--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতে কাহানিও বৰ্ণ বৈষম্যক লৈ আওকণীয়া মনোভাব গ্ৰহণ কৰা নাই আৰু ইয়াৰ বিৰুদ্ধে যুঁজ কৰিবলৈ প্ৰস্তুত। এই মন্তব্য কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। সংসদত এগৰাকী বিজেপি নেতাই উত্থাপন কৰা ৰশ্মি সামন্তৰ প্ৰসংগত এই মন্তব্য কৰে জয়শংকৰে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে প্ৰথমগৰাকী ভাৰতীয় হিচাপে নিৰ্বাচিত হোৱা ৰশ্মিয়ে বৰ্ণ বৈষম্য সম্পৰ্কীয় বিতৰ্কৰ বাবে পদত্যাগ কৰিবলগীয়া হৈছিল।

আৰু পঢ়িব পাৰিব : নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

তেওঁৰ ভালেমান ছ’চিয়েল মিডিয়া পোষ্টত বৰ্ণবাদী চিন্তা থকাৰ অভিযোগ উঠিছিল। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, ‘মহাত্মা গান্ধীৰ দেশ হিচাপে, আমি কেতিয়াও বৰ্ণ বৈষম্যক আওকাণ কৰিব নোৱাৰোঁ। বিশেষকৈ এনে এখন দেশত য’ত ভাৰতৰ বহু লোকে বাস কৰে। ইংলেণ্ডৰ সৈতে আমাৰ গভীৰ সম্পৰ্ক আছে। আমি সময় আহিলেই এনে বিষয় সন্দৰ্ভত স্পষ্টভাৱে পদক্ষেপ গ্ৰহণ কৰিম।’ ৰাজ্যসভাত এই মন্তব্য কৰে জয়শংকৰে।

তেওঁ লগতে কয়, ‘আমি সকলো বিষয় অতি গভীৰভাৱে নিৰীক্ষণ কৰি আছোঁ। যেতিয়াই প্ৰয়োজন হ’ব ইয়াৰ বিপক্ষে আমি থিয় দিম। বৰ্ণ বৈষম্য আৰু আন সকলোধৰণৰ অসহিষ্ণুতাৰ সৈতে যুঁজ কৰিবলৈ আমি সদা প্ৰস্তুত।’ উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ নেতা অশ্বিনী বৈষ্ণৱে ৰশ্মিৰ বিৰুদ্ধে হোৱা ‘চাইবাৰবুলিং’ (cyberbullying) অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে দিয়া ভাবুকিক গৰিহনা দিয়ে।

আৰু পঢ়িব পাৰিব : ১৭ বছৰত ১৯২বাৰ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা, কি হ’ল ফলাফল?

এয়া ঔপনিশেবিকতাবাদী মানসিকতাৰ প্ৰতিফল বুলি অভিহিত কৰি তেওঁ কয়, ‘তেওঁ সকলোধৰণৰ প্ৰত্যাহ্বানক জয় কৰি অক্সফ’ৰ্ডৰ ছাত্ৰ একতা সভাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি হৈছিল। কিন্তু তেওঁ কি অভিজ্ঞতাৰ সন্মুখীন হ’ল? এই বৈচিত্ৰ্যক আদৰণি জনোৱা উচিত নাছিলনে? তাৰ সলনি তেওঁ পদত্যাগ কৰিব লগাকৈ ভীতিগ্ৰস্ত কৰি তোলা হ’ল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ