--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰৰ সংসদৰ দ্বাৰা গৃহীত হোৱা ৩খন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন সামান্য পৰিমাণেও স্তিমিত হোৱা নাই। ক্ষুব্ধ কৃষকসকলে আৰম্ভণিৰ পৰা উত্থাপন কৰা দাবীসমূহক লৈ আজিও অটল হৈ ৰৈছে। বৰ্তমান দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কেন্দ্ৰৰ বিতৰ্কিত তিনিখন কৃষি আইনত সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰি ৰাখিছে। দেশৰ কৃষকসকলে গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে কৃষি আইনকেইখনক বাতিল কৰিবলৈ বিভিন্ন কৌশল অৱলম্বনেৰে বৰ্তমানেও প্ৰতিবাদ অব্যাহত ৰাখিছে।


শনিবাৰে ৰাজধানী চহৰ দিল্লীত মুষলধাৰ বৰষুণৰ বাবে স্তদ্ধ হৈ পৰিছিল সাধাৰণ জনজীৱন। ৰাজধানী চহৰখনত হোৱা বৰষুণে বিগত ৪৬ বছৰত হোৱা বৰষুণৰ সৰ্বাধিক মাত্ৰা অতিক্ৰম কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে চহৰখনত 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছিল। তেনে পৰিপ্ৰক্ষিততো দিল্লীত চলি থকা বিভিন্ন কৃষক সংগঠনৰ আন্দোলন সামান্য পৰিমাণেও স্তব্ধ নহ'ল। শনিবাৰে দিল্লীত ধাৰাষাৰ বৰষুণৰ মাজতো ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে সমৰ্থকসকলৰ সৈতে দিল্লী- উত্তৰ প্ৰদেশৰ সীমান্তৰ গাজীপুৰৰ এখন উৰণীয়া সেতু ওপৰত পানীৰ মাজতে প্ৰতিবাদ কৰি থকা দেখা পোৱা গ’ল। টিকাইটে কয় যে, কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি কৃষকসকলে ভয় নাখায় আৰু চৰকাৰে তিনিখন বিতৰ্কিত আইন প্ৰত্যাহাৰ নকৰালৈকে কৃষক আন্দোলন সমাপ্ত নহ'ব।
ইফালে প্ৰতিবাদকাৰীসকলেও তীব্ৰ বৰষুণৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত সীমান্ত অঞ্চলত প্ৰতিবাদকাৰীসকলে স্থাপন কৰা তম্বুসমূহত বৰষুণৰ পানী ভৰি পৰিছে আৰু তাত প্ৰতিবাদকাৰীসকল অৱস্থান কৰিবৰ বাবেও বৰ্তমান উপযোগী হৈ থকা নাই। তাৰ মাজতো প্ৰতিবাদ অব্যাহত থকাটোৱে কৃষক আন্দোলনৰ তীব্ৰতাকে প্ৰতিফলিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক