--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত বৃদ্ধি পাইছে কৃষকৰ আত্মহত্যাৰ ঘটনা। উত্তৰ প্ৰদেশৰ এগৰাকী কৃষকে আত্মহত্যা কৰাৰ পিছতে এইবাৰ আত্মহত্যা কৰিলে মধ্যপ্ৰদেশৰ আন এগৰাকী কৃষকে। দেশৰ এক বৃহৎ অঞ্চলৰ কৃষকে বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত জোৰদাৰ আন্দোলন চলাই থকাৰ পৰতে এইদৰে দুদিনৰ ব্যৱধানতে দুগৰাকী কৃষকে আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।


যোৱা বুধবাৰে উত্তৰ প্ৰদেশৰ অউৰইয়া জিলাৰ সুখৰাম ভদৌৰিয়া নামৰ এগৰাকী ৪৫ বছৰীয়া কৃষকে চিপজৰী লৈ আত্মহত্যা কৰিছিল। বেংকৰ পৰা লোৱা ৫০ হেজাৰ টকাৰ ঋণ সোনকালেই পৰিশোধৰ জাননী লাভ কৰাৰ পিছতেই দৰিদ্ৰ কৃষকজনে আত্মহত্যা কৰিলে বুলি দাবী কৰে তেওঁৰ পৰিয়ালৰ লোকে।
ইয়াৰ দুদিন পিছতে, অৰ্থাৎ শনিবাৰে মধ্যপ্ৰদেশৰ খৰগোন জিলাৰ এগৰাকী ৩৭ বছৰীয়া কৃষক জীতেন্দ্ৰ পাতিদাৰেও আত্মহত্যা কৰে। মূৰত প্ৰায় ১০-১২ লাখ টকা ঋণৰ বোজা থকাৰ উপৰিও জীতেন্দ্ৰই বিগত বৰ্ষত খৰাঙৰ বাবে কৃষিকাৰ্যত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছিল।


এইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া সঘনে আহিব ধৰিছে কৃষকৰ আত্মহত্যাৰ খবৰ। যিখন চৰকাৰৰ শাসন কালত হেজাৰ হেজাৰ কোটি টকাৰ ঋণ লৈ উদ্যোগপতি, ব্যৱসায়ীয়ে দেশ এৰি পলায়ন কৰিছে সেই সময়ত এই দেশৰেই কৃষকে আকৌ মাথোঁ ৫০ হেজাৰ টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি অত্মহত্যা কৰিবলগীয়া হৈছে। এনে আত্মহত্যাৰ খবৰে কোনোবাখিনিত আমাৰ প্ৰচলিত ব্যৱস্থাই পৃষ্ঠপোষকতা কৰা বৈষম্যৰ ছৱিখনো যেন উদঙাই দিছে।এনে সময়তে বহুতে প্ৰশ্ন কৰিছে, বিদেশত কেনে আছে হেজাৰ হেজাৰ কোটি টকা ঋণ লৈ দেশ এৰি পলাই যোৱা বিজয় মালিয়া? তেওঁৰ কব্জাৰ পৰা ৰাইজৰ কৰৰ ধন উদ্ধাৰ কৰিবলৈ কি ব্যৱস্থা হাতত লৈছে চৰকাৰে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক