--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দখল কৰিলে ঠিকেই, কিন্তু চলাব কেনেকৈ? ছ’চিয়েল মিডিয়াত সময়ে সময়তে এখন আমোদজনক চিত্ৰ প্ৰচাৰ হোৱা দেখা যায়। ছবিখনত এজাক বান্দৰে এখন বিলাসী চাৰিচকীয়া বাহনৰ ওপৰে-তলে ওলমা বাদুলি দি থকা দেখা যায়। ছবিখনৰ সৈতে কোনো ৰসিক লোকে সংযোগ কৰা কেপচন হৈছে, দখল কৰিছে ঠিকেই চলাব কিন্তু কোনেও নাজানে। ঠিক একে অৱস্থাই হৈছে এইসকল শাসকৰো। অস্ত্ৰ বলেৰে দেশ দখল কৰিছে ঠিকেই কিন্তু চলাব কিন্তু কোনেও নাজানে চলাব কেনেকৈ? দেশ চলিবই বা কিহেৰে? ক’ব খোজা হৈছে আফগানিস্তানৰ কথা। দেশখনত মৌলবাদী সন্ত্ৰাসাবাদী তালিবানে শাসন দখল কৰাৰ এমাহ হ’ল। দেশৰ পৰিস্থিতি এতিয়াও অস্থিৰ। গভীৰ অনিশ্চয়তাই বিৰাজ কৰিছে দেশখনত।

Photo Credit : Internet

এতিয়া দেশখনত প্ৰৱল অৰ্থসংকট। সকলো আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ আমদানি বন্ধ কৰি দিয়াৰ পাছত এতিয়া শোচনীয় হৈ পৰিছে আফগানিস্তানৰ অৱস্থা। তালিবান চৰকাৰে ইতিমধ্যে বেংকৰ পৰা ধন উলিওৱাৰ সৰ্বোচ্ছ সীমা নিৰ্ধাৰণ কৰি দিছে। কিন্তু এই ব্যৱস্থাই সমাধান কৰিব পৰাতকৈ অতি বেছি জটিল দেশখনৰ অৰ্থনৈতিক অনগ্ৰসৰতা। নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি বিগত এটা মাহে তালিবানৰ যুঁজাৰুসকলেও লাভ কৰা নাই ধন। বিশ্বৰ বেছিভাগ দেশেই তালিবানৰ শাসনক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে। ‘ইছলামিক এমিৰেটাছ অব আফগানিস্তান’ বুলি নামকৰণ কৰা এই তালিবানৰাজত সেইবাবে কোনো আন্তঃৰাষ্ট্ৰীয় আর্থিক সহযোগ নথকাৰে কথা। ইতিমধ্যে, আইএমএফ আৰু বিশ্ববেংকেও দেশখনলৈ ঋণ দিয়াটো বন্ধ কৰি দিছে। আনহাতে আমেৰিকাই ৯.৪বিলিয়ন ডলাৰৰ অৰ্থসাহায্য ঘূৰাই নিছে। তদুপৰি ‘দ্য ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ’-এ সংস্থাটোৰ ৩৯খন সদস্য দেশক তালিবানলৈ সাহায্য দিয়াৰ পৰা বাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিতত দেশখনত সৃষ্টি হৈছে অভূতপূৰ্ব অৰ্থ সংকটৰ। ৰাষ্ট্ৰসংঘই আশংকা ব্যক্ত কৰিছে যে, এনে পৰিস্থিতি অব্যাহত থাকিলে দেশখনৰ ৯৭শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তললৈ গতি কৰিব। এয়া অতি উদ্বেগজনক বিষয় হৈ পৰিব। মন কৰিবলগীয়া যে, তালিবানৰ শাসনৰ পূৰ্বে দেশখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোক আছিল ৭২শতাংশ।

Photo Credit : Internet


নিউয়ৰ্ক পোষ্টৰ মতে, একাধিক গুৰুত্বপূৰ্ণ মহানগৰত তালিবানৰ বৃহৎসংখ্যক সদস্যই সামান্য পৰিমাণৰ আহাৰ আৰু প্ৰায় অনিদ্ৰাৰে ট্ৰাকৰ ভিতৰতে ৰাতি কটাবলগীয়া হৈছে। কিছুসংখ্যকে সাধ্য অনুসৰি আশ্ৰয় বিচাৰি লোৱাৰ চেষ্টা কৰিছে। প্ৰতিবেদনখনৰ মতে, স্থানীয় লোকেহে খাদ্য তথা অন্যান্য সামগ্ৰীৰ যোগান ধৰিছে তালিবানৰ সদস্যসকলক। তালিবান চৰকাৰে ইতিমধ্যে নাগৰিকসকলৰ বাবে বেংকৰ পৰা ধন উলিওৱাৰ সৰ্বোচ্চ সীমা ২০০ ডলাৰ নিৰ্ধাৰণ কৰি দিছে। আফগান লোকসকলে দীঘলীয়া পথ অতিক্ৰম কৰি চহৰত থকা বেংকৰ সন্মুখত দীৰ্ঘ সময় শাৰী পাতি থকাৰ পাছতহে উলিয়াব পাৰিছে ধন। ইফালে তালিবানে ক্ষমতা দখল কৰাৰ পাছৰেপৰা ভালেমান বেংক বন্ধ হৈ আছে আৰু যিকেইটা বেংক খোলা আছে তাতো ধনৰ নাটনি হৈছে। মুঠতে গাড়ীখন দখল কৰি সোঁৱে-বাৱে ওলোমা-বাদুলি দিয়া কপিকুলৰ দৰেই তালিবানে দেশখন দখল কৰিছে ঠিকেই কিন্তু চলাব কিদৰে সেয়া এক উত্তৰবিহীন প্ৰশ্ন হৈ ৰৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগৰ অন্ত! ভক্তৰ বাবে পুনৰ মুকলি মা কামাখ্যা ধামৰ দ্বাৰ
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...