--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম’ম’ খাই এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটিছে আৰু ১৫জনকৈ লোক অসুস্থ হৈ পৰিছে। হায়দৰাবাদৰ পথৰ কাষৰ দোকানত ম’ম’ খাই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে মহানগৰীখনৰ আন এখন ঠাইত ম’ম’ খাই অসুস্থ হৈ পৰে ১৫ গৰাকী। আৰক্ষীয়ে জনোৱা মতে, একেজন বিক্ৰেতাই প্ৰস্তুত কৰা ম’ম’ খাইছিল তেওঁলোকে। যোৱা সপ্তাহত এই ঘটনা সংঘটিত হৈছিল বঞ্জাৰা হিলছ থানাৰ সীমাৰ অধীনত, য’ত এঠাইৰ পৰা আনি বিভিন্ন স্থানত ম’ম’ বিক্ৰী কৰা হৈছিল আৰু সেইবোৰ খাই মানুহ অসুস্থ হৈ পৰিছিল।

মৃত মহিলাগৰাকীৰ নাম ৰেশমা বেগম। ৩৩ বছৰীয়া ৰেশমা বেগমে শুকুৰবাৰে তেওঁ আৰু তেওঁৰ ১২ আৰু ১৪ বছৰীয়া কন্যাই খৈৰাতাবাদৰ এজন ৰাজপথৰ ব্যৱসায়ীৰ পৰা ম’ম’ খাইছিল। ইয়াৰ পিছত অলপ পিছতে তেওঁ ডায়েৰিয়া, পেটৰ বিষ আৰু বমিৰ সমস্যা হ’বলৈ ধৰিলে। দেওবাৰে পুৱা ৰেশমাৰ মৃত্যু হয় আৰু কন্যা সন্তানদ্বয় চিকিৎসাধীন হৈ আছে। ৰেশমা বেগম আছিল এগৰাকী ছিংগল মাডাৰ।
मोमोज खाने से महिला की मौत, बिहार के लड़कों ने हैदराबाद में लगाए थे 'Delhi Momos', मचा हड़कंप
স্থানীয় এজন ব্যক্তিয়ে দাবী কৰে যে মহিলাগৰাকীয়ে ম’ম’ খোৱাৰ এঘণ্টাৰ পাছত ফুড পইজনিঙৰ লক্ষণ দেখাবলৈ আৰম্ভ কৰে।মহিলাগৰাকীৰ লগতে আন লোকসকলে ‘দিল্লী ম’ম’ছ’ নামৰ খাদ্যৰ দোকানৰ পৰা ম’ম’ খাইছিল। চিন্তল বস্তিত অৱস্থিত এই ষ্টলটো প্ৰায় তিনিমাহ পূৰ্বে বিহাৰৰ ছয়জন লোকে স্থাপন কৰিছিল। আৰক্ষীৰ মতে, ষ্টল চলোৱাসকলক জিম্মাত লোৱা হৈছে। মহিলাগৰাকীৰ মৃতদেহ সমাধিস্থ কৰা হৈছে আৰু তেওঁৰ মৃত্যুৰ কাৰণ জানিবলৈ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমে জাৰি কৰা এক বিবৃতিত কয় যে নিগমৰ খাদ্য সুৰক্ষা বিষয়াসকলে আৰক্ষীৰ সহায়ত দোষীক বিচাৰি উলিয়াই প্ৰতিষ্ঠানটো অনুজ্ঞাপত্ৰ অবিহনে চলি থকা বুলি জানিব পাৰে। বিষয়াসকলে খাদ্যৰ নমুনা পৰীক্ষাৰ বাবে ৰাজ্যিক খাদ্য পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে বিক্ৰেতাৰ ব্যৱসায়িক কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। পিটিআইৰ প্ৰতিবেদনত কোৱা হৈছে যে জিএইচএমচিৰ খাদ্য সুৰক্ষা বিষয়াসকলেও বঞ্জাৰা হিলছ আৰক্ষীলৈ পত্ৰ লিখি বিষয়টোৰ তদন্ত কৰিছে।

বঞ্জৰা হিলছ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাম বাবুৱে কয়, ‘কালি আমি এজাহাৰ লাভ কৰিছিলো যে ৰেশমা বেগম (৩৩)ৰ মৃত্যু হৈছে আৰু ১৫ জন লোক বিভিন্ন স্থানত একেজন বিক্ৰেতাৰ পৰা ম’ম’ খাই ফুড পইজনিংৰ বলি হৈছে আমি গোচৰ ৰুজু কৰিছো আৰু বিষয়টোৰ তদন্ত কৰি আছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়