--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ নিৰ্ণায়ক টেষ্টত শোচনীয় পৰাজয়ৰ পিছত টি-২০ শৃংখলাত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। বৃহস্পতিবাৰে চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতে প্ৰথম টি-২০ত ইংলেণ্ডক ৫০ ৰানত পৰাস্ত কৰে।  ক'ভিডৰ বাবে এজবাষ্টন টেষ্টৰ পৰা বাহিৰ হ'বলগীয়া হোৱা ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ক'ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছত প্ৰথমখন টি-২০ৰ যোগেৰে পুনৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে প্ৰত্যাবৰ্তন কৰে। প্ৰত্যাবৰ্তন মেচতে ৰোহিত শৰ্মাই ঈৰ্ষণীয় সফলতাৰে টি-২০ ক্ৰিকেটত এক বৃহৎ মাইলষ্ট’ন স্পৰ্শ কৰে।

যোৱা বছৰত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলীয়ে পদত্যাগ কৰাৰ পিছত ৰোহিত শৰ্মাক দলৰ নেতৃত্বৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে অধিনায়ক হিচাপে যথেষ্ট সাফল্য অৰ্জন কৰিছে ৰোহিত শৰ্মাই। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰোহিত শৰ্মাই বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ ত এক নতুন ৰেকৰ্ড স্থাপন কৰে। 

বৃহস্পতিবাৰৰ মেচখনত দৰ্শনীয় বিজয়ৰ পিছত ৰোহিত শৰ্মা ধাৰাবাহিকভাৱে ১৩ খন টি-২০ মেচত জয় লাভ কৰা প্ৰথম অধিনায়ক হিচাপে পৰিগণিত হয়। উল্লেখ্য যে বিৰাট কোহলীৰ পদত্যাগৰ পিছত পূৰ্ণ-সময়ৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়ক হিচাপে এইপৰ্যন্ত এখনো টি-২০ মেচত পৰাজয়ৰ সোৱাদ লাভ কৰা নাই। 

অধিনায়ক পদত নিযুক্তি লাভৰ পিছত ৰোহিত শৰ্মাই ক্ৰমাগতভাৱে বাংলাদেশ, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছে। আনহাতে শেহতীয়াকৈ অনুষ্ঠিত হোৱা দক্ষিণ আফ্ৰিকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছিল। 

এই অভিলেখৰ উপৰিও ৰোহিত শৰ্মাই অধিনায়ক হিচাপে টি-২০ ক্ৰিকেটত দ্ৰুততম ১,০০০ ৰানৰ নতুন অভিলেখ স্থাপন কৰে। এই ক্ষেত্ৰত ৰোহিত শৰ্মাই অতিক্ৰম কৰে সতীৰ্থ খেলুৱৈ তথা ভাৰতীয় দলৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলীক। কোহলীয়ে ৩০ টা ইনিংছত ১,০০০ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে ৰোহিতে ২৯ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। 

উল্লেখ্য যে ভাৰতে বৃহস্পতিবাৰৰ মেচখনত বেটে-বলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক ৫০ ৰানত পৰাস্ত কৰে। দলৰ জয়ত মুখ্য ভূমিকা লোৱা হাৰ্দিক পাণ্ডিয়াই অলৰাউণ্ড প্ৰদৰ্শনেৰে ৫৩ ৰানৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে ইংলেণ্ডৰ ইনিংছৰ চাৰিটা গুৰুত্বপূৰ্ণ উইকেটো দখল কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ’ব। 

প্ৰথমখন টি-২০ ত বিশ্ৰাম দিয়া জেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু ঋষভ পণ্ট দ্বিতীয় আৰু তৃতীয় মেচৰ বাবে ভাৰতীয় দললৈ ঘূৰি আহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা