--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দখল কৰিলে ঠিকেই, কিন্তু চলাব কেনেকৈ? ছ’চিয়েল মিডিয়াত সময়ে সময়তে এখন আমোদজনক চিত্ৰ প্ৰচাৰ হোৱা দেখা যায়। ছবিখনত এজাক বান্দৰে এখন বিলাসী চাৰিচকীয়া বাহনৰ ওপৰে-তলে ওলমা বাদুলি দি থকা দেখা যায়। ছবিখনৰ সৈতে কোনো ৰসিক লোকে সংযোগ কৰা কেপচন হৈছে, দখল কৰিছে ঠিকেই চলাব কিন্তু কোনেও নাজানে। ঠিক একে অৱস্থাই হৈছে এইসকল শাসকৰো। অস্ত্ৰ বলেৰে দেশ দখল কৰিছে ঠিকেই কিন্তু চলাব কিন্তু কোনেও নাজানে চলাব কেনেকৈ? দেশ চলিবই বা কিহেৰে? ক’ব খোজা হৈছে আফগানিস্তানৰ কথা। দেশখনত মৌলবাদী সন্ত্ৰাসাবাদী তালিবানে শাসন দখল কৰাৰ এমাহ হ’ল। দেশৰ পৰিস্থিতি এতিয়াও অস্থিৰ। গভীৰ অনিশ্চয়তাই বিৰাজ কৰিছে দেশখনত।

Photo Credit : Internet

এতিয়া দেশখনত প্ৰৱল অৰ্থসংকট। সকলো আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ আমদানি বন্ধ কৰি দিয়াৰ পাছত এতিয়া শোচনীয় হৈ পৰিছে আফগানিস্তানৰ অৱস্থা। তালিবান চৰকাৰে ইতিমধ্যে বেংকৰ পৰা ধন উলিওৱাৰ সৰ্বোচ্ছ সীমা নিৰ্ধাৰণ কৰি দিছে। কিন্তু এই ব্যৱস্থাই সমাধান কৰিব পৰাতকৈ অতি বেছি জটিল দেশখনৰ অৰ্থনৈতিক অনগ্ৰসৰতা। নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি বিগত এটা মাহে তালিবানৰ যুঁজাৰুসকলেও লাভ কৰা নাই ধন। বিশ্বৰ বেছিভাগ দেশেই তালিবানৰ শাসনক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে। ‘ইছলামিক এমিৰেটাছ অব আফগানিস্তান’ বুলি নামকৰণ কৰা এই তালিবানৰাজত সেইবাবে কোনো আন্তঃৰাষ্ট্ৰীয় আর্থিক সহযোগ নথকাৰে কথা। ইতিমধ্যে, আইএমএফ আৰু বিশ্ববেংকেও দেশখনলৈ ঋণ দিয়াটো বন্ধ কৰি দিছে। আনহাতে আমেৰিকাই ৯.৪বিলিয়ন ডলাৰৰ অৰ্থসাহায্য ঘূৰাই নিছে। তদুপৰি ‘দ্য ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ’-এ সংস্থাটোৰ ৩৯খন সদস্য দেশক তালিবানলৈ সাহায্য দিয়াৰ পৰা বাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত দেশখনত সৃষ্টি হৈছে অভূতপূৰ্ব অৰ্থ সংকটৰ। ৰাষ্ট্ৰসংঘই আশংকা ব্যক্ত কৰিছে যে, এনে পৰিস্থিতি অব্যাহত থাকিলে দেশখনৰ ৯৭শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তললৈ গতি কৰিব। এয়া অতি উদ্বেগজনক বিষয় হৈ পৰিব। মন কৰিবলগীয়া যে, তালিবানৰ শাসনৰ পূৰ্বে দেশখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোক আছিল ৭২শতাংশ।

Photo Credit : Internet


নিউয়ৰ্ক পোষ্টৰ মতে, একাধিক গুৰুত্বপূৰ্ণ মহানগৰত তালিবানৰ বৃহৎসংখ্যক সদস্যই সামান্য পৰিমাণৰ আহাৰ আৰু প্ৰায় অনিদ্ৰাৰে ট্ৰাকৰ ভিতৰতে ৰাতি কটাবলগীয়া হৈছে। কিছুসংখ্যকে সাধ্য অনুসৰি আশ্ৰয় বিচাৰি লোৱাৰ চেষ্টা কৰিছে। প্ৰতিবেদনখনৰ মতে, স্থানীয় লোকেহে খাদ্য তথা অন্যান্য সামগ্ৰীৰ যোগান ধৰিছে তালিবানৰ সদস্যসকলক। তালিবান চৰকাৰে ইতিমধ্যে নাগৰিকসকলৰ বাবে বেংকৰ পৰা ধন উলিওৱাৰ সৰ্বোচ্চ সীমা ২০০ ডলাৰ নিৰ্ধাৰণ কৰি দিছে। আফগান লোকসকলে দীঘলীয়া পথ অতিক্ৰম কৰি চহৰত থকা বেংকৰ সন্মুখত দীৰ্ঘ সময় শাৰী পাতি থকাৰ পাছতহে উলিয়াব পাৰিছে ধন। ইফালে তালিবানে ক্ষমতা দখল কৰাৰ পাছৰেপৰা ভালেমান বেংক বন্ধ হৈ আছে আৰু যিকেইটা বেংক খোলা আছে তাতো ধনৰ নাটনি হৈছে। মুঠতে গাড়ীখন দখল কৰি সোঁৱে-বাৱে ওলোমা-বাদুলি দিয়া কপিকুলৰ দৰেই তালিবানে দেশখন দখল কৰিছে ঠিকেই কিন্তু চলাব কিদৰে সেয়া এক উত্তৰবিহীন প্ৰশ্ন হৈ ৰৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক