--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যিখন দেশত এসাঁজ ভাত যোগাৰ কৰিব নোৱাৰি অনাহাৰে অনেক লোকে দিন কটায় সেইখন দেশতে এক কেজি মাছৰ দাম ৪৫ হাজাৰকৈ দি ভাত খোৱা মানুহো আছে। এক কেজি মাছৰ দাম ৪৫ হাজাৰ বুলি ক'লে শুনিবলৈ আচহুৱা যেন লাগে নহয়নে? আচহুৱা বা অবিশ্বাস্য যেন লাগিলেও এয়াই পিছে সত্য। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ সুন্দৰবনত এক কিলোগ্ৰাম মাছ বিক্ৰি হৈছে ৪৫ হাজাৰ টকাকৈ। পিছে কিয় ইমান দামী এই মাছ?

সুন্দৰবনত কাচিৎহে এই মাছবিধ পোৱা যায়। সেয়েহে ইয়াক অতি দুৰ্লভ প্ৰজাতিৰ মাছ বুলি গণ্য কৰা হয়। মাছবিধৰ নাম হৈছে কেনিং মাছ। কেনিং মাছৰ আছে বহু ঔষধি গুণ। শেহতীয়াকৈ এটা বৃহৎ আকাৰৰ কেনিং মাছমৰীয়াৰ জালত উঠিল। সাত ফুট দৈৰ্ঘৰ এই মাছটোৰ ওজন ৭৮ কিলোগ্ৰাম। অতিকায় মাছটো লৈ অনা হ’ল সুন্দৰবনৰ বজাৰলৈ। ইমান বিশাল আকৃতিৰ মাছ বজাৰলৈ অহাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিল। মাছটো চাবলৈ অগণন লোকে ভিৰ কৰি হেতাওপৰা লগালে।

আপুৰুগীয়া কেনিং

আৰু পঢ়কঃ শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলেই ড্ৰাগছ চেনি হৈ পৰিব! কোন মন্ত্ৰীৰ এই মন্তব্য?

মাছমৰীয়াসকলে ইয়াৰ মূল্য কেইবালাখ টকা হ’ব বুলি ধাৰণা কৰিছিল। বজাৰলৈ নিয়াৰ পিছতে ক্ৰেতাই মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিলে। অৱশেষত প্ৰতি কিলোগ্ৰামত ৪৫ হাজাৰ টকাকৈ মাছটো বিক্ৰী হয়। ৭৮ কেজিৰ মাজটো কটা-বচাৰ পাছত অতি সোনকালে এক কেজি, এক কেজিকৈ কিনি ঘৰলৈ লৈ যায় ধনী ধনী গ্ৰাহকসকলে। বহু লোকে মাছটোৰ সোৱাদৰ পৰা বঞ্চিত হ'ল যদিও আপুৰুগীয়া কেনিং মাছটোৰ ফটো মোবাইলত বন্দী কৰাতে সন্তুষ্ট থাকিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি