--°C
Loading...
Listen to Article
2 min read
80%

অমৃতসৰ : প্ৰথমে নৱজ্যোৎ সিং সিদ্ধুৰ বিসম্বাদ। তেওঁৰ খুব আগ্ৰহ নাথাকিলেও হাইকমাণ্ডৰ নিৰ্দেশত সিদ্ধুক পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব। তাৰ পাছতো কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ দুৰ্দিন আঁতৰা নাই। এইবাৰ তেওঁ একপ্ৰকাৰ হেৰুৱালে তেওঁৰ সোঁহাত। সিঙৰ মুখ্য পৰামৰ্শদাতাৰ পদ এৰিলে দেশৰ প্ৰখ্যাত নিৰ্বাচনী কৌশল নিৰ্দ্ধাৰক প্ৰশান্ত কিশোৰে।

মুখ্যমন্ত্ৰী সিঙলৈ পত্ৰ প্ৰেৰণ কৰি নিজৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে প্ৰশান্ত কিশোৰে। ৰাজহুৱা জীৱনৰ পৰা সাময়িক বিৰতি লোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ প্ৰকাশ কৰে। পত্ৰখনত তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ নিজৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এতিয়াও বাকী আছে।

কিশোৰে লিখিছে, ‘ৰাজহুৱা জীৱনৰ পৰা সাময়িক বিৰতি লোৱাৰ বাবে মই লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত মই আপোনাৰ মুখ্য পৰামৰ্শদাতাৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ হৈছোঁ। মই যিহেতু এতিয়াও মোৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপন কৰিবলৈ বাকী আছে সেয়েহে মই মোক মোৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাইছোঁ।’ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ