--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাবাহিনীত নতুন সশস্ত্ৰ বাহিনীৰ নিযুক্তিৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। নতুন সশস্ত্ৰ বাহিনীৰ নামকৰণ কৰা হ’ব বলীউডৰ তাৰকা অমিতাভ বচ্চন অভিনীত নব্বৈৰ দশকৰ জনপ্ৰিয় ছবি ‘অগ্নিপথ’ৰ নামেৰে। মঙলবাৰে ভাৰত চৰকাৰৰ হৈ তিনিগৰাকী সেনা প্ৰধানে এইবিষয়ে ঘোষণা কৰিছে।

ভাৰত চৰকাৰৰ ‘অগ্নিপথ’ প্ৰকল্পৰ সন্দৰ্ভত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘এই সিদ্ধান্ত ঐতিহাসিক। দুই সপ্তাহ আগেয়ে এই প্ৰকল্পৰ কথা প্ৰধানমন্ত্ৰীক জনাইছিল তিনিগৰাকী সেনা প্ৰধানে। অৱশেষত, মঙলবাৰে এই প্ৰকল্পৰ নাম পোহৰলৈ আহিল। নতুন ‘অগ্নিপথ’ প্ৰকল্পত চাৰি বছৰৰ বাবে সেনা বাহিনীত নিযুক্তি দিয়া হ’ব জোৱানসকলক। এই প্ৰকল্পৰ অধীনত ১৭ৰ পৰা ২১ বছৰ বয়সৰ ৪৫ হাজাৰ ভাৰতীয়ই ভাৰতীয় সেনাবাহিনীত কাম কৰাৰ সুযোগ লাভ কৰিব বুলিও জানিবলৈ পোৱা গৈছে।

এই জোৱানসকলে চাৰি বছৰৰ প্ৰকল্পৰ বাবে সেনাবাহিনীত ছমাহৰ প্ৰশিক্ষণ লাভ কৰিব। প্ৰতিমাহে ৩০ৰ পৰা ৪০ হাজাৰ টকাৰ দৰমহা আৰু অন্যান্য ভাট্টাও প্ৰদান কৰা হ’ব জোৱানসকলক। খবৰ অনুসৰি, এই প্ৰকল্পটোক বিভিন্ন স্তৰত সমালোচিত হোৱাও দেখা গৈছে। এই প্ৰকল্পই আনকি সামৰিক বাহিনীৰ দেশপ্ৰেম আৰু পেছাদাৰীত্বত প্ৰভাৱ পেলাব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে ‌বহুজনে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু