--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ যোধপুৰত পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ড।দুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল অনিতা চৌধুৰী নামৰ ৫০ বছৰীয়া এগৰাকী মহিলা। মহিলাগৰাকীৰ মৃতদেহ প্লাষ্টিকৰ বেগত ছটা টুকুৰাত এটা দ গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই ঘটনাৰ আঁৰত গুল মহম্মদ নামৰ এজন ব্যক্তি থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি ২৭ অক্টোবৰত অনিতা চৌধাৰীৰ নিৰুদ্দেশৰ ৰিপৰ্ট চৰ্দাৰপুৰা থানাত দাখিল কৰিছিল তেওঁৰ স্বামী মনমোহন চৌধাৰীয়ে। তদন্ত সময়ত আৰক্ষীয়ে অনিতাৰ ফোনৰ পৰা গুল মহম্মদ নামৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ তদন্ত চলাই। জেৰাৰ সময়ত গুল মহম্মদৰ পত্নীয়ে প্ৰথমে তথ্য দিবলৈ অস্বীকাৰ কৰিছিল যদিও শেষত গুল মহম্মদে অনিতাক হত্যা কৰি মৃতদেহ মহিলাগৰাকীৰ ঘৰৰ সমীপত পুতি থোৱা বুলি স্বীকাৰ কৰে।

এডিচিপি নিশান্ত ভৰদ্বাজৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ১২ ফুট দ গাঁতৰ পৰা  প্লাষ্টিকৰ বেগত ছটা ভাগত কটা শৰীৰৰ অংগ উদ্ধাৰ কৰে। ইয়াৰ পাছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ এইমছলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে অভিযুক্তৰ পত্নীক জিম্মাত লোৱাৰ লগতে মহানগৰীৰ বহু অঞ্চলত গুল মহম্মদক বিচাৰি তালাচী চলাই আছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই আগতীয়াকৈ এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই অভিযোগ কৰে যে গুল মহম্মদে মাতৃক প্ৰতাৰণা কৰি হত্যা কৰিছিল বুলি জনাইছে। এতিয়া যোধপুৰৰ বিভিন্ন অঞ্চলত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম