--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিশ্বৰ ভিতৰত দেশৰ গণতান্ত্ৰিক স্থিতি অৱনমিত হৈ অহাৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মঙলবাৰে এটা অনুষ্ঠানত তেওঁ কয় যে, ইৰাকৰ একনায়কত্ববাদী শাসক ছাদ্দাম হুছেইন আৰু লিবিয়াৰ শাসক মুৱাম্মাৰ গাড্ডাফীয়েও নিৰ্বাচনত জয়ী হৈছিল। তেওঁ কয়, ‘ছাদ্দাম হুছেইন আৰু গাড্ডাফীয়েও নিৰ্বাচনত জয়ী হৈছিল। এয়া এনে নহয় যে, তেওঁলোকক ভোট দিয়া নাছিল। কিন্তু ভোটক সুৰক্ষা দিয়াৰ বাবে তাত কোনো সাংবিধানিক গাঁঠনি নাছিল।’

আৰু পঢ়িব পাৰিব : বৰপেটা ৰোডত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২২ লাখ

ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক অশুতোষ ৱাষ্ণেয়, আন সদস্য তথা শিক্ষাৰ্থীৰ সৈতে হোৱা এটা অনলাইন বাৰ্তালাপত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে। এই কথোপকথনত তেওঁ কয়, ‘নিৰ্বাচন মানে কেৱল এটা সৰল ব্যৱস্থা নহয়, য’ত মানুহে যাব আৰু ভোটিং মেচিনৰ বুটাম দবাব। নিৰ্বাচন হৈছে এটা ‘নেৰেটিভ’। নিৰ্বাচন হৈছে দেশৰ সাংবিধানিক প্ৰতিষ্ঠানবোৰ সম্পৰ্কীয় এক বিষয়। দেশৰ ন্যায় ব্যৱস্থা নিকা কৰি ৰখা, সংসদক সুস্থ বিতৰ্কৰ স্থান কৰি থকাৰ দৰে বিষয়বোৰ নিৰ্বাচন সৈত জড়িত। এটা ভোটৰ হিচাপ কৰিবলৈ এইবোৰ কথা মনত ৰখা দৰকাৰ।’

আৰু পঢ়িব পাৰিব :কলগাছিয়াত ডাম্পাৰৰ দৌৰাত্ম্য! আহত ৩

ভাৰত এতিয়া আৰু গণতান্ত্ৰিক দেশ হৈ থকা নাই বুলি প্ৰকাশিত এখন প্ৰতিবেদনৰ আঁত ধৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে। ছুইডেনৰ এখন প্ৰতিষ্ঠানে ভাৰতত ‘নিৰ্বাচিত একনায়কত্ব’ চলি থকা বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ দখলৰ পাছত ভাৰতত গণতান্ত্ৰিক স্বাধীনতা নিম্নগামী হোৱা বুলিও প্ৰকাশ পাইছিল। ইয়াৰ পাছতে কেন্দ্ৰক ধাৰাবাহিকভাৱে তীব্ৰ সমালোচনা কৰি আহিছে ৰাহুল গান্ধীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ