--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত অধিক নিয়ন্ত্ৰিত হৈছে ক’ভিড সংক্ৰমণ। দেশৰ বিভিন্ন প্ৰান্তত আলক চলি থকাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে সুখবৰ। বিগত প্ৰায় ৩ মাহৰ ভিতৰত দেশত ক’ভিড সংক্ৰমণ সৰ্বনিম্ন হৈছে। বিগত ২৪ঘণ্টাত ৪০হাজাৰৰো কম সংক্ৰমিত ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩৯,৭৯৬জন ক’ভিড আক্ৰান্ত চিনাক্ত হয়।

বিগত ১৯ মাৰ্চৰ পাছত এদিনত চিনাক্ত হোৱা আক্ৰান্তৰ এয়াই সৰ্বনিম্ন সংখ্যা। বিগত ১৪ ঘণ্টাত ৭২৩জন আক্ৰান্তৰ মৃত্যু হৈছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৩,০৫,৮৫,২২৯লৈ বৃদ্ধি পাইছে। মৃতৰ সংখ্যা বৃদ্ধি পাইছে ৪,০২,৭২৮লৈ। দেশত এতিয়া সংক্ৰমিতৰ হাৰ হ্ৰাস পাইছে ২.৬১শতাংশলৈ। বিগত ২৮ দিনে এই হাৰ হ্ৰাস পাই আহিছে আৰু ৫ শতাংশৰ তলতে আছে।

ইফালে, দেশত আজিলৈকে ৩৫কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। দেশত এতিয়া কোভিশ্বিল্ড, কোভাক্সিন, স্পুটনিক ভি আৰু মডেৰ্না প্ৰতিষেধকেৰে টিকাকৰণ অভিযানক তীব্ৰতা দিবলৈ চেষ্টা কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ