--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কপিৰাইট উলংঘাৰ অভিযোগত মহেন্দ্ৰ সিং ধোনীৰ দলটোৰ বিৰুদ্ধে ছান টি ভি নেটৱৰ্ক লিমিটেডে মাদ্রাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে।

ডিজিটেল ডেস্ক: আই পি এল আৰম্ভ হোৱাৰ আগে আগে পাঁচবাৰ চেম্পিয়ন দল চেন্নাই ছুপাৰ কিংছ (চি এছ কে) এক সংকটৰ সন্মুখীন হৈছে। কপিৰাইট উলংঘাৰ অভিযোগত মহেন্দ্ৰ সিং ধোনীৰ দলটোৰ বিৰুদ্ধে ছান টি ভি নেটৱৰ্ক লিমিটেডে মাদ্রাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। 


আই পি এলৰ ফ্রেঞ্চাইজীটোৰ বিৰুদ্ধে কৰা অভিযোগ অনুসৰি ছ'চিয়েল মিডিয়াত নিজৰ কনটেন্ট প্রমোট কৰাৰ কাৰণে জেইলৰ, জেইলৰ-২ আৰু কুলীৰ দৰে চিনেমাৰ সংগীত তথা ডাইলগ আৰু নেপথ্য সংগীত অবৈধভাৱে ব্যৱহাৰ কৰিছে। যোৱা ১ মাৰ্চত দলটোৰ জাৰ্ছী মুকলি কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প'ষ্ট কৰিছিল আৰু ইয়াত বিশেষকৈ ধোনিৰ আগমনৰ সময়ত ৰজনীকান্তৰ চিনেমাৰ অডিঅ' ট্রেক ব্যৱহাৰ কৰিছিল। 


ছান টি ভি নেটৱৰ্কে কৰা অভিযোগ মতে, চি এছ কেই দক্ষিণ ভাৰতত ৰজনীকান্ত আৰু অনিৰুদ্ধ ৰবিচন্দৰ সংগীতৰ জনপ্রিয়তাৰ সুযোগ লৈ নিজৰ ২,৩৯৯ টকা মূল্যৰ জাৰ্ছী আৰু আন সামগ্ৰীৰ বিক্ৰী বৃদ্ধিৰ বাবে তেওঁলোকৰ সংগীত তথা ডাইলগ ব্যৱহাৰ কৰিছে। অৱশ্যে চি এছ কেই ভিডিঅ'টোক লৈ বিতর্ক হোৱাৰ লগে লগে সামাজিক মাধ্যমত দিয়া প'ষ্টটো আঁতৰায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু