ডিজিটেল ডেস্ক: বাংলাদেশত ২০২৪ চনৰ আগষ্ট মাহৰ পৰা দুই সহস্রাধিক শিক্ষক আৰু ছাত্র-ছাত্রী ৰাজনৈতিক নিৰ্যাতনৰ সন্মুখীন হৈছে। ফ্রান্সৰ পেৰিছস্থিত মানৱ অধিকাৰ সংস্থা 'জাষ্টিছ মেকাৰ্ছ বাংলাদেশ ইন ফ্রান্স' (জে এম বি এফ) এ প্রকাশ কৰা এখন প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে। ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ অক্টোবৰ মাহলৈকে বাংলাদেশৰ ২২৯খন উচ্চ শিক্ষানুষ্ঠানত কমেও ২,০৫১ গৰাকী লোক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত নিৰ্যাতনৰ বলি হোৱাৰ তথ্য নথিভুক্ত কৰা হৈছে।
নথিভুক্ত হোৱা মুঠ ভুক্তভোগীৰ ভিতৰত ১,৫৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী (৭৬.৫%) আৰু ৪৮২ গৰাকী শিক্ষক তথা শিক্ষাবিদ আছে। বাংলাদেশৰ আৱামী লীগ আৰু ইয়াৰ সহযোগী সংগঠনবোৰৰ সৈতে থকা ৰাজনৈতিক সম্পৰ্ক আৰু একাংশৰ যৌন অভিমুখিতাৰ বাবে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। প্রতিবেদনখনত শৈক্ষিকভাৱে বৰ্জন, শাৰীৰিক আক্রমণ, যৌন নির্যাতন, পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা, আৱাসিক চৌহদৰ পৰা বহিষ্কাৰ, ভুৱা গোচৰ আৰু শিক্ষকসকলক পদত্যাগ কৰিবলৈ হেঁচা প্রয়োগ কৰাৰ দৰে ঘটনা উল্লেখ আছে।
কমেও ১৩২গৰাকী শিক্ষকে শৈক্ষিক বৰ্জনৰ সন্মুখীন হৈছে, ১২১গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু ১০৭গৰাকী তদন্তৰ সন্মুখীন হৈছে। সংস্থাটোৱে লগতে উল্লেখ কৰিছে যে আৱামী লীগ আৰু বাংলাদেশ ছাত্র লীগৰ সৈতে জড়িত থকাৰ সন্দেহত ১০ সহস্রাধিক শিক্ষার্থীক গ্ৰেপ্তাৰ বা আটক কৰা হৈছে আৰু প্ৰায় এক লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত বাধাৰ সৃষ্টি হৈছে।
উৎস: দৈনিক জনমভূমি