--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ জিলা দণ্ডাধীশ বিনীত কুমাৰ এতিয়া আছে সংবাদ শীৰ্ষত। কাৰণ তেওঁ জাৰি কৰা এক তালিবানী সদৃশ ফটোৱা। নিজৰ নিৰ্দেশত তেওঁ কয়, “ টি চাৰ্ট আৰু জিন্স পৰিহিত কিছুসংখ্যক জিলা পৰ্যায়ৰ বিষয়া আৰু কৰ্মচাৰী জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকলৈ অহা মই দেখি আছো। এগৰাকী চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এনেধৰণৰ সাজ-পোছাক একেবাৰেই খাপ নাখায়”।


লগতে তেওঁ লিখে, “ কাৰ্যালয়ত টি ছাৰ্ট আৰু জিঞ্চ পৰিধান কৰিলে কেৱল ‘ভুল বাৰ্তা’ই প্ৰেৰণ কৰা নহয়, কাৰ্যালয়ৰ ভাবমূৰ্তিও ম্লান পৰে”।
বিনীত কুমাৰে তেওঁৰ আদেশনামাত লিখে, “ কৰ্মচাৰীসকলক শালীনভাৱে পোছাক পৰিধান কৰি কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আদেশ কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ হ’ব সংশ্লিষ্ট বিভাগৰ মুৰব্বী গৰাকী। এই আদেশ কাৰ্যকৰী নহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।


সম্ভৱত বাগেশ্বৰেই উত্তৰাখণ্ডৰ প্ৰথমখন জিলা য’ত ইমান কঠোৰভাৱে পোছাক বিধি আৰোপ কৰা হৈছে। বছৰচেৰেক পূৰ্বে উধম সিঙ নগৰৰ এগৰাকী জিলা দণ্ডাধীশেও অনুৰূপ আদেশ জাৰি কৰিছিল। কিন্তু এই আদেশ কাৰ্যকৰী কৰাৰ কেইঘণ্টামানৰ পিছতেই জিলা দণ্ডাধীশগৰাকীক বদলি কৰা হয়।

অৱশ্যে কৰ্মচাৰী সংগঠনসমূহে বাগেশ্বৰৰ জিলা দণ্ডাধীশৰ এই আদেশক স্বাগতম জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক