--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিগত কেইবাদিনত পুনৰ কৰ'নাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছিল যদিও কিছু পৰিমাণে হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ কৰে স্বাস্থ্য বিভাগে৷ অৱশ্যে দেৱালীৰ সময়ত নিয়ন্ত্ৰণত নাৰাখিলে দেশত কৰ’না পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১৪ হাজাৰ ৩৬জন লোক।

দেওবাৰে দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছিল ১৫ হাজাৰ ৯০৬ জন লোক। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৪৪৩জন ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত ৫৬১জন ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫৪ হাজাৰ ৭১২জন। বিগত ২৪ ঘণ্টাত দেশত কৰ’নাৰ পৰা আৰোগ্যলাভ কৰি ঘৰলৈ যোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ১৮হাজাৰ ৭৬২জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্যলাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৫লাখ ৬৭হাজাৰ ৩৬৭জন। আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১লাখ ৬৭হাজাৰ ৬৯৫ জন। এয়া বিগত ২৩৯দিনৰ ভিতৰত সৰ্বনিম্ন বুলি কোৱা হৈছে। ইপিনে বৰ্তমানলৈ দেশত ১০২ কোটি ২৭ লাখ ১২ হাজাৰ ৮৯৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক