--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’ম’ খাই এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটিছে আৰু ১৫জনকৈ লোক অসুস্থ হৈ পৰিছে। হায়দৰাবাদৰ পথৰ কাষৰ দোকানত ম’ম’ খাই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে মহানগৰীখনৰ আন এখন ঠাইত ম’ম’ খাই অসুস্থ হৈ পৰে ১৫ গৰাকী। আৰক্ষীয়ে জনোৱা মতে, একেজন বিক্ৰেতাই প্ৰস্তুত কৰা ম’ম’ খাইছিল তেওঁলোকে। যোৱা সপ্তাহত এই ঘটনা সংঘটিত হৈছিল বঞ্জাৰা হিলছ থানাৰ সীমাৰ অধীনত, য’ত এঠাইৰ পৰা আনি বিভিন্ন স্থানত ম’ম’ বিক্ৰী কৰা হৈছিল আৰু সেইবোৰ খাই মানুহ অসুস্থ হৈ পৰিছিল।

মৃত মহিলাগৰাকীৰ নাম ৰেশমা বেগম। ৩৩ বছৰীয়া ৰেশমা বেগমে শুকুৰবাৰে তেওঁ আৰু তেওঁৰ ১২ আৰু ১৪ বছৰীয়া কন্যাই খৈৰাতাবাদৰ এজন ৰাজপথৰ ব্যৱসায়ীৰ পৰা ম’ম’ খাইছিল। ইয়াৰ পিছত অলপ পিছতে তেওঁ ডায়েৰিয়া, পেটৰ বিষ আৰু বমিৰ সমস্যা হ’বলৈ ধৰিলে। দেওবাৰে পুৱা ৰেশমাৰ মৃত্যু হয় আৰু কন্যা সন্তানদ্বয় চিকিৎসাধীন হৈ আছে। ৰেশমা বেগম আছিল এগৰাকী ছিংগল মাডাৰ।
मोमोज खाने से महिला की मौत, बिहार के लड़कों ने हैदराबाद में लगाए थे 'Delhi Momos', मचा हड़कंप
স্থানীয় এজন ব্যক্তিয়ে দাবী কৰে যে মহিলাগৰাকীয়ে ম’ম’ খোৱাৰ এঘণ্টাৰ পাছত ফুড পইজনিঙৰ লক্ষণ দেখাবলৈ আৰম্ভ কৰে।মহিলাগৰাকীৰ লগতে আন লোকসকলে ‘দিল্লী ম’ম’ছ’ নামৰ খাদ্যৰ দোকানৰ পৰা ম’ম’ খাইছিল। চিন্তল বস্তিত অৱস্থিত এই ষ্টলটো প্ৰায় তিনিমাহ পূৰ্বে বিহাৰৰ ছয়জন লোকে স্থাপন কৰিছিল। আৰক্ষীৰ মতে, ষ্টল চলোৱাসকলক জিম্মাত লোৱা হৈছে। মহিলাগৰাকীৰ মৃতদেহ সমাধিস্থ কৰা হৈছে আৰু তেওঁৰ মৃত্যুৰ কাৰণ জানিবলৈ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমে জাৰি কৰা এক বিবৃতিত কয় যে নিগমৰ খাদ্য সুৰক্ষা বিষয়াসকলে আৰক্ষীৰ সহায়ত দোষীক বিচাৰি উলিয়াই প্ৰতিষ্ঠানটো অনুজ্ঞাপত্ৰ অবিহনে চলি থকা বুলি জানিব পাৰে। বিষয়াসকলে খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে ৰাজ্যিক খাদ্য পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে বিক্ৰেতাৰ ব্যৱসায়িক কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। পিটিআইৰ প্ৰতিবেদনত কোৱা হৈছে যে জিএইচএমচিৰ খাদ্য সুৰক্ষা বিষয়াসকলেও বঞ্জাৰা হিলছ আৰক্ষীলৈ পত্ৰ লিখি বিষয়টোৰ তদন্ত কৰিছে।

বঞ্জৰা হিলছ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাম বাবুৱে কয়, ‘কালি আমি এজাহাৰ লাভ কৰিছিলো যে ৰেশমা বেগম (৩৩)ৰ মৃত্যু হৈছে আৰু ১৫ জন লোক বিভিন্ন স্থানত একেজন বিক্ৰেতাৰ পৰা ম’ম’ খাই ফুড পইজনিংৰ বলি হৈছে আমি গোচৰ ৰুজু কৰিছো আৰু বিষয়টোৰ তদন্ত কৰি আছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম