--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ কথা ব্যাপকভাৱে চৰ্চা হৈছিল। দেশক ডিজিটেলী পৰিচালিত কৰাৰ স্বপ্ন দেখুৱাইছিল নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে। কিন্তু মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সম্পূৰ্ণ বিপৰীত পৰিস্থিতি এটা দেখা গ’ল দেশত। ডিজিটেল মাধ্যমসমূহক নিয়ন্ত্ৰণ কৰিবলৈ নানা পন্থা গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইণ্টাৰনেটৰ মুক্ত ব্যৱহাৰ পদে পদে বিঘ্নিত হৈ পৰা দেখা গ’ল।

আৰু পঢ়িব পাৰিব : সংগীত বিশ্বৰ মহাতাৰকালৈ ‘গ্ৰেমী’, লছ এঞ্জেলছত বৰ্ণাঢ্য কাৰ্যসূচী

একাধিকবাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট সেৱা। কেৱল এয়াই নহয়, শেহতীয়াকৈ ইণ্টাৰনেট তথা বিভিন্ন ডিজিটেল প্লেটফৰ্মক নিয়ন্ত্ৰিত কৰিবলৈ চৰকাৰে নতুন নতুন আইন প্ৰণয়ন কৰা আৰম্ভ কৰিছে। উল্লেখ্য যে, ভাৰতৰ ব্ৰডবেণ্ডৰ গতি বিশ্বৰ ভিতৰতে অন্যতম লেহেমীয়া। ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছোৱাত সমগ্ৰ বিশ্বই ইণ্টাৰনেট নিৰ্ভৰ এক ব্যৱস্থাৰ মাজৰে সকলো কাম-কাজ কৰাৰ চেষ্টা কৰাৰ সময়তো ভাৰতত এইক্ষেত্ৰত থকা নানা প্ৰতিবন্ধকতাই ইণ্টাৰনেট ব্যৱহাৰকাৰীক ক্ষতিগ্ৰস্ত কৰিছিল।

টেলিকম সেৱাৰ অস্থায়ী প্ৰত্যাহাৰৰ অনুমোদন

২০১৭ চনত ভাৰত চৰকাৰে ‘ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট অব ১৯৮৫’ৰ সংশোধন ঘটায়। যি আইনৰ অধীনত টেলিকম সেৱাৰ অস্থায়ী প্ৰত্যাহাৰৰ অনুমোদন দিয়া হয়। ইয়াৰ উপৰি ইণ্টাৰনেট মাধ্যমৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে শেহতীয়াকৈ বলৱৎ কৰিছে ‘দ্য ইনফৰমেচন টেকন’লজী Intermediary Guidelines and Digital Media Ethics Code) ৰুলছ ২০২১’ (the “Intermediary Rules”), যিয়ে ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ গাঁঠনিগত দিশটোকে সলনি কৰি পেলাব। ইয়াৰ অৰ্থ হৈছে কোনো এজন ব্যৱহাৰকাৰী ছ’চিয়েল মিডিয়া একাউণ্ট কঠোৰ আৰু পুংখানুপুংখ নিৰীক্ষণৰ মাজত ৰখা হ’ব।

আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত জব্দ বৃহৎ পৰিমাণৰ গাঁজাঃ আটক ৩ সৰবৰাহকাৰী

ইয়াৰ অৰ্থ এটাই যে, আপোনাৰ ছ’চিয়েল মিডিয়া একাউণ্ট এই নতুন আইনৰ জৰিয়তে আপোনাৰ ব্যক্তিগত অধিকাৰৰ বিষয় হৈ নাথাকিব আৰু চৰকাৰৰ নতুন নিয়ম অনুসৰি ইয়াৰ ওপৰত ব্যৱস্থা কৰা হ’ব। কেৱল এয়াই নহয়, ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু গতিবিধিৰ আধাৰতে বিভিন্ন সংগ্ৰামী তথা ছাত্ৰ-গৱেষকক গ্ৰেপ্তাৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে সমগ্ৰ দেশজুৰি। যিটো ব্যক্তি স্বাধীনতাৰ এপৰত মোক্ষম আঘাত বিবেচিত হৈছে। ডিজিটেল প্লেটফৰ্ম আৰু অ’টিটি (অ’ভাৰ দ্য টপ)প্লেটফৰ্মত প্ৰচাৰ হোৱা বিভিন্ন কাৰ্যসূচী তথা ছবি আৰু ছিৰিজৰ ওপৰতো কঠোৰ নিৰীক্ষণৰ ব্যৱ্থািত কৰিছে চৰকাৰে। এই নিয়ন্ত্ৰণে এনে মাধ্যমবোৰত প্ৰচাৰিত শিল্পৰ স্বাধীনতাত হস্তক্ষেপ কৰাটো স্পষ্ট হৈ পৰিছে। ইণ্টাৰনেটৰ ওপৰত চৰকাৰৰ এই কঠোৰ নিৰীক্ষণে ডিজিটেল ইণ্ডিয়াৰ সপোনক যে কেতিয়াবাই লেকাম লগাই পেলাইছে সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement