--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শীৰ্ষ চোৰাংচোৱা সংস্থা ডিফেঞ্চ ইণ্টেলিজেঞ্চ এজেন্সিৰ মূৰব্বী লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়াৰৰ এক মন্তব্যই এতিয়া আতংকৰ সৃষ্টি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত।মঙলবাৰে চোৰাংচোৱা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ এক সন্মিলনত ভাগ লৈ তেওঁ কয়, “ আমাৰ হাতত পৰা শেহতীয়া তথ্য অনুসৰি অনাগত এটা বা দুটা বছৰৰ ভিতৰত আল-কাইদাই আফগানিস্তানত নতুনকৈ শক্তি সঞ্চয় কৰিব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰাই এবাৰ আক্ৰমণ চলাব”।


আৰু তেওঁৰ দাবী সঁচা প্ৰতিপন্ন হ’লে আমেৰিকা যুক্ত্ৰৰাষ্ট্ৰই আফগানিস্তানত সন্ত্ৰাসৰ শিপা উভালি থৈ অহা বুলি কৰা দাবী অসাৰ প্ৰতিপন্ন হ’ব।উল্লেখ্য যে আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰি সমালোচনাৰ সন্মুখীন হৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈ আহিছে যে আফগানিস্তানত ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত জড়িত হোৱাটো তেওঁলোকৰ দায়িত্ব নাছিল।

১১ ছেপ্টেম্বৰ ২০০১ ৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান লক্ষ্য আছিল আফগানিস্তানৰ ভূমিৰ পৰা আল- কাইদাক উৎখাত কৰা আৰু ওচামা বিন লাডেনক নিধন কৰা।
কিন্তু স্ক্ট বেৰিয়াৰৰ মন্তব্যৰ পিছত আফগানিস্তানৰ ভূমিৰ পৰা আল- কাইদাক সম্পূৰ্ণৰূপে উৎখাত কৰাত যে আমেৰিকান চৰকাৰ ব্যৰ্থ হ’ল আৰু দেশখনত যে পুনৰ শক্তি সঞ্চয় কৰিব পৰা অৱস্থাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটো এতিয়াও আছে সেয়াই প্ৰতিপন্ন হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক