--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত আয়োজিত এখন সভাত সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ চৰ্দাৰ পেটেলৰ ১৪৯ সংখ্যক জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক দেশ-এক নিৰ্বাচন’ৰ লক্ষ্যত উপনিত হ’বৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰাৰ লগতে৷ ভাৰতে ধৰ্মনিৰপেক্ষ দিশে আগবাঢ়ি গৈছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰ্দাৰ পেটেল এগৰাকী দৃঢ়প্ৰতিজ্ঞ, মানৱতাবাদী তথা জাতীয়তাবাদী ব্যক্তি আছিল।সম্ভৱ কৰি তুলিছিল অসম্ভৱ কামটোকো। শ শ ৰাজকীয় ৰাজ্যক একত্ৰিত কৰিছিল চৰ্দাৰ পেটেলে। 

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে আজি একেলগে দীপাৱলীৰ পবিত্ৰ উৎসৱ পালন কৰিবলৈ পোৱাটো সৌভাগ্য বুলি কয়৷ এইবাৰ দীপাৱলীয়ে সমগ্ৰ দেশক একত্ৰিত কৰিছে। সমগ্ৰ দেশক আলোকিত কৰিছে, সম্প্ৰতি  দীপাৱলী উৎসৱে ভাৰতক বিশ্বৰ সৈতে একত্ৰিত কৰি তুলিছে। তেওঁ কয় অনৈক্যৰ মাজত ঐক্য ভাৰতৰ সংস্কৃতি আৰু জীৱন শক্তি। এখন উন্নত ভাৰতৰ সংকল্পৰ বাবে আমি ইয়াত এই দৰে একত্ৰিত হৈছো। 

প্ৰধানমন্ত্ৰী গৰাকীয়ে ধৰ্ম নিৰপেক্ষতাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ভাৰতে ধৰ্মনিৰপেক্ষতাৰ দিশে আগবাঢ়িছে৷ অসমত ৫০ বছৰ যোৰা সংঘাতৰ অন্ত পৰিছে, অসমৰ হাজাৰ হাজাৰ স্থানচ্যুত লোক অসমলৈ উভতি আহিছে৷ জম্মু-কাশ্মীৰৰ জনসাধাৰণে বিচ্ছিন্নতাবাদক নাকচ কৰি ৩৭০ক চিৰদিনৰ বাবে সমাধিস্থ কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে৷ 

বিগত ১০ বছৰত ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ বাবে অভূতপূৰ্ব সাফল্যৰে ভৰি পৰিছে আৰু সম্প্ৰতি চৰকাৰৰ প্ৰতিটো পদক্ষেপত জাতীয় ঐক্যৰ প্ৰতি থকা দায়বদ্ধতা স্পষ্ট হৈ পৰিছে বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম