--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকা সকলে আজি মিশ্ৰত ফল লাভ কৰিব৷ কোনো পাৰিবাৰিক কাৰণত ভাতৃৰ-ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক ঠিকেই থাকিব৷ কৰ্মৰ জৰিয়তে  কৰ্মস্থলীৰ মুৰব্বীক সন্তুষ্ট কৰিব পাৰিলে ধন লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাত মুৰব্বীজন আজিৰ দিনটোত সন্তুষ্ট হৈ থাকিব৷ সংযমী হৈ কাম কৰক৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে আজিৰ দিনটো বিবাদৰে ভৰা হ’ব৷ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ সহকৰ্মীয়ে কামত বিধিপথালি দিয়াৰ চেষ্টা কৰিব৷ সন্মানিত হোৱাৰ লগতে নতুন পদো লাভ কৰিব পাৰে৷ পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ ভাগই আজিৰ দিনটোত আপোনাক ৮৬ শতাংশ সহায় কৰিব৷ 

মিথুন ৰাশি :চৰকাৰী কামত জড়িত এই ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰতক্ষ্য বা পৰোক্ষভাৱে সুফল লাভ কৰিব ৷ লগতে সহকৰ্মীৰ পৰাও সহযোগ লাভ কৰিব৷ সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ দিনটো অধিক সুন্দৰকৈ পাৰ হৈ যাবৰ বাবে লক্ষ্মী দেৱীক পূজা কৰক৷ 

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক -জাতিকা সকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত সকলে অধিক সভাত যোগ দিবলৈ পাব৷ সন্মান লাভ কৰাৰ লগতে নতুন পদো অৰ্জন কৰিব পাৰিব৷ নিজৰ সিদ্ধান্তত অটল হৈ থাকক৷ জটিল সমস্যাৰ সমাধানো লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত গণেশ দেৱতাৰ পূজা কৰা উচিত ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকা সকলে আজি নতুন সম্পৰ্ক গঢ়িব পাৰিব৷ যাৰ ফলত ভৱিষ্যতে সুফল লাভ কৰিব৷সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷তুলসী গছত পানী দিয়াৰ লগতে গণেশক লাড্ডু উৎসৰ্গা কৰিব পাৰে ৷

কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকল আজি কৰ্মক্ষেত্ৰত নতুন সমীকৰণত ব্যস্ত থাকিব৷ কিছু পুৰণি পৰিকল্পনা সফল হোৱাৰ দিশে আগবাঢ়িব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ আপোনাৰ হাতলৈ আজি নতুন সুযোগ অহাৰ যোগ আছে৷ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব৷ আৰ্থিক উন্নতি সম্ভৱ৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটো ভালদৰেই পাৰ হ’ব৷ অপ্ৰয়োজনীয় কামত সময় আৰু শক্তি অপব্যয় নকৰিব৷ পৰিকল্পনাবদ্ধভাৱে কাম কৰক৷ বিবাহিত দম্পত্তি সকল সংযমী হওঁক৷ জীৱনসংগীৰ লগত কথাৰ কটাকটি হ’ব পাৰে। 

বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি ব্যৱসায়ীক দিশত ভাল ফল লাভ কৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হ’ব পাৰে৷ব্যৱসায়ীক সংগঠনৰ লগত জড়িত সকলে মুনাফা লাভ কৰিব৷ এই ৰাশিৰ জাতক -জাতিকা সকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷ 

ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি উত্তম স্বাস্থ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ অটুট থাকিব৷ আয় বৃদ্ধি পাব। সামাজিক পৰিস্থিতি মজবুত হ’ব৷ এই ৰাশিৰ জাতক -জাতকা সকলে  সন্তুষ্টি অনুভব কৰিব ৷  আত্মীয় আৰু  বন্ধুৰ সৈতে  সম্পর্ক উন্নত হ’ব। নিজৰ দুর্বলতা কাৰো সন্মুখত  স প্রকাশ  নকৰিব। আৰু  কামত  সাফল্য লাভ নকৰালৈকে  নিজেৰ পৰিকল্পনা কাৰো  সৈতে আলোচনা নকৰিব। 

মকৰ ৰাশি : এই ৰাশিৰ জাতক -জাতিকা সকলে 
ব্যবসায়িক সম্পর্ক আৰু  চুক্তি ক্ষেত্ৰত  নিজৰ  পৰিশ্রমৰ পূর্ণ ফলাফল লাভ কৰিব৷ ব্যৱসায়ৰ  ক্ষেত্রত  এই ৰাশিৰ  জাতকসকলৰ প্রভাব বাঢ়িব৷ আপোনাৰ  জৰিয়তে কিছু ব্যক্তিয়ে প্রভাৱশালী ব্যক্তিৰ সৈতে  সম্পর্ক গঢ়ি তুলিব  পাৰিব ৷ প্রেমৰ ক্ষেত্ৰতো ভাগ্যবান হ’ব । বিৰোধীয়ে  আপোনাৰ  কোনো ক্ষতি কৰিব  নোৱাৰিব৷

কুম্ভ ৰাশি :  আজি কুম্ভ ৰাশিৰ জাতকে  জীৱনসঙ্গীৰ   পৰা   কম সহযোগিতা লাভ কৰিব । আপোনাৰ  এনে অনুভূতিৰ  কাৰণে মানসিক জটিলতা আৰু  অৱসাদ দেখা দিব পাৰে। আপুনি চিন্তিত থাকিলেও কাকো তাৰ উমান নিদিব৷ ব্যৱসায়ৰ  অংশীদাৰীৰ  জৰিয়তে  ভালো লাভ অর্জন কৰিব  পাৰিব৷  আত্মবিশ্বাস বাঢ়িব ৷

মীন ৰাশি :  এই ৰাশিৰ জাতক-জাতিকাসকলক ব্যৱসায়িক দিশত   নতুন সম্পর্ক  আৰু চুক্তিৰ কৰাৰ বাবে ভাল সময়৷  কার্য সংক্রান্তীয়  যাত্রাত  ইতিবাচক ফলাফল লাভ কৰিব।কৰ্মস্থলীত মুৰব্বীৰ  দ্বাৰা  উপেক্ষিত হ’ব  পাৰে৷ সহকর্মীয়ে আপোনাৰ  দুর্বলতাৰ সুযোগ লৈ  আপোনাৰ  কামত বাধা  সৃষ্টি কৰিব পাৰে৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক