--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতে কাহানিও বৰ্ণ বৈষম্যক লৈ আওকণীয়া মনোভাব গ্ৰহণ কৰা নাই আৰু ইয়াৰ বিৰুদ্ধে যুঁজ কৰিবলৈ প্ৰস্তুত। এই মন্তব্য কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। সংসদত এগৰাকী বিজেপি নেতাই উত্থাপন কৰা ৰশ্মি সামন্তৰ প্ৰসংগত এই মন্তব্য কৰে জয়শংকৰে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে প্ৰথমগৰাকী ভাৰতীয় হিচাপে নিৰ্বাচিত হোৱা ৰশ্মিয়ে বৰ্ণ বৈষম্য সম্পৰ্কীয় বিতৰ্কৰ বাবে পদত্যাগ কৰিবলগীয়া হৈছিল।

আৰু পঢ়িব পাৰিব : নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

তেওঁৰ ভালেমান ছ’চিয়েল মিডিয়া পোষ্টত বৰ্ণবাদী চিন্তা থকাৰ অভিযোগ উঠিছিল। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, ‘মহাত্মা গান্ধীৰ দেশ হিচাপে, আমি কেতিয়াও বৰ্ণ বৈষম্যক আওকাণ কৰিব নোৱাৰোঁ। বিশেষকৈ এনে এখন দেশত য’ত ভাৰতৰ বহু লোকে বাস কৰে। ইংলেণ্ডৰ সৈতে আমাৰ গভীৰ সম্পৰ্ক আছে। আমি সময় আহিলেই এনে বিষয় সন্দৰ্ভত স্পষ্টভাৱে পদক্ষেপ গ্ৰহণ কৰিম।’ ৰাজ্যসভাত এই মন্তব্য কৰে জয়শংকৰে।

তেওঁ লগতে কয়, ‘আমি সকলো বিষয় অতি গভীৰভাৱে নিৰীক্ষণ কৰি আছোঁ। যেতিয়াই প্ৰয়োজন হ’ব ইয়াৰ বিপক্ষে আমি থিয় দিম। বৰ্ণ বৈষম্য আৰু আন সকলোধৰণৰ অসহিষ্ণুতাৰ সৈতে যুঁজ কৰিবলৈ আমি সদা প্ৰস্তুত।’ উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ নেতা অশ্বিনী বৈষ্ণৱে ৰশ্মিৰ বিৰুদ্ধে হোৱা ‘চাইবাৰবুলিং’ (cyberbullying) অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে দিয়া ভাবুকিক গৰিহনা দিয়ে।

আৰু পঢ়িব পাৰিব : ১৭ বছৰত ১৯২বাৰ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা, কি হ’ল ফলাফল?

এয়া ঔপনিশেবিকতাবাদী মানসিকতাৰ প্ৰতিফল বুলি অভিহিত কৰি তেওঁ কয়, ‘তেওঁ সকলোধৰণৰ প্ৰত্যাহ্বানক জয় কৰি অক্সফ’ৰ্ডৰ ছাত্ৰ একতা সভাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি হৈছিল। কিন্তু তেওঁ কি অভিজ্ঞতাৰ সন্মুখীন হ’ল? এই বৈচিত্ৰ্যক আদৰণি জনোৱা উচিত নাছিলনে? তাৰ সলনি তেওঁ পদত্যাগ কৰিব লগাকৈ ভীতিগ্ৰস্ত কৰি তোলা হ’ল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু