--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনে শেষ হাঁহি মাৰিব দিল্লী বিধান সভা নিৰ্বাচনত বিজেপি নে আপ? আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চলিছে ভোট গণনা । প্ৰশ্ন হয় ক্ৰমাগতভাৱে আপে দিল্লীৰ জনসাধাৰণৰ আস্থা জয় কৰিব নে আপৰ ঠাই ল’ব বিজেপিয়ে৷

উল্লেখ্য যে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে যোৱা ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এই নিৰ্বাচনত মুঠ ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। অৱশ্যে নিৰ্বাচনত দিল্লীৰ জনসাধাৰণৰ অংশগ্ৰহণ তেনেই সেৰেঙা আছিল মাত্ৰ মাত্ৰ ৬০.৫৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল। শাসকীয় আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজতে দিল্লী দখলৰ যুঁজ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদিও কংগ্ৰেছ দলে পূৰ্ণ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মূল যুঁজৰ পৰা বহু দূৰত পৰিলক্ষিত হৈছে৷

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে ইতিমধ্যে দলে প্ৰায় ৫০খন আসন লাভ কৰিব বুলি দাবী কৰাৰ পৰিৱৰ্তে। শাসকীয় আম আদমী পাৰ্টিয়েও পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ় প্ৰকাশ কৰিছে। আপ কৰ্মীসকলে দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে।

অৱশ্যে দল দুটাৰ এনে দাবীৰ বিপৰীতে শেহতীয়াকৈ প্ৰকাশ পোৱা বহু এগজিট প’লে এইবাৰ বিজেপিয়ে ২৭ বছৰৰ মূৰত পুনৰ দিল্লীৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে। কেৱল মাত্ৰ দুটা এগজিট প’লত হে আম আদমী পাৰ্টি পুনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি ভোট গণনাৰ অন্তত স্পষ্ট হৈ পৰিব দিল্লীৰ জনতাই কাক আদৰি ল’ব! কোনে মাৰিব বিজয়ীৰ হাঁহি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ