--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া প্ৰস্তাৱক খণ্ডন কৰি তেওঁ কয়, ‘মই যিহেতু এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি, গতিকে এতিয়াই মই আন এটা ৰাষ্ট্ৰীয় দলৰ অসম শাখাৰ সভাপতি হোৱাৰ কথাটো ভবা নাই।’

বিধায়কগৰাকীয়ে ভাৰতৰ ভিতৰত আটাইতকৈ ভাল পোৱা ৰাজনৈতিক ব্যক্তিত্ব মমতা বেনাৰ্জী বুলি উল্লেখ কৰি কয় যে, ‘মই সভাপতি নহ’লেও টিএমচিয়ে সাংগঠনিক ভেটি মজবুত কৰিবই।’ ইয়াৰ উপৰি দুই-এদিনতে চতুৰ্থলানি আলোচনা হ’ব বুলিও কয় গগৈয়ে।

কিন্তু বিজেপিৰ বিৰুদ্ধে ২০২৪ত টিএমচিক সকলো প্ৰকাৰে ৰাইজৰ দলে সহায় কৰিব বুলিও কয়৷ লগতে ২০২৪ত যদি সকলো আঞ্চলিক দলে মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেতিয়া ৰাইজৰ দলে সমৰ্থন কৰিব বুলি কয়৷ উল্লেখ্য যে, অসমৰ বৰ্তমানৰ দুজন সাংসদে TMCৰ অসম শাখাৰ সভাপতিৰ দৌৰত আছে। মমতা বেনাৰ্জীৰ সৈতে কেইবালানি আলোচনা কৰিছে সাংসদ দুজনে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক