--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ প্ৰতিষ্ঠিত ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত নিজৰ সন্তানৰ নামভৰ্তি কৰিছে বলীউডৰ তাৰকাসকলে। প্ৰায়বোৰ তাৰকাৰ সন্তানে এই বিদ্যালয়ৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। প্ৰতি বছৰে ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানটো সংবাদ মাধ্যমৰ শিৰোনামৰ অংশ হৈয়ে আছে। 

এইবাৰৰ বাৰ্ষিক উৎসৱৰ কথাও বহু চৰ্চিত হৈছে। কৰীনা কাপুৰ, শ্বাহিদ কাপুৰ আৰু কৰণ জোহৰেও এই অনুষ্ঠানৰ অংশ হৈ পৰে। বাৰ্ষিক দিৱসত কৰীনাৰ পুত্ৰ জেহ আলী খানেও অনুষ্ঠান পৰিৱেশন কৰে ৷ শ্বাহিদ কাপুৰৰ কন্যা মিছা কাপুৰেও বাৰ্ষিক দিৱসত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ লগতে তেওঁৰ পত্নী গৌৰী খান আৰু কন্যা চুহানা খানে তেওঁলোকৰ কনিষ্ঠ পুত্ৰ অব্ৰামৰ খ্ৰীষ্টমাছ থিমৰ নাটকখন উপভোগ কৰা দেখা গৈছে। এই হৃদয়স্পৰ্শী মুহূৰ্তটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাৰ্ষিক দিৱসৰ অনুষ্ঠানত বলীউডৰ বহু জনপ্ৰিয় তাৰকা উপস্থিত থাকে। প্ৰথমে শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুত একেলগে আহিছিল, তাৰ পিছতে কৰীনা কাপুৰ খান, ছৈফ আলী খান আৰু কৰিশ্মা কাপুৰ। বিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পূৰ্বে তিনিজনে পাপাৰাজীক সম্ভাষণ জনায় ।

কৰণ জোহৰ, ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা, ৰিতেশ আৰু জেনেলিয়া দেশমুখৰ সৈতে অংশগ্ৰহণ কৰে। আন এজন উল্লেখযোগ্য আগমন আছিল মালয়ালমৰ ছুপাৰষ্টাৰ পৃথ্বীৰাজ সুকুমাৰন, যিয়ে সংবাদ মাধ্যমৰ কভাৰেজৰ মাজতে প্ৰৱেশ কৰিছিল। অনুষ্ঠানৰ সামৰণিত অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ দৰে প্ৰবীণ অভিনেতা অতিথিৰ সৈতে কথা পাতি থকা দেখা যায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ