--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত বৃদ্ধি পাইছে কৃষকৰ আত্মহত্যাৰ ঘটনা। উত্তৰ প্ৰদেশৰ এগৰাকী কৃষকে আত্মহত্যা কৰাৰ পিছতে এইবাৰ আত্মহত্যা কৰিলে মধ্যপ্ৰদেশৰ আন এগৰাকী কৃষকে। দেশৰ এক বৃহৎ অঞ্চলৰ কৃষকে বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত জোৰদাৰ আন্দোলন চলাই থকাৰ পৰতে এইদৰে দুদিনৰ ব্যৱধানতে দুগৰাকী কৃষকে আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।


যোৱা বুধবাৰে উত্তৰ প্ৰদেশৰ অউৰইয়া জিলাৰ সুখৰাম ভদৌৰিয়া নামৰ এগৰাকী ৪৫ বছৰীয়া কৃষকে চিপজৰী লৈ আত্মহত্যা কৰিছিল। বেংকৰ পৰা লোৱা ৫০ হেজাৰ টকাৰ ঋণ সোনকালেই পৰিশোধৰ জাননী লাভ কৰাৰ পিছতেই দৰিদ্ৰ কৃষকজনে আত্মহত্যা কৰিলে বুলি দাবী কৰে তেওঁৰ পৰিয়ালৰ লোকে।
ইয়াৰ দুদিন পিছতে, অৰ্থাৎ শনিবাৰে মধ্যপ্ৰদেশৰ খৰগোন জিলাৰ এগৰাকী ৩৭ বছৰীয়া কৃষক জীতেন্দ্ৰ পাতিদাৰেও আত্মহত্যা কৰে। মূৰত প্ৰায় ১০-১২ লাখ টকা ঋণৰ বোজা থকাৰ উপৰিও জীতেন্দ্ৰই বিগত বৰ্ষত খৰাঙৰ বাবে কৃষিকাৰ্যত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছিল।


এইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া সঘনে আহিব ধৰিছে কৃষকৰ আত্মহত্যাৰ খবৰ। যিখন চৰকাৰৰ শাসন কালত হেজাৰ হেজাৰ কোটি টকাৰ ঋণ লৈ উদ্যোগপতি, ব্যৱসায়ীয়ে দেশ এৰি পলায়ন কৰিছে সেই সময়ত এই দেশৰেই কৃষকে আকৌ মাথোঁ ৫০ হেজাৰ টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি অত্মহত্যা কৰিবলগীয়া হৈছে। এনে আত্মহত্যাৰ খবৰে কোনোবাখিনিত আমাৰ প্ৰচলিত ব্যৱস্থাই পৃষ্ঠপোষকতা কৰা বৈষম্যৰ ছৱিখনো যেন উদঙাই দিছে।এনে সময়তে বহুতে প্ৰশ্ন কৰিছে, বিদেশত কেনে আছে হেজাৰ হেজাৰ কোটি টকা ঋণ লৈ দেশ এৰি পলাই যোৱা বিজয় মালিয়া? তেওঁৰ কব্জাৰ পৰা ৰাইজৰ কৰৰ ধন উদ্ধাৰ কৰিবলৈ কি ব্যৱস্থা হাতত লৈছে চৰকাৰে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান