--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কপিৰাইট উলংঘাৰ অভিযোগত মহেন্দ্ৰ সিং ধোনীৰ দলটোৰ বিৰুদ্ধে ছান টি ভি নেটৱৰ্ক লিমিটেডে মাদ্রাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে।

ডিজিটেল ডেস্ক: আই পি এল আৰম্ভ হোৱাৰ আগে আগে পাঁচবাৰ চেম্পিয়ন দল চেন্নাই ছুপাৰ কিংছ (চি এছ কে) এক সংকটৰ সন্মুখীন হৈছে। কপিৰাইট উলংঘাৰ অভিযোগত মহেন্দ্ৰ সিং ধোনীৰ দলটোৰ বিৰুদ্ধে ছান টি ভি নেটৱৰ্ক লিমিটেডে মাদ্রাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। 


আই পি এলৰ ফ্রেঞ্চাইজীটোৰ বিৰুদ্ধে কৰা অভিযোগ অনুসৰি ছ'চিয়েল মিডিয়াত নিজৰ কনটেন্ট প্রমোট কৰাৰ কাৰণে জেইলৰ, জেইলৰ-২ আৰু কুলীৰ দৰে চিনেমাৰ সংগীত তথা ডাইলগ আৰু নেপথ্য সংগীত অবৈধভাৱে ব্যৱহাৰ কৰিছে। যোৱা ১ মাৰ্চত দলটোৰ জাৰ্ছী মুকলি কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প'ষ্ট কৰিছিল আৰু ইয়াত বিশেষকৈ ধোনিৰ আগমনৰ সময়ত ৰজনীকান্তৰ চিনেমাৰ অডিঅ' ট্রেক ব্যৱহাৰ কৰিছিল। 


ছান টি ভি নেটৱৰ্কে কৰা অভিযোগ মতে, চি এছ কেই দক্ষিণ ভাৰতত ৰজনীকান্ত আৰু অনিৰুদ্ধ ৰবিচন্দৰ সংগীতৰ জনপ্রিয়তাৰ সুযোগ লৈ নিজৰ ২,৩৯৯ টকা মূল্যৰ জাৰ্ছী আৰু আন সামগ্ৰীৰ বিক্ৰী বৃদ্ধিৰ বাবে তেওঁলোকৰ সংগীত তথা ডাইলগ ব্যৱহাৰ কৰিছে। অৱশ্যে চি এছ কেই ভিডিঅ'টোক লৈ বিতর্ক হোৱাৰ লগে লগে সামাজিক মাধ্যমত দিয়া প'ষ্টটো আঁতৰায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ