--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিগত কেইবাদিনত পুনৰ কৰ'নাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছিল যদিও কিছু পৰিমাণে হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ কৰে স্বাস্থ্য বিভাগে৷ অৱশ্যে দেৱালীৰ সময়ত নিয়ন্ত্ৰণত নাৰাখিলে দেশত কৰ’না পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১৪ হাজাৰ ৩৬জন লোক।

দেওবাৰে দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছিল ১৫ হাজাৰ ৯০৬ জন লোক। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৪৪৩জন ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত ৫৬১জন ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫৪ হাজাৰ ৭১২জন। বিগত ২৪ ঘণ্টাত দেশত কৰ’নাৰ পৰা আৰোগ্যলাভ কৰি ঘৰলৈ যোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ১৮হাজাৰ ৭৬২জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্যলাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৫লাখ ৬৭হাজাৰ ৩৬৭জন। আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১লাখ ৬৭হাজাৰ ৬৯৫ জন। এয়া বিগত ২৩৯দিনৰ ভিতৰত সৰ্বনিম্ন বুলি কোৱা হৈছে। ইপিনে বৰ্তমানলৈ দেশত ১০২ কোটি ২৭ লাখ ১২ হাজাৰ ৮৯৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী