--°C
Loading...
Listen to Article
2 min read
80%

ভূৱনেশ্বৰ : ৰাজ্যৰ খাদ্য সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে আজি ৰাজ্যখনত আৰম্ভ কৰে ‘ৱান নেচন ৱান ৰেচনকাৰ্ড’ কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আঁওতালৈ অহা অন্য ৰাজ্যৰ হিতাধিকাৰীয়েও ওড়িশাৰ পৰা ৰেচন লাভ কৰিব পাৰিব। ৰাজ্যখনৰ ১০,৫৭৮খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে এই ৰেচন লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে।

এই কাৰ্যসূচী মুকলি কৰা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী পাটনায়কে কয়, ‘মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে আৰু দৰিদ্ৰ জনগণক এই অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে আৰু দৰিদ্ৰ জনগণৰ কল্যাণৰ বাবে আগলৈও কাম কৰি যাব।’

মুখ্যমন্ত্ৰী পাটনায়কে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত আন এখন আঁচনিৰো শুভাৰম্ভ কৰে। মালকাংগিৰি জিলাক মু্খ্য কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে পাটনায়কে। এই আঁচনিৰ অধীনত মালকাংগিৰি জিলাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আঁওতালৈ অহা ৫.৪০লাখ হিতাধিকাৰীক প্ৰতিমাহে ৩,২০০ মেট্ৰিকটন ভিটামিনযু্ক্ত চাউলৰ যোগান ধৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ