--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিশ্বৰ ভিতৰত দেশৰ গণতান্ত্ৰিক স্থিতি অৱনমিত হৈ অহাৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মঙলবাৰে এটা অনুষ্ঠানত তেওঁ কয় যে, ইৰাকৰ একনায়কত্ববাদী শাসক ছাদ্দাম হুছেইন আৰু লিবিয়াৰ শাসক মুৱাম্মাৰ গাড্ডাফীয়েও নিৰ্বাচনত জয়ী হৈছিল। তেওঁ কয়, ‘ছাদ্দাম হুছেইন আৰু গাড্ডাফীয়েও নিৰ্বাচনত জয়ী হৈছিল। এয়া এনে নহয় যে, তেওঁলোকক ভোট দিয়া নাছিল। কিন্তু ভোটক সুৰক্ষা দিয়াৰ বাবে তাত কোনো সাংবিধানিক গাঁঠনি নাছিল।’

আৰু পঢ়িব পাৰিব : বৰপেটা ৰোডত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২২ লাখ

ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক অশুতোষ ৱাষ্ণেয়, আন সদস্য তথা শিক্ষাৰ্থীৰ সৈতে হোৱা এটা অনলাইন বাৰ্তালাপত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে। এই কথোপকথনত তেওঁ কয়, ‘নিৰ্বাচন মানে কেৱল এটা সৰল ব্যৱস্থা নহয়, য’ত মানুহে যাব আৰু ভোটিং মেচিনৰ বুটাম দবাব। নিৰ্বাচন হৈছে এটা ‘নেৰেটিভ’। নিৰ্বাচন হৈছে দেশৰ সাংবিধানিক প্ৰতিষ্ঠানবোৰ সম্পৰ্কীয় এক বিষয়। দেশৰ ন্যায় ব্যৱস্থা নিকা কৰি ৰখা, সংসদক সুস্থ বিতৰ্কৰ স্থান কৰি থকাৰ দৰে বিষয়বোৰ নিৰ্বাচন সৈত জড়িত। এটা ভোটৰ হিচাপ কৰিবলৈ এইবোৰ কথা মনত ৰখা দৰকাৰ।’

আৰু পঢ়িব পাৰিব :কলগাছিয়াত ডাম্পাৰৰ দৌৰাত্ম্য! আহত ৩

ভাৰত এতিয়া আৰু গণতান্ত্ৰিক দেশ হৈ থকা নাই বুলি প্ৰকাশিত এখন প্ৰতিবেদনৰ আঁত ধৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে। ছুইডেনৰ এখন প্ৰতিষ্ঠানে ভাৰতত ‘নিৰ্বাচিত একনায়কত্ব’ চলি থকা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ দখলৰ পাছত ভাৰতত গণতান্ত্ৰিক স্বাধীনতা নিম্নগামী হোৱা বুলিও প্ৰকাশ পাইছিল। ইয়াৰ পাছতে কেন্দ্ৰক ধাৰাবাহিকভাৱে তীব্ৰ সমালোচনা কৰি আহিছে ৰাহুল গান্ধীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু