--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৱল কিছুমান তথ্য বিশ্লেষণ বা বিচাৰ কৰি ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলীৰ অৱদান  জুখিব পৰাটো এক কঠিন কাম।  টিম ইণ্ডিয়াৰ নেতৃত্ব দিয়া আৰু এতিয়ালৈকে অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলীয়ে ৰাষ্ট্ৰীয় দলৰ মনোভাৱ সলনি কৰাই নহয় আগন্তুক অধিনায়কসকলৰ বাবে এক সুদৃঢ় ভেটিও গঢ়ি তুলিলে। আজি ‘মহাৰাজ’ৰ ৫০ সংখ্যক জন্মদিন । ভাৰতত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম সৌৰভ গাংগুলীয়ে আজি ৮ জুলাইত ৫০ বছৰ সম্পূৰ্ণ কৰিছে।সততে ‘দাদা’ বুলি কোৱা ভাৰতীয় কিংবদন্তিগৰাকী আছিল এজন আড়ম্বৰপূৰ্ণ বেটছমেন, নিৰ্ভীক নেতা, আৰু এজন মহান গুৰু। ভাৰতীয় ক্ৰিকেটত বিপ্লৱ‌ সূচনা কৰা ব্যক্তি হিচাপে  গণ্য কৰা হয় সৌৰভ গাংগুলীক। গাংগুলীয়ে দলটোত জগাই তোলা যুঁজাৰু মনোভাৱ আৰু আত্মবিশ্বাস ফলতে ভাৰতীয় দলে আজি বিভিন্ন সময়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সভাপতি। ২০১৯ চনতে তেওঁ এই দায়িত্ব গ্ৰহণ কৰিছিল আৰু ভাৰতীয় ক্ৰিকেটৰ মংগলৰ বাবে তেওঁ দৃঢ়তাৰে কাম কৰিছে।

ইয়াৰ পূৰ্বে তেওঁ ১৯৯২ চনৰ জানুৱাৰী মাহত ব্রিজবেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটাই ১৫ বছৰলৈকে ভাৰতৰ সেৱা কৰিছিল৷ ১৯৯৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে আইকনিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত  চেঞ্চুৰী অৰ্জন কৰি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। 

২০০৪ চনত সৌৰভৰ নেতৃত্বত ভাৰতীয় দলে পাকিস্তানত প্ৰথমবাৰৰ বাবে জয় লাভ কৰে। দলটোৱে ২-১ গ’লত জয়লাভ কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল।

২০২১ চনত তেওঁ ষ্টিভ ৱাউৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতক ২-১ গ’লৰ ব্যৱধানত অসাধাৰণ জয়ৰ দিশত আগুৱাই লৈ গৈছিল।   তেওঁ তেতিয়া প্ৰায় অজেয় আছিল। ইয়াৰ পিছতে তেওঁ ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ অধিনায়কত্ব কৰে, য’ত জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত মেন ইন ব্লু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়।

গাংগুলীক কিছুমান বিশেষ কাৰণত ভাৰতীয় দলৰ পৰা ত্যাগ কৰা হৈছিল যদিও তেওঁ পুনৰ আগুৱাই এক নতুন ৰূপেৰে ক্ৰিকেট জগতত প্ৰৱেশ কৰিছিল। ২০০৮ চনৰ নৱেম্বৰ মাহত বংগত জন্মগ্ৰহণ কৰা গাংগুলীয়ে নাগপুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন টেষ্ট মেচত শেষবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰং পিন্ধিছিল।

১১৩খন টেষ্ট আৰু ৩১১খন এদিনীয়াত কলকাতাৰ ৰাজকুমাৰে ৩৮টা শতক আৰু ১০৭টা অৰ্ধশতৰ সহায়ত ৭২১২ আৰু ১১৩৬৩ ৰান সংগ্ৰহ কৰে।তেওঁ ভাৰতৰ হৈ সৰ্বোচ্চ স্তৰত ১৩২টা উইকেট দখল কৰিছিল, য’ত এটা চাৰি উইকেট আৰু দুটা পাঁচ উইকেট হ’ল আছিল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)তো নিজৰ আধিপত্য বিস্তাৰ কৰিছিল গাংগুলীয়ে। কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ হৈ খেলাৰ পাছত তেওঁ পুনে ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰিছিল।

ইফালে পত্নী ডোনা গাংগুলী ,শচীন টেণ্ডুলকাৰ আৰু শচীন টেণ্ডুলকাৰ পত্নী অঞ্জলি টেণ্ডুলকাৰৰ সৈতে তেওঁ ৫০ সংখ্যক জন্মদিন উদযাপন কৰিছে লণ্ডনত ।জন্মদিনৰ পাৰ্টিত বি চি চি আইৰ সম্পাদক জয় শ্বাহৰ লগতে উপস্থিত আছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ শুক্লা । মহাৰাজ’ৰ ৫০ সংখ্যক জন্মদিনত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰাও যাঁচিলো অলেখ শুভকামনা ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধৰ পৰিণতি! ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ বৃহৎ পতন, ডলাৰৰ বিপৰীতে সৰ্বনিম্ন টকাৰ মূল্য
ভাৰত-জাপান শৈক্ষিক কনচর্টিয়ামত অন্তর্ভুক্ত কটন বিশ্ববিঃ, আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰত সফলতা
আজি মুকলি কৰা হ'ব মহাৰাজ পৃথু উৰণ সেতু
হোজাইত শিক্ষাখণ্ডৰ লজ্জাজনক অধ্যায়: প্ৰশ্নকাকত নহাৰ অজুহাতত বাতিল সপ্তম শ্ৰেণীৰ পৰীক্ষা
পশ্চিম বংগৰ ৰাজনীতিত ডাঙৰ সালসলনি: মমতা বেনাৰ্জীয়ে নিজে ল’লে আইন মন্ত্ৰালয়ৰ দায়িত্ব; জানি লওক এই সিদ্ধান্তৰ আঁৰৰ ৫টা মুখ্য কাৰণ
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ নাটনি: পেট্ৰ’লিয়াম মন্ত্ৰালয়ে গঠন কৰিলে উচ্চস্তৰীয় সমিতি
বিলাসীপাৰাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা; মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি
সুখবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী মাণ্ডাৰিন হাঁহৰ বিচৰণ
উত্তৰ প্ৰদেশত আমেৰিকা ইজৰাইল বিৰোধী ধ্বনি, খামেনেইৰ হত্যাৰ প্ৰতিবাদত উত্তাল কাশ্মীৰ
২৭ বছৰীয়া সাংসাৰিক যাত্ৰা অন্ত পৰাৰ দিশে! থালাপথী বিজয়ৰ পত্নীয়ে কিয় কৰিলে বিবাহ বিচ্ছেদৰ আবেদন?
বাঘমাৰাচৰত সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত; তীব্ৰ উত্তেজনাৰ সৃষ্টি
১৩ মাৰ্চত অস্ত যাব শনি; ৩ ৰাশিৰ হ’ব উপকাৰ
'২৮-ত আমেৰিকাই, '৩০ চনত চীনে চন্দ্রলৈ পঠাব মহাকাশচাৰী, চন্দ্ৰত আধিপত্য বিস্তাৰৰ যুঁজত চীন-আমেৰিকা
বোকাখাত মহকুমা চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ উদণ্ড যুৱকৰ