--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযুক্তৰ আক্ৰমণৰ বলি হৈ শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক (SI) দেৱাশীষ শৰ্মা গুৰুতৰভাৱে আহত হয়। ঘনকান্তৰ গুলী উপ-পৰিদৰ্শকগৰাকীৰ ভৰিত লাগোতে আৰক্ষীৰ বাহনখনতো গুলীৰ আঘাত লাগে।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ উলুবাৰীৰ বিলাস ইন হোটেলত সংঘটিত পাঁচজন লোকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। মঙলবাৰে পুৱতি নিশা শিৱসাগৰ জিলাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ আত্মৰক্ষাৰ গুলীত নিহত হয় কুখ্যাত অভিযুক্তজন। 


লাভ কৰা তথ্য অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৩:১০ বজাত শিৱসাগৰ আৰক্ষীৰ এটা দলে অভিযুক্ত ঘনকান্ত গগৈক লৈ গৈ থকা অৱস্থাত শিৱসাগৰৰ গৌৰীসাগৰ থানাধীন ৰংমন ধামৰ সমীপৰ ফুলপানীচিগা নামৰ স্থানত এই ঘটনা ঘটে। 


আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ আক্ৰমণৰ বলি হৈ শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক (SI) দেৱাশীষ শৰ্মা গুৰুতৰভাৱে আহত হয়। ঘনকান্তৰ গুলী উপ-পৰিদৰ্শকগৰাকীৰ ভৰিত লাগোতে আৰক্ষীৰ বাহনখনতো গুলীৰ আঘাত লাগে। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়, য'ত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ।  

আহত অৱস্থাত আৰক্ষীয়ে লগে লগে ঘনকান্তক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে। আনহাতে, আহত উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাক জয়সাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকটমুক্ত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে। 


উল্লেখ্য যে, বীভৎস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ঘনকান্ত গগৈ। এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছিল। শেহতীয়াকৈ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ঘটা এই এনকাউণ্টাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে পুনৰ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ