীব্ৰ জ্বৰ (১০৫o Fপৰ্যন্ত)ৰ সৈতে পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ, বুকু, পিঠি বা পেটত ফোহা ওলোৱা, বমি-বমি আৰু ডায়েৰিয়া অনুভৱ কৰিব পাৰে। ডেংগুৰ গুৰুতৰ ক্ষেত্ৰত তেজৰ প্লেটলেট দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে যাৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

২. চিকুংগুনিয়া জ্বৰঃ-ডেংগুৰ দৰে চিকুংগুনিয়াও মহৰ কামোৰৰ ফলত হোৱা এক গুৰুতৰ সমস্যা। সংক্ৰমিত মাইকী Aedes aegypti মহৰ কামোৰৰ জৰিয়তে মানুহৰ সংক্ৰমণ হয়। তেজৰ পৰীক্ষা কৰিহে এই ৰোগ নিশ্চিত কৰিব পৰা যায়, বৰ্তমান ইয়াৰ কোনো ভেকচিন উপলব্ধ নাই। যদি ইয়াৰ লগত জড়িত লক্ষণসমূহ আপোনাৰ ক্ষেত্ৰত ৩-৪দিনলৈকে থাকে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱা উচিত। চিকুংগুনিয়াৰ ইনকিউবেচন পিৰিয়ড ২-৬ দিন। এই সংক্ৰমণত ৰোগীৰ অধিক জ্বৰ (১০৪ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত) হোৱাৰ লগতে অংগ-প্ৰত্যংগত ভাইৰেল ফোহা ওলায়, গাঁঠিৰ তীব্ৰ বিষ হয়, মূৰৰ বিষ হয়, ভোক নলগা হয়। চিকুনগুনিয়া ৰোগত আৰোগ্য লাভ কৰাৰ পাছত একাংশ লোকৰ কেইবামাহো গাঁঠিৰ বিষ হ’ব পাৰে।

৩. মেলেৰিয়া জ্বৰঃ-মেলেৰিয়া হৈছে এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ, যিটো সংক্ৰমিত এনোফিলিছ মহৰ কামোৰৰ ফলত সংক্ৰমিত হয়। মেলেৰিয়াত আক্ৰান্ত লোকসকলে সাধাৰণতে তীব্ৰ জ্বৰ, কঁপনি বা ঠাণ্ডা, ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে। এবাৰ এজন ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হ’লে ইয়াৰ পৰজীৱীবোৰ যকৃতত আৰু তাৰ পাছত ৰক্তকণিকা (RBC)ত বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত গুৰুতৰ জটিলতা আহিব পাৰে। মেলেৰিয়া সময়মতে পৰীক্ষা কৰি চিকিৎসা কৰিব লাগে, নহ’লে গুৰুতৰ লক্ষণ দেখা দিয়াৰ সম্ভাৱনা থাকিব পাৰে। সাধাৰণতে এই ৰোগৰ চিকিৎসা ২১দিনলৈ থাকে।

৪. মহজনিত ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

ডেংগু আৰু চিকুংগুনিয়া এডিছ মহৰ দ্বাৰা বিয়পে, এই মহবোৰ দিনত সক্ৰিয় হৈ থাকে। আনহাতে এনফিলিছ মহে ৰাতি বেছিকৈ কামোৰে। ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত লোৱা হয়।

* মহৰ পৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ হাতৰ চাৰ্ট আৰু পেণ্ট পিন্ধিব লাগে।

* ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়া জ্বৰ হোৱা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক।

* মহৰ পৰা ৰক্ষা পাবলৈ ঔষধ বা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে।

* নিশা শোৱাৰ সময়ত মহৰ নেট ব্যৱহাৰ কৰাটো আটাইতকৈ নিৰাপদ বুলি গণ্য কৰা হয়।

* আপোনাৰ ৩-৪দিনলৈ উচ্চ জ্বৰৰ সমস্যা হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে তেজৰ পৰীক্ষা কৰক, যাতে সময়মতে সঠিকভাৱে নিৰ্ণয় কৰিব পৰা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু