--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীত কৰোনা ভাইৰাছৰ ঘটনা বৃদ্ধি পাব ধৰিছে।  মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দিল্লীত সংক্ৰমণ ৮২ শতাংশ বৃদ্ধি পাইছে।

মঙলবাৰে দিল্লীত নতুনকৈ আক্ৰান্ত হোৱা কৰো’না ভাইৰাছ ৰোগীৰ সংখ্যা আছিল ১,১১৮। ইয়াৰ তুলনাত সোমবাৰে নতুনকৈ আক্ৰান্ত হোৱা কৰো’না  ৰোগীৰ  সংখ্যা আছিল ৬১৪। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, মঙলবাৰে  দুজন ক’ভিড-১৯ ৰোগীৰ মৃত্যু হয়। সামগ্ৰিকভাৱে, চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞৰ এটা অংশৰ মতে, পৰিস্থিতি খুবেই উদ্বেগজনক। এই বছৰৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে দিল্লীত সংক্ৰমণ বৃদ্ধিৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল। পিছৰ পৰ্যায়ত, ই নিয়ন্ত্ৰণলৈ আহিছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, মঙলবাৰে দিল্লীত সংক্ৰমণৰ হাৰ ৬.৫ শতাংশ স্পৰ্শ কৰে। দৰাচলতে, প্ৰতিদিনে কৰা কভিড-১৯ পৰীক্ষাৰ  ভিতৰত, পজিটিভ অহা প্ৰতিবেদনৰ শতাংশক 'ইতিবাচকতাৰ হাৰ' বা সংক্ৰমণৰ হাৰ বুলি কোৱা হয়। অৱশ্যে, একেৰাহে তিনিদিন ধৰি, সমগ্ৰ দেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৮,০০০-ৰ ওপৰত আছিল, কিন্তু মঙলবাৰে, এই সংখ্যা ৬,৫০০ লৈ হ্ৰাস পাইছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ