--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰথম পূজনীয় দেৱতা পিতৃ-মাতৃ। পিতৃ-মাতৃক কৰা সেৱাই হৈছে তেওঁলোকলৈ সন্তানে আগবঢ়োৱা সৰ্বোত্তম প্ৰতিদান।নিজৰ জীৱন তথা কৰ্মক প্ৰাধান্য দিয়া বহু পুত্ৰই জন্মদাতা পিতৃ-মাতৃক অৱহেলা কৰা ঘটনা এইখন সমাজত তেনেই সুলভ। যাৰ ফলত বৃদ্ধ পিতৃ-মাতৃৰ অন্তিম ঠিকনা হয়গৈ বৃদ্ধাবাস বা পদপথ। নিজৰ পিতা-মাতাৰ প্ৰতি কৰণীয় দায়িত্বৰ কথা আহিলেই আমাৰ সমাজত শ্ৰৱণ কুমাৰ সদায় উপমা হৈ আহিছে। সেই শ্ৰৱণ কুমাৰ আছিল ৰামায়ন যুগৰ। কিন্তু সময়ে সময়ে ভিন্নজন আধুনিক যুগৰ শ্ৰৱণ কুমাৰো দেখা গৈছে।

শ্ৰৱণ কুমাৰৰূপী আন এজন সুপুত্ৰই বৃদ্ধ পিতৃ-মতৃক কান্ধত কঢ়িয়াই ম্যানমাৰৰ পৰা বাংলাদেশৰ গন্তব্যস্থানলৈ লৈ যায়। দুটা খৰাহীত পিতৃ-মতৃক বহুৱাই কান্ধত ভাৰ বান্ধি ৭ দিন ধৰি খোজকাঢ়ি যুৱকজনে নিজৰ গন্তব্যস্থান পায়। বৃদ্ধ দম্পতীহাল লৰচৰ কৰিবলৈ অপাৰগ বুলি তথ্যত প্ৰকাশ। আৰপিজি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ ৱৰ্ধন গোৱেংকাই শ্বেয়াৰ কৰা এই হৃদয় বিগলিত কৰা ফটোখন ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যুৱকজনৰ এই কৰ্মই ঘৃণা আৰু লোভৰ পৃথিৱীত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ