--°C
Loading...
Listen to Article
2 min read
80%
''মনে যদি টোকে চকুলো
নিচুকাই দিবানে অ' দেউতা
সপোনে যদি হেৰাই ঠিকনা
বিচাৰি দিবানে অ' দেউতা''

দেউতা...পৃথিৱীৰ এক মধুৰতম শব্দ। মাতৃত্ব যেনেদৰে প্ৰত্যেক নাৰীৰ বাবে পৰম আকাংক্ষিত ঠিক তেনেদৰেই পিতৃত্বও প্ৰত্যেক পুৰুষৰ বাবে এক গৌৰৱৰ বিষয়। পিতৃত্বৰ অধিকাৰী হৈ প্ৰত্যেক পুৰুষ নিজ সন্তানৰ বাবে হৈ পৰে বটবৃক্ষ স্বৰূপ। যাৰ ছাঁত জিৰাই সন্তানে বুলে জীৱনৰ বাট। দেউতা মানেই এক বিশাল পৰিধি যাক ভাষাৰে বা কথাৰে প্ৰকাশ কৰা অতি কঠিন। দেউতা মানেই জীৱনৰ প্রথম খােজৰ প্রকৃত বন্ধুজন। 

আজি ১৯ জুন। আজিৰ দিনটো প্ৰত্যেকজন পিতৃৰ নামত উৎসৰ্গিত। সন্তান আৰু পিতৃ মাজৰ সম্পৰ্ক মধুৰ কৰিবলৈ ইউৰোপীয় দেশসমূহত মধ্য যুগৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই পিতৃ দিৱস সোনোৰা স্মাৰ্ট ডডে আৰম্ভণি কৰিছিল আৰু ১৯১০ চনত প্ৰথম বাৰলৈ জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোক পিতৃ দিৱস হিচাপে পালন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই দিনটোতে সমগ্ৰ বিশ্বত পিতৃ দিৱস পালন কৰি অহা হৈছে। সন্তানৰ বাবে পিতৃয়ে সকলো কৰিবলৈ সদা প্ৰস্তুত থাকে। পকেটত টকা থাকক বা নাথাকক সন্তানে যদি কিবা এটা বস্তু বিচাৰে পিতৃয়ে যেনেদৰে হ'লেও সেই বস্তুটো সন্তানৰ হাতত তুলি দিবই দিব। নিজে নাখায়েও সন্তানক খোৱায়...নিজে নিপিন্ধিও সন্তানক পিন্ধায়...পৃথিৱীৰ প্ৰত্যেক পিতৃয়েই পালন কৰে এই ধৰ্ম। 

দেউতা মানে এক বিশাল নিৰাপত্তা, দেউতা মানে অদম্য সাহস, দেউতা মানেই কেতিয়াও মুকলিকৈ মৰম প্ৰকাশ কৰিব নজনা অথচ অযুত মৰমেৰে সামৰি-সাবটি ৰখা এজন মানুহ। সৰুতে প্ৰত্যেক ল'ৰা-ছোৱালীয়ে এটা প্ৰশ্নৰ সন্মুখীন হয়-''তোমাক কোনে বেছি মৰম কৰে? মা নে দেউতাই?'' বহুতে টপৰাই কোনোবা এজনক বাচনি কৰি দিয়ে যদিও বহু শিশুৰ বাবে এয়া এক কঠিন প্ৰশ্ন হৈ ধৰা দিয়ে কাৰণ সিহঁতৰ মনত যে দুয়োজনেই সমান। কেনেকৈ বাচনি কৰে এজনক! মাতৃয়ে যদি আলফুলে ভাত সানি খুৱাই দিয়ে আনহাতে পিতৃয়ে গধূলি কামৰ পৰা আহি হাতত তুলি দিয়ে প্ৰিয় চকলেটটো। সেয়েহে তেনে শিশুৱে দুয়োজনে সমানে মৰম কৰে বুলি উত্তৰ দিয়ে। 

প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক অদমনীয় ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকে ঠিক তেনেদৰে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, সন্তানক কিদৰে মানুহ ৰূপে গঢ়ি তুলিব পাৰি তাৰ চিন্তাত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা পাৰ কৰে। সকলোৰে দেউতাকে নিজৰ বহু আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা লুকুৱাই ৰাখি সন্তানৰ এই দিশবোৰ পূৰণ কৰাৰ বাবে আগভাগ লয়। নিজ সন্তান আৰু পৰিয়ালক সুখী কৰাৰ স্বাৰ্থত প্ৰত্যেক পিতৃয়েই অবিৰত সংগ্ৰাম কৰে। দেউতা মানেই এজন সংগ্ৰামী মানুহ। নিজে দুখ সহ্য কৰিও সন্তানক পৃথিবীৰ সকলো সুখ আনন্দ দিব বিচৰা মানুহজনৰ নামেই দেউতা। দেউতা মানে সেইজন মানুহ যাৰ ঋণ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰো। 

সন্তান আৰু পিতৃৰ সম্বন্ধ প্ৰকাশ কৰাৰ বাবে এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাথাকে যদিও এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে।ছ’চিয়েল মিডিয়াত মাত্ৰ দেউতাৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি হেপী ফাডাৰ্ছ ডে’ বুলি লিখিয়েই দায়িত্ব নাসামৰিব। এই দিনটোত পৃথিৱীৰ প্ৰত্যেকজন পিতৃয়ে নিজকে বিশেষ যেন অনুভৱ কৰিবলৈ সুযোগ পায়। এই বিশেষ দিনটোত তেখেতক সকলো ফালৰ পৰা সুখী কৰিবলৈ চেষ্টা চলাব লাগে। পিতৃয়ে ভাল পোৱা যিকোনো এটা বস্তু তেওঁক আজি উপহাৰ হিচাপে প্ৰদান কৰিলে চাবচোন তেওঁৰ মুখত কেনেদৰে ফুটি উঠিব এটি নিৰ্মল হাঁহি। যি হাঁহিয়ে আপোনাক প্ৰদান কৰিব অনিৰ্বচনীয় আনন্দ। ''এহ মোকনো এইবোৰ কিয় দিব লাগে'' বুলি মুখেৰে ক'লেও সন্তানে দিয়া উপহাৰত তেওঁৰ বুকুখনো এক প্ৰাপ্তিৰ আনন্দত উপচ খাই পৰিব। এই বিশেষ দিনটোত পিতৃৰ মন পচন্দৰ এসাঁজ ৰান্ধি খুৱাই বা বাহিৰত এসাঁজ ভালকৈ খোৱাটোৱে হয়তো পিতৃক সুখী কৰি তুলিব পাৰে। 

আপুনি এবাৰ চিন্তা কৰকচোন ম'বাইল ফোনৰ প্ৰতি থকা অহেতুক আসক্তি বা ছ’চিয়েল মিডিয়াৰ ধামখুমীয়াত আপুনি হয়তো বহুদিন দেউতাৰ সৈতে মুকলিকৈ কথা পতা নাই। যাওক ক্ষন্তেক তেওঁৰ কাষত বহক। তেওঁৰ লগত সুখ-দুখৰ কথা পাতক। চাবচোন দেউতাৰ কি যে আনন্দ লাগিব আৰু দেউতাৰ আনন্দত আপোনাৰ মনটোও এক বুজাব নোৱাৰা আৱেগত নাচি উঠিব। যি এতিয়াও পিতৃৰ মৰম পাই আছে তেওঁৰ সমান ভাগ্যশালী হয়তো কোনো নাই আৰু যিয়ে পিতৃক হেৰুৱাইছে তেওঁ বুজে এই বেদনা কিমান গধুৰ। গতিকে সময় থাকোতেই দেউতাক এজন পিতৃ হিচাপে দিবলগীয়া সকলো মৰ্যাদা প্ৰদান কৰক তেতিয়াহে হয়তো এজন সন্তান হিচাপে আপোনাৰ সাৰ্থকতা প্ৰকাশ পাব। পৃথিৱীৰ প্ৰতিজন পিতৃয়েই কুশলে থাকক..দীৰ্ঘায়ু হওক, সন্তানৰ আদৰ-আপডালত জীৱন জীয়াই যাওক এয়াই পিতৃ দিৱসত আন্তৰিক শুভকামনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ