--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনে শেষ হাঁহি মাৰিব দিল্লী বিধান সভা নিৰ্বাচনত বিজেপি নে আপ? আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চলিছে ভোট গণনা । প্ৰশ্ন হয় ক্ৰমাগতভাৱে আপে দিল্লীৰ জনসাধাৰণৰ আস্থা জয় কৰিব নে আপৰ ঠাই ল’ব বিজেপিয়ে৷

উল্লেখ্য যে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে যোৱা ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এই নিৰ্বাচনত মুঠ ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। অৱশ্যে নিৰ্বাচনত দিল্লীৰ জনসাধাৰণৰ অংশগ্ৰহণ তেনেই সেৰেঙা আছিল মাত্ৰ মাত্ৰ ৬০.৫৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল। শাসকীয় আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজতে দিল্লী দখলৰ যুঁজ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদিও কংগ্ৰেছ দলে পূৰ্ণ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মূল যুঁজৰ পৰা বহু দূৰত পৰিলক্ষিত হৈছে৷

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে ইতিমধ্যে দলে প্ৰায় ৫০খন আসন লাভ কৰিব বুলি দাবী কৰাৰ পৰিৱৰ্তে। শাসকীয় আম আদমী পাৰ্টিয়েও পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ় প্ৰকাশ কৰিছে। আপ কৰ্মীসকলে দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে।

অৱশ্যে দল দুটাৰ এনে দাবীৰ বিপৰীতে শেহতীয়াকৈ প্ৰকাশ পোৱা বহু এগজিট প’লে এইবাৰ বিজেপিয়ে ২৭ বছৰৰ মূৰত পুনৰ দিল্লীৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে। কেৱল মাত্ৰ দুটা এগজিট প’লত হে আম আদমী পাৰ্টি পুনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি ভোট গণনাৰ অন্তত স্পষ্ট হৈ পৰিব দিল্লীৰ জনতাই কাক আদৰি ল’ব! কোনে মাৰিব বিজয়ীৰ হাঁহি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু