--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক্ৰমাৎ শক্তিহীন হৈ পৰিছে এজন যুৱ নেতা। নিজৰ মানুহেই তেওঁৰ পিতৃয়ে গঢ়া দলত বিভাজন অনাৰ পাছত একপ্ৰকাৰ অসহায় হৈ পৰিছে নেতাগৰাকী। প্ৰয়াত পিতৃৰ জন্মদিনত সেইবাবে নেতাজনে দিছে তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি স্বীকাৰোক্তি। তেওঁ আনকি এতিয়া কাৰো ওচৰত শক্তি প্ৰদৰ্শন কৰিব পৰা স্থিতিত নাই বুলিও মন্তব্য কৰে। তেওঁ হৈছে বিহাৰৰ যুৱ নেতা তথা এনজেপিৰ প্ৰতিষ্ঠাতা ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱান।

লোক জনশক্তি পাৰ্টী (এলজেপি)ৰ নেতা চিৰাগ পাছোৱানে আজি ‘আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচী আৰম্ভ কৰে। পিতৃ প্ৰয়াত ৰাম বিলাস পাছোৱানৰ জন্মদিন উপলক্ষে এই কাৰ্যসূচী মুকলি কৰে চিৰাগ পাছোৱানে। জনগণৰ আশীৰ্বাদ লাভ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে বিহাৰৰ যুৱ নেতাজনে। তেওঁ কয়, ‘মই হাজীপুৰৰ পৰা এই আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছোঁ। কিয়নো এয়া আছিল মোৰ পিতৃৰ কৰ্মভূমি। আমি প্ৰতিখন জিলাতে এই যাত্ৰা অনুষ্ঠিত কৰিম। সকলোৰে আশীৰ্বাদ লাভ কৰাই আমাৰ লক্ষ্য।

কাৰো আগত শক্তি প্ৰদৰ্শন কৰাৰ যোগ্যতা এতিয়া মোৰ নাই। আপোন মানুহেই মোক বিশ্বাসঘাতকতা কৰিলে।’ খুড়াক পশুপতি কুমাৰ পাৰসৰ বিসম্বাদে দলটোত বিভাজন অনাৰ পৰিপ্ৰেক্ষিতত চিৰাগ পাছোৱানৰ ৰাজনৈতিক স্থিতি থৰ-বৰক হৈ পৰা দেখা গৈছে। আজিৰ এই যাত্ৰাৰ আৰম্ভণিতে তেওঁ কয়, ‘মই সিংহৰ সন্তান, কেতিয়াও শংকিত নহওঁ। যিমান লোকেই আমাক ভাঙিবলৈ চেষ্টা নকৰক কিয়।’ তেওঁ ‘পাছৱান’ নামেৰে এখন গ্ৰন্থও উন্মোচন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ