--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত অধিক নিয়ন্ত্ৰিত হৈছে ক’ভিড সংক্ৰমণ। দেশৰ বিভিন্ন প্ৰান্তত আলক চলি থকাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে সুখবৰ। বিগত প্ৰায় ৩ মাহৰ ভিতৰত দেশত ক’ভিড সংক্ৰমণ সৰ্বনিম্ন হৈছে। বিগত ২৪ঘণ্টাত ৪০হাজাৰৰো কম সংক্ৰমিত ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩৯,৭৯৬জন ক’ভিড আক্ৰান্ত চিনাক্ত হয়।

বিগত ১৯ মাৰ্চৰ পাছত এদিনত চিনাক্ত হোৱা আক্ৰান্তৰ এয়াই সৰ্বনিম্ন সংখ্যা। বিগত ১৪ ঘণ্টাত ৭২৩জন আক্ৰান্তৰ মৃত্যু হৈছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৩,০৫,৮৫,২২৯লৈ বৃদ্ধি পাইছে। মৃতৰ সংখ্যা বৃদ্ধি পাইছে ৪,০২,৭২৮লৈ। দেশত এতিয়া সংক্ৰমিতৰ হাৰ হ্ৰাস পাইছে ২.৬১শতাংশলৈ। বিগত ২৮ দিনে এই হাৰ হ্ৰাস পাই আহিছে আৰু ৫ শতাংশৰ তলতে আছে।

ইফালে, দেশত আজিলৈকে ৩৫কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। দেশত এতিয়া কোভিশ্বিল্ড, কোভাক্সিন, স্পুটনিক ভি আৰু মডেৰ্না প্ৰতিষেধকেৰে টিকাকৰণ অভিযানক তীব্ৰতা দিবলৈ চেষ্টা কৰি থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক