--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ কথা ব্যাপকভাৱে চৰ্চা হৈছিল। দেশক ডিজিটেলী পৰিচালিত কৰাৰ স্বপ্ন দেখুৱাইছিল নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে। কিন্তু মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সম্পূৰ্ণ বিপৰীত পৰিস্থিতি এটা দেখা গ’ল দেশত। ডিজিটেল মাধ্যমসমূহক নিয়ন্ত্ৰণ কৰিবলৈ নানা পন্থা গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইণ্টাৰনেটৰ মুক্ত ব্যৱহাৰ পদে পদে বিঘ্নিত হৈ পৰা দেখা গ’ল।

আৰু পঢ়িব পাৰিব : সংগীত বিশ্বৰ মহাতাৰকালৈ ‘গ্ৰেমী’, লছ এঞ্জেলছত বৰ্ণাঢ্য কাৰ্যসূচী

একাধিকবাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট সেৱা। কেৱল এয়াই নহয়, শেহতীয়াকৈ ইণ্টাৰনেট তথা বিভিন্ন ডিজিটেল প্লেটফৰ্মক নিয়ন্ত্ৰিত কৰিবলৈ চৰকাৰে নতুন নতুন আইন প্ৰণয়ন কৰা আৰম্ভ কৰিছে। উল্লেখ্য যে, ভাৰতৰ ব্ৰডবেণ্ডৰ গতি বিশ্বৰ ভিতৰতে অন্যতম লেহেমীয়া। ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছোৱাত সমগ্ৰ বিশ্বই ইণ্টাৰনেট নিৰ্ভৰ এক ব্যৱস্থাৰ মাজৰে সকলো কাম-কাজ কৰাৰ চেষ্টা কৰাৰ সময়তো ভাৰতত এইক্ষেত্ৰত থকা নানা প্ৰতিবন্ধকতাই ইণ্টাৰনেট ব্যৱহাৰকাৰীক ক্ষতিগ্ৰস্ত কৰিছিল।

টেলিকম সেৱাৰ অস্থায়ী প্ৰত্যাহাৰৰ অনুমোদন

২০১৭ চনত ভাৰত চৰকাৰে ‘ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট অব ১৯৮৫’ৰ সংশোধন ঘটায়। যি আইনৰ অধীনত টেলিকম সেৱাৰ অস্থায়ী প্ৰত্যাহাৰৰ অনুমোদন দিয়া হয়। ইয়াৰ উপৰি ইণ্টাৰনেট মাধ্যমৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে শেহতীয়াকৈ বলৱৎ কৰিছে ‘দ্য ইনফৰমেচন টেকন’লজী Intermediary Guidelines and Digital Media Ethics Code) ৰুলছ ২০২১’ (the “Intermediary Rules”), যিয়ে ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ গাঁঠনিগত দিশটোকে সলনি কৰি পেলাব। ইয়াৰ অৰ্থ হৈছে কোনো এজন ব্যৱহাৰকাৰী ছ’চিয়েল মিডিয়া একাউণ্ট কঠোৰ আৰু পুংখানুপুংখ নিৰীক্ষণৰ মাজত ৰখা হ’ব।

আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত জব্দ বৃহৎ পৰিমাণৰ গাঁজাঃ আটক ৩ সৰবৰাহকাৰী

ইয়াৰ অৰ্থ এটাই যে, আপোনাৰ ছ’চিয়েল মিডিয়া একাউণ্ট এই নতুন আইনৰ জৰিয়তে আপোনাৰ ব্যক্তিগত অধিকাৰৰ বিষয় হৈ নাথাকিব আৰু চৰকাৰৰ নতুন নিয়ম অনুসৰি ইয়াৰ ওপৰত ব্যৱস্থা কৰা হ’ব। কেৱল এয়াই নহয়, ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু গতিবিধিৰ আধাৰতে বিভিন্ন সংগ্ৰামী তথা ছাত্ৰ-গৱেষকক গ্ৰেপ্তাৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে সমগ্ৰ দেশজুৰি। যিটো ব্যক্তি স্বাধীনতাৰ এপৰত মোক্ষম আঘাত বিবেচিত হৈছে। ডিজিটেল প্লেটফৰ্ম আৰু অ’টিটি (অ’ভাৰ দ্য টপ)প্লেটফৰ্মত প্ৰচাৰ হোৱা বিভিন্ন কাৰ্যসূচী তথা ছবি আৰু ছিৰিজৰ ওপৰতো কঠোৰ নিৰীক্ষণৰ ব্যৱ্থািত কৰিছে চৰকাৰে। এই নিয়ন্ত্ৰণে এনে মাধ্যমবোৰত প্ৰচাৰিত শিল্পৰ স্বাধীনতাত হস্তক্ষেপ কৰাটো স্পষ্ট হৈ পৰিছে। ইণ্টাৰনেটৰ ওপৰত চৰকাৰৰ এই কঠোৰ নিৰীক্ষণে ডিজিটেল ইণ্ডিয়াৰ সপোনক যে কেতিয়াবাই লেকাম লগাই পেলাইছে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ