--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়কৈ টেলিভিছন, ছবি আৰু অ’টিটি প্লেটফৰ্মৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত অভিনেতা ৰাম কাপুৰৰ ব্যাপক শাৰীৰিক ৰূপান্তৰে অনুৰাগীসকলক আচৰিত কৰি তুলিছে। অভিনেতাগৰাকীৰ আকৰ্ষণীয় ৰূপ সামাজিক মাধ্যমত প্ৰকাশ কৰা পাছত প্ৰথম অৱস্থাত অনুৰাগী সকলে চিনিব পৰা নাছিল৷ 

প্ৰায় তিনিমাহ ধৰি ছ’চিয়েল মিডিয়াত নিষ্ক্ৰিয় হৈ থকাৰ পাছত অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ নিজৰ নতুন ফটো পোষ্ট কৰে৷ ছবিখনত তেওঁৰ ওজন হ্ৰাসৰ পাছৰ ৰূপান্তৰ স্পষ্ট হৈ পৰিছে৷ তেওঁ ৫১ বছৰ বয়সত ৪২ কিলো ওজন কমাই এক সুঠাম শৰীৰৰ অধিকাৰি হৈছে৷ সামাজিক মাধ্যমত ফটোবোৰ প্ৰকাশ কৰা পাছত ভাইৰেল হৈ পৰিছে অভিনেতা গৰাকীৰ নতুন ৰূপ৷

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে অভিনেতা গৰাকীয়ে ২০১৯ চনত তেওঁ মাত্ৰ ৭ মাহৰ ভিতৰত ৩০ কিলোগ্ৰাম ওজন কমাই চৰ্চালৈ আহিছিল। 

ৰাম কাপুৰ টেলিভিছনত সম্প্ৰচাৰিত বড়ে আচ্ছে লাগতে হায়, কাছাম ছে, আদি ধাৰাবাহিকৰ জৰিয়তে পৰিচিত হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁ হামছকলছ, বাৰ বাৰ দেখ’, ষ্টুডেণ্ট অৱ দ্য ইয়েৰ, থাপ্পাড়, দ্য বিগ বুল, নীয়ত আদিকে ধৰি কেইবাখনো চিনেমাতো অভিনয় কৰিছে।

ইয়াৰ উপৰিও তেওঁ ৱেব শ্ব’ জুবিলী, মাছাবা মাছাবা, খালবালি ৰেকৰ্ডছ, আৰু হিউমেন আদিতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ