--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত বাৰিষা শেষ হৈ সমাগত শৰৎ। বাৰিষাৰ পাছৰ এই সময়খিনিত অৰ্থাৎ আগষ্ট মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহলৈকে মহজনিত ৰোগে প্ৰতি বছৰে বিধ্বংসী ৰূপ ধাৰণ কৰি আহিছে। মহৰ ফলত হোৱা ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়া জ্বৰৰ বাবে এই সময়খিনিত হাস্পতালসমূহত ব্যাপক জনসমাগম দেখা যায়। মহৰ দ্বাৰা সংক্ৰমিত এই ৰোগৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি দেশত পুনৰ ডেংগু ৰোগ হ’বলৈ আৰম্ভ কৰিছে। সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে সকলো লোককে বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

চিকিৎসকে কয়, মহৰ কামোৰৰ ফলত হোৱা ৰোগ মাৰাত্মক হ’ব পাৰে, গতিকে এই বতৰত সকলো ৰাইজে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। ডেংগুৰ দৰে ৰোগত তেজৰ প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে যাৰ ফলত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকিব পাৰে। এনে বিপদৰ পৰা হাত সাৰিবলৈ মহৰ পৰা বাচি থকাটো অত্যন্ত আৱশ্যক। আহক আমি এই তিনিটা ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লও।

১. ডেংগুৰ লক্ষণঃ-এডিছ মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ হয়। ডেংগু মহে বেছিভাগেই দিনৰ ভাগত কামোৰে। আক্ৰান্ত মহৰ কামোৰৰ পৰা লক্ষণ দেখা দিবলৈ (ইনকিউবেচন পিৰিয়ড) ৫-৭ দিন সময় লাগিব পাৰে। ডেংগু সংক্ৰমণ ধৰা পৰা লোকসকলে তীব্ৰ জ্বৰ (১০৫o Fপৰ্যন্ত)ৰ সৈতে পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ, বুকু, পিঠি বা পেটত ফোহা ওলোৱা, বমি-বমি আৰু ডায়েৰিয়া অনুভৱ কৰিব পাৰে। ডেংগুৰ গুৰুতৰ ক্ষেত্ৰত তেজৰ প্লেটলেট দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে যাৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

২. চিকুংগুনিয়া জ্বৰঃ-ডেংগুৰ দৰে চিকুংগুনিয়াও মহৰ কামোৰৰ ফলত হোৱা এক গুৰুতৰ সমস্যা। সংক্ৰমিত মাইকী Aedes aegypti মহৰ কামোৰৰ জৰিয়তে মানুহৰ সংক্ৰমণ হয়। তেজৰ পৰীক্ষা কৰিহে এই ৰোগ নিশ্চিত কৰিব পৰা যায়, বৰ্তমান ইয়াৰ কোনো ভেকচিন উপলব্ধ নাই। যদি ইয়াৰ লগত জড়িত লক্ষণসমূহ আপোনাৰ ক্ষেত্ৰত ৩-৪দিনলৈকে থাকে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱা উচিত। চিকুংগুনিয়াৰ ইনকিউবেচন পিৰিয়ড ২-৬ দিন। এই সংক্ৰমণত ৰোগীৰ অধিক জ্বৰ (১০৪ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত) হোৱাৰ লগতে অংগ-প্ৰত্যংগত ভাইৰেল ফোহা ওলায়, গাঁঠিৰ তীব্ৰ বিষ হয়, মূৰৰ বিষ হয়, ভোক নলগা হয়। চিকুনগুনিয়া ৰোগত আৰোগ্য লাভ কৰাৰ পাছত একাংশ লোকৰ কেইবামাহো গাঁঠিৰ বিষ হ’ব পাৰে।

৩. মেলেৰিয়া জ্বৰঃ-মেলেৰিয়া হৈছে এক গুৰুতৰ আৰু মাৰাত্মক ৰোগ, যিটো সংক্ৰমিত এনোফিলিছ মহৰ কামোৰৰ ফলত সংক্ৰমিত হয়। মেলেৰিয়াত আক্ৰান্ত লোকসকলে সাধাৰণতে তীব্ৰ জ্বৰ, কঁপনি বা ঠাণ্ডা, ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে। এবাৰ এজন ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হ’লে ইয়াৰ পৰজীৱীবোৰ যকৃতত আৰু তাৰ পাছত ৰক্তকণিকা (RBC)ত বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত গুৰুতৰ জটিলতা আহিব পাৰে। মেলেৰিয়া সময়মতে পৰীক্ষা কৰি চিকিৎসা কৰিব লাগে, নহ’লে গুৰুতৰ লক্ষণ দেখা দিয়াৰ সম্ভাৱনা থাকিব পাৰে। সাধাৰণতে এই ৰোগৰ চিকিৎসা ২১দিনলৈ থাকে।

৪. মহজনিত ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

ডেংগু আৰু চিকুংগুনিয়া এডিছ মহৰ দ্বাৰা বিয়পে, এই মহবোৰ দিনত সক্ৰিয় হৈ থাকে। আনহাতে এনফিলিছ মহে ৰাতি বেছিকৈ কামোৰে। ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত লোৱা হয়।

* মহৰ পৰা ৰক্ষা পাবলৈ সম্পূৰ্ণ হাতৰ চাৰ্ট আৰু পেণ্ট পিন্ধিব লাগে।

* ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়া জ্বৰ হোৱা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক।

* মহৰ পৰা ৰক্ষা পাবলৈ ঔষধ বা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে।

* নিশা শোৱাৰ সময়ত মহৰ নেট ব্যৱহাৰ কৰাটো আটাইতকৈ নিৰাপদ বুলি গণ্য কৰা হয়।

* আপোনাৰ ৩-৪দিনলৈ উচ্চ জ্বৰৰ সমস্যা হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে তেজৰ পৰীক্ষা কৰক, যাতে সময়মতে সঠিকভাৱে নিৰ্ণয় কৰিব পৰা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ