--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত আয়োজিত এখন সভাত সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ চৰ্দাৰ পেটেলৰ ১৪৯ সংখ্যক জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক দেশ-এক নিৰ্বাচন’ৰ লক্ষ্যত উপনিত হ’বৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰাৰ লগতে৷ ভাৰতে ধৰ্মনিৰপেক্ষ দিশে আগবাঢ়ি গৈছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰ্দাৰ পেটেল এগৰাকী দৃঢ়প্ৰতিজ্ঞ, মানৱতাবাদী তথা জাতীয়তাবাদী ব্যক্তি আছিল।সম্ভৱ কৰি তুলিছিল অসম্ভৱ কামটোকো। শ শ ৰাজকীয় ৰাজ্যক একত্ৰিত কৰিছিল চৰ্দাৰ পেটেলে। 

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে আজি একেলগে দীপাৱলীৰ পবিত্ৰ উৎসৱ পালন কৰিবলৈ পোৱাটো সৌভাগ্য বুলি কয়৷ এইবাৰ দীপাৱলীয়ে সমগ্ৰ দেশক একত্ৰিত কৰিছে। সমগ্ৰ দেশক আলোকিত কৰিছে, সম্প্ৰতি  দীপাৱলী উৎসৱে ভাৰতক বিশ্বৰ সৈতে একত্ৰিত কৰি তুলিছে। তেওঁ কয় অনৈক্যৰ মাজত ঐক্য ভাৰতৰ সংস্কৃতি আৰু জীৱন শক্তি। এখন উন্নত ভাৰতৰ সংকল্পৰ বাবে আমি ইয়াত এই দৰে একত্ৰিত হৈছো। 

প্ৰধানমন্ত্ৰী গৰাকীয়ে ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ভাৰতে ধৰ্মনিৰপেক্ষতাৰ দিশে আগবাঢ়িছে৷ অসমত ৫০ বছৰ যোৰা সংঘাতৰ অন্ত পৰিছে, অসমৰ হাজাৰ হাজাৰ স্থানচ্যুত লোক অসমলৈ উভতি আহিছে৷ জম্মু-কাশ্মীৰৰ জনসাধাৰণে বিচ্ছিন্নতাবাদক নাকচ কৰি ৩৭০ক চিৰদিনৰ বাবে সমাধিস্থ কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে৷ 

বিগত ১০ বছৰত ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ বাবে অভূতপূৰ্ব সাফল্যৰে ভৰি পৰিছে আৰু সম্প্ৰতি চৰকাৰৰ প্ৰতিটো পদক্ষেপত জাতীয় ঐক্যৰ প্ৰতি থকা দায়বদ্ধতা স্পষ্ট হৈ পৰিছে বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়