--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১১ জুনৰ (ভাৰতত ১২ জুন) পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্ব কাপৰ মূল ৰাউণ্ডত খেলাৰ বাবে ইৰানকে ধৰি ৪৮টা দলে যোগ্যতা অর্জন কৰিছে।

ডিজিটেল ডেস্ক : ফিফা বিশ্ব কাপৰ আয়োজনক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সৃষ্টি হয় বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ইৰানৰ ফুটবল দলটোক দিয়া ভাবুকিৰ পাছত। ট্রাম্পৰ ভাবুকিৰ পাছত ইৰানৰ ফুটবল দলটোৱে আমেৰিকাৰ পৰা বিশ্ব কাপৰ ফুটবলৰ আয়োজকৰ দায়িত্ব প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে।


উল্লেখযোগ্য যে ১১ জুনৰ (ভাৰতত ১২ জুন) পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্ব কাপৰ মূল ৰাউণ্ডত খেলাৰ বাবে ইৰানকে ধৰি ৪৮টা দলে যোগ্যতা অর্জন কৰিছে। বিশ্ব কাপৰ প্রস্তুতিও তুংগত চলি আছে। যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছত ইৰানৰ প্রতিযোগিতাখনত খেলাক লৈ শংকাৰ সৃষ্টি হয়। ইয়াৰ মাজতে এই বাৰৰ প্ৰতিযোগিতাখনৰ সৰ্ববৃহৎ আয়োজক আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানী ফুটবল দলটোক ধমকি দি চাঞ্চল্যৰ সৃষ্টি কৰে। 


বিশ্ব কাপৰ সূচী মতে ইৰানৰ গ্রুপ-জিৰ তিনিওখন মেচ আমেৰিকাত অনুষ্ঠিত হ'ব। ইৰানৰ ক্ৰীড়া মন্ত্রীজনে ইতিমধ্যে ঘোষণা কৰে যে দেশখনৰ সর্বোচ্চ নেতাক হত্যা কৰা আমেৰিকালৈ তেওঁৰ দেশৰ দল প্ৰেৰণ কৰিব নোৱাৰে। ইয়াৰ পাছত আজি ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানী দলটোক ধমকি দি সামাজিক মাধ্যমত প'ষ্ট দিয়ে। ট্রাম্পে কয়, 'ইৰানৰ ফুটবল দলটোক বিশ্ব কাপলৈ আদৰণি জনাইছো, কিন্তু যদিহে তেওঁলোকে নিজৰ জীৱন আৰু সুৰক্ষাৰ কথা চিন্তা কৰে তেন্তে তেওঁলোকে ইয়াত খেলিবলৈ অহাটো উচিত নহয় বুলি মই ভাবোঁ।' ট্রাম্পৰ এই ধমকিত জাঙুৰ খাই উঠে ইৰানী ফুটবল দলটো। দলটোৱে এটা বিবৃতিত কয় যে বিশ্ব কাপৰ দৰে প্রতিযোগিতা কোনো এখন দেশে নহয় বৰং এটা সংস্থাই আয়োজন কৰে। দলটোৱে নিজৰ শক্তি আৰু যোগ্যতাৰ বলত বিশ্ব কাপৰ বাবে যোগ্যতা অর্জন কৰিছে আৰু কোনেও তেওঁলোকক বিশ্ব কাপৰ পাৰ বাহিৰ কৰিব নোৱাৰে। 


ইৰানৰ দলটোৱে আমেৰিকাৰ পৰা আয়োজকৰ দায়িত্ব প্রত্যাহাৰ কৰিবলৈ দাবী জনাই কয় যে আমেৰিকাই কেৱল নামৰ বাবেহে আয়োজক হৈছে, কিন্তু আয়োজকৰ দৰে ব্যৱহাৰ কৰা নাই আৰু দলসমূহক নিৰাপত্তা দিয়াত ব্যর্থ হৈছে। ইফালে, আমেৰিকাৰ পৰা বিশ্ব কাপৰ আয়োজকৰ দায়িত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনো তীব্র চাপৰ সন্মুখীন হৈছে। ইৰানত কৰা আক্ৰমণৰ কাৰণে ইজৰাইল আৰু আমেৰিকাক নিষিদ্ধ কৰাৰো দাবী উঠিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ