--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: : ২৭ বছৰৰ পাছত দিল্লী কেন্দ্রীয় শাসিত অঞ্চলৰ বিধানসভাত বিজেপিয়ে একক
সংখ্যাগৰিষ্ঠতা লাভ কৰিলে। শনিবাৰে ঘোষণা কৰা দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত ৭০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে ৪৮ আৰু আম আদমি পার্টিয়ে (আপ) লাভ কৰে ২২খন আসন। 

কংগ্ৰেছে তৃতীয়বাৰৰ বাবে এখনো আসন লাভ কৰিব নোৱাৰিলে। এই নির্বাচনত কংগ্ৰেছ আৰু আপে ৭০খন তথা বিজেপিয়ে ৬৮টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। যোৱাবাৰতকৈ বিজেপিয়ে ৪০খন বেছি আসন লাভ কৰাৰ বিপৰীতে আপে ৪০খন আসন হেৰুৱায়। আপৰ ভোটৰ অংশ ২০২০ চনৰ নিৰ্বাচনৰ ৫৩.৫৭ শতাংশৰ পৰা ১০ শতাংশ হ্রাস পাই ৪৩.৫৭ শতাংশ হয়। আনহাতে বিজেপিৰ ভোটৰ অংশ ৩৮.৫১ শতাংশৰ পৰা ৭ শতাংশ বৃদ্ধি পাই ৪৫.৫৬ শতাংশ হয়। ইফালে তৃতীয়বাৰৰ বাবে এখনো আসন লাভ নকৰা তথা এইবাৰ ৬৭টা সমষ্টিত আমানতৰ ধন হেৰুওৱা কংগ্ৰেছৰ ভোটৰ অংশ ২.১ শতাংশ বৃদ্ধি পাইছে।

২০২০ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ অংশ আছিল ৪.৩ শতাংশ আৰু এইবাৰ ই ৬.৩৪ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিজেপিয়ে ১৯৯৩ চনত ৪৯খন আসন অর্থাৎ দুই তৃতীয়াংশ আসন লাভ কৰিছিল। তেওঁলোকৰ পাঁচবছৰৰ শাসন কালত মদনলাল খুৰানা, চাহিব সিং বার্মা আৰু সুষমা স্বৰাজ মুখ্যমন্ত্রী হৈছিল। ১৯৯৮ চনৰ পাছত দিল্লীত ১৫ বছৰ কংগ্ৰেছে শাসন কৰে।ইয়াৰ পাছত ২০১৩ চনত আহে আম আদমি পাৰ্টিৰ চৰকাৰ।

(উৎস দৈনিক জনমভূমি)




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ