--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংবেদনশীল লোকে চাব নোৱাৰা এটি ভয়ংকৰ দৃশ্য। জননীৰ বিৰুদ্ধে জিঘাংসু আচৰণ বিবাহিত কন্যাৰ ৷

দেশত আকৌ বীভৎস কাণ্ড। বুকু হেঁচি ধৰা যন্ত্ৰণাৰ নুফুটা চিঞৰ এগৰাকী মাতৃৰ অন্তৰত।‌ সন্তানৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ ওচৰত নিজকে সন্তৰ্পণে সমৰ্পণ কৰিছে মাতৃগৰাকীয়ে। তিনি মিনিটৰ এটা ভাইৰেল ভিডিঅ'ই বৰ্তমান শিৰোনাম দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ।‌ ভিডিঅ'টোত দেখা গৈছে এগৰাকী পাষাণ কন্যাৰ জিঘাংসু মনোবৃত্তি। মাতৃক পণবন্দী কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছে সন্তানে। যি দৃশ্য চালে অথবা দেখিলে বুকু কঁপি উঠিব যিকোনো সংবেদনশীল লোকৰ! 

বেটী বচাওঁ বেটী পঢ়াওঁৰ দৰে ৰাজনৈতিক শ্লগানৰ প্ৰতিধ্বনিৰ মাজত এই দেশৰে এগৰাকী জীয়ৰীৰ নিৰ্মম কাণ্ড ৷ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত এগৰাকী যুৱতীয়ে মাতৃক কামুৰি কামুৰি কৈছে - মই তোৰ তেজ খাম। মই তোৰ তেজ খাম। ভিডিঅ’টোত দেখা গৈছে মহিলাগৰাকীয়ে মাকৰ চুলিখিনি টানি আঁচুৰি শোধাইছে প্ৰচণ্ড চৰ। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো হাৰিয়ানাৰ হিছাৰৰ আজাদ নগৰৰ মডাৰ্ণ সাকেট কলনীৰ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ নাম ৰীতা আৰু মাতৃগৰাকীৰ নাম নিৰ্মলা দেৱী। 

যুৱতীগৰাকীৰ ভাতৃ অমৰদ্বীপ সিঙে জনোৱা মতে দুবছৰ পূৰ্বে তেওঁৰ ভগ্নীয়ে ৰাজগড়ৰ সমীপৰ এখন গাঁৱত বাস কৰা সঞ্জয় পুনিয়াক বিয়া কৰাইছিল যদিও কিছুদিনৰ পাছত মাতৃগৃহলৈ উভতি আহিছিল। পাছত সম্পত্তিৰ বাবে মাকক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে কন্যাই।

জীয়ৰীগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ সম্পত্তি ৬৫ লাখ টকাত বিক্ৰী কৰাৰো অভিযোগ তোলে ভাতৃয়ে। মাতৃক নিজৰ ঘৰত পণবন্দী কৰি ৰখাৰ আঁৰত বাকী ৰোৱা আন সকলো সম্পত্তিও তেওঁৰ নামত হস্তান্তৰ কৰাৰ উদ্দেশ্যে বুলি ভয়ংকৰ অভিযোগ ভাতৃৰ।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলিও তথ্য প্ৰকাশ পাইছে। এই ঘটনাৰ পাছত পুনৰ উঠিছে প্ৰশ্ন- পাৰ্থিৱ লোভ-আকাংক্ষাৰ বাবেই মানৱীয় গুণ আৰু প্ৰমূল্য লুপ্ত হৈছে নেকি একাংশ লোকৰ? এগৰাকী জীয়ৰীয়ে সম্পত্তিৰ বাবে মাতৃক কৰা অত্যাচাৰৰ এই ঘটনাক সমাজৰ অসুখ বুলি অভিহিত কৰিছে সচেতন লোকে। এই অসুখৰ অন্ত কেতিয়া? সেই প্ৰশ্নৰ উত্তৰ যেন এতিয়া সুদূৰপৰাহত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু