--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ নিৰ্ণায়ক টেষ্টত শোচনীয় পৰাজয়ৰ পিছত টি-২০ শৃংখলাত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। বৃহস্পতিবাৰে চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতে প্ৰথম টি-২০ত ইংলেণ্ডক ৫০ ৰানত পৰাস্ত কৰে।  ক'ভিডৰ বাবে এজবাষ্টন টেষ্টৰ পৰা বাহিৰ হ'বলগীয়া হোৱা ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ক'ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছত প্ৰথমখন টি-২০ৰ যোগেৰে পুনৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে প্ৰত্যাবৰ্তন কৰে। প্ৰত্যাবৰ্তন মেচতে ৰোহিত শৰ্মাই ঈৰ্ষণীয় সফলতাৰে টি-২০ ক্ৰিকেটত এক বৃহৎ মাইলষ্ট’ন স্পৰ্শ কৰে।

যোৱা বছৰত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলীয়ে পদত্যাগ কৰাৰ পিছত ৰোহিত শৰ্মাক দলৰ নেতৃত্বৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে অধিনায়ক হিচাপে যথেষ্ট সাফল্য অৰ্জন কৰিছে ৰোহিত শৰ্মাই। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰোহিত শৰ্মাই বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ ত এক নতুন ৰেকৰ্ড স্থাপন কৰে। 

বৃহস্পতিবাৰৰ মেচখনত দৰ্শনীয় বিজয়ৰ পিছত ৰোহিত শৰ্মা ধাৰাবাহিকভাৱে ১৩ খন টি-২০ মেচত জয় লাভ কৰা প্ৰথম অধিনায়ক হিচাপে পৰিগণিত হয়। উল্লেখ্য যে বিৰাট কোহলীৰ পদত্যাগৰ পিছত পূৰ্ণ-সময়ৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়ক হিচাপে এইপৰ্যন্ত এখনো টি-২০ মেচত পৰাজয়ৰ সোৱাদ লাভ কৰা নাই। 

অধিনায়ক পদত নিযুক্তি লাভৰ পিছত ৰোহিত শৰ্মাই ক্ৰমাগতভাৱে বাংলাদেশ, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছে। আনহাতে শেহতীয়াকৈ অনুষ্ঠিত হোৱা দক্ষিণ আফ্ৰিকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছিল। 

এই অভিলেখৰ উপৰিও ৰোহিত শৰ্মাই অধিনায়ক হিচাপে টি-২০ ক্ৰিকেটত দ্ৰুততম ১,০০০ ৰানৰ নতুন অভিলেখ স্থাপন কৰে। এই ক্ষেত্ৰত ৰোহিত শৰ্মাই অতিক্ৰম কৰে সতীৰ্থ খেলুৱৈ তথা ভাৰতীয় দলৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলীক। কোহলীয়ে ৩০ টা ইনিংছত ১,০০০ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ৰোহিতে ২৯ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। 

উল্লেখ্য যে ভাৰতে বৃহস্পতিবাৰৰ মেচখনত বেটে-বলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক ৫০ ৰানত পৰাস্ত কৰে। দলৰ জয়ত মুখ্য ভূমিকা লোৱা হাৰ্দিক পাণ্ডিয়াই অলৰাউণ্ড প্ৰদৰ্শনেৰে ৫৩ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে ইংলেণ্ডৰ ইনিংছৰ চাৰিটা গুৰুত্বপূৰ্ণ উইকেটো দখল কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ’ব। 

প্ৰথমখন টি-২০ ত বিশ্ৰাম দিয়া জেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু ঋষভ পণ্ট দ্বিতীয় আৰু তৃতীয় মেচৰ বাবে ভাৰতীয় দললৈ ঘূৰি আহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ