--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংবেদনশীল লোকে চাব নোৱাৰা এটি ভয়ংকৰ দৃশ্য। জননীৰ বিৰুদ্ধে জিঘাংসু আচৰণ বিবাহিত কন্যাৰ ৷

দেশত আকৌ বীভৎস কাণ্ড। বুকু হেঁচি ধৰা যন্ত্ৰণাৰ নুফুটা চিঞৰ এগৰাকী মাতৃৰ অন্তৰত।‌ সন্তানৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ ওচৰত নিজকে সন্তৰ্পণে সমৰ্পণ কৰিছে মাতৃগৰাকীয়ে। তিনি মিনিটৰ এটা ভাইৰেল ভিডিঅ'ই বৰ্তমান শিৰোনাম দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ।‌ ভিডিঅ'টোত দেখা গৈছে এগৰাকী পাষাণ কন্যাৰ জিঘাংসু মনোবৃত্তি। মাতৃক পণবন্দী কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছে সন্তানে। যি দৃশ্য চালে অথবা দেখিলে বুকু কঁপি উঠিব যিকোনো সংবেদনশীল লোকৰ! 

বেটী বচাওঁ বেটী পঢ়াওঁৰ দৰে ৰাজনৈতিক শ্লগানৰ প্ৰতিধ্বনিৰ মাজত এই দেশৰে এগৰাকী জীয়ৰীৰ নিৰ্মম কাণ্ড ৷ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত এগৰাকী যুৱতীয়ে মাতৃক কামুৰি কামুৰি কৈছে - মই তোৰ তেজ খাম। মই তোৰ তেজ খাম। ভিডিঅ’টোত দেখা গৈছে মহিলাগৰাকীয়ে মাকৰ চুলিখিনি টানি আঁচুৰি শোধাইছে প্ৰচণ্ড চৰ। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো হাৰিয়ানাৰ হিছাৰৰ আজাদ নগৰৰ মডাৰ্ণ সাকেট কলনীৰ বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ নাম ৰীতা আৰু মাতৃগৰাকীৰ নাম নিৰ্মলা দেৱী। 

যুৱতীগৰাকীৰ ভাতৃ অমৰদ্বীপ সিঙে জনোৱা মতে দুবছৰ পূৰ্বে তেওঁৰ ভগ্নীয়ে ৰাজগড়ৰ সমীপৰ এখন গাঁৱত বাস কৰা সঞ্জয় পুনিয়াক বিয়া কৰাইছিল যদিও কিছুদিনৰ পাছত মাতৃগৃহলৈ উভতি আহিছিল। পাছত সম্পত্তিৰ বাবে মাকক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে কন্যাই।

জীয়ৰীগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ সম্পত্তি ৬৫ লাখ টকাত বিক্ৰী কৰাৰো অভিযোগ তোলে ভাতৃয়ে। মাতৃক নিজৰ ঘৰত পণবন্দী কৰি ৰখাৰ আঁৰত বাকী ৰোৱা আন সকলো সম্পত্তিও তেওঁৰ নামত হস্তান্তৰ কৰাৰ উদ্দেশ্যে বুলি ভয়ংকৰ অভিযোগ ভাতৃৰ।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলিও তথ্য প্ৰকাশ পাইছে। এই ঘটনাৰ পাছত পুনৰ উঠিছে প্ৰশ্ন- পাৰ্থিৱ লোভ-আকাংক্ষাৰ বাবেই মানৱীয় গুণ আৰু প্ৰমূল্য লুপ্ত হৈছে নেকি একাংশ লোকৰ? এগৰাকী জীয়ৰীয়ে সম্পত্তিৰ বাবে মাতৃক কৰা অত্যাচাৰৰ এই ঘটনাক সমাজৰ অসুখ বুলি অভিহিত কৰিছে সচেতন লোকে। এই অসুখৰ অন্ত কেতিয়া? সেই প্ৰশ্নৰ উত্তৰ যেন এতিয়া সুদূৰপৰাহত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ