--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃআজি নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত ষ্টেকহোল্ডাৰ সন্মিলনত  কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ  মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে নাগালেণ্ডৰ জলপথৰ সম্ভাৱনীয়তাক অধিক সক্ষম কৰি তোলাৰ  লক্ষ্যৰে বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ই শ্ৰী সোণোৱালৰ সৈতে সহমত প্ৰকাশ কৰি ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আই ডব্লিউ এ আই) আৰু চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত  টিজু জুংকি (ৰাষ্ট্ৰীয় জলপথ ১০১)জলপথৰৰ  উন্নয়নৰ কথা ঘোষণা কৰে। নাগালেণ্ডৰ নেভিগেছনৰ সম্ভাৱনীয়তাৰ বাবে অধ্যয়ন কৰিবলৈ দুয়োটা বিভাগে একেলগে কাম কৰিব বুলিও তেওঁ কয়। শ্ৰী ৰিঅ' আৰু শ্ৰী সোণোৱালে কমিউনিটি জেটীৰ সৈতে দোয়াং নদী হ্ৰদৰ অপৰিসীম পৰ্যটন সম্ভাৱনাৰ  বিকাশৰ বাবে উদ্যোগগ্ৰহণ কৰাৰ  লগতে ৰ' পেক্স ফেৰীৰ সম্ভাৱনীয়তাৰ বিষয়ে অধ্যয়ন কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

                                                        

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ন’ডেল এজেন্সী ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ উদ্যোগত আজি নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হোৱা ষ্টেকহোল্ডাৰ সন্মিলনৰ মত বিনিময় অধিৱেশনত  এই কথা ঘোষণা কৰা হয়। সন্মিলনত উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত য়ান্থুংগো পেট্টন; নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী শ্ৰী টেমজেন ইমনা আলং; লোকসভাৰ  সদস্য এছ এছ জমিৰ; ৰাজ্যসভাৰ সদস্য ফাংনন কনিয়াক; বিধানসভাৰ সদস্য (বিধায়ক) আৰু উপদেষ্টা, নাগালেণ্ড, এম ইয়ান্থান; বিধায়ক তথা পৰিবহণ আৰু কাৰিকৰী শিক্ষাৰ উপদেষ্টা  টেমজেনমেনবা; বিধায়ক আৰু উপদেষ্টা, এছ কে য়িমচুংগাৰ; নাগালেণ্ডৰ বিধায়ক জে এন নিউথে; নাগালেণ্ডৰ বিধায়ক চি কে সন্তম; আই ডব্লিউ এ আইৰ উপাধ্যক্ষ শ্ৰী সুনীল সিং; নাগালেণ্ড চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্ত আৰু সচিব,ভাৰত চৰকাৰৰ লগতে নাগালেণ্ড চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। 

                                                         

এই সন্মিলনত  ভাষণ প্ৰদান কৰি  শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘জলপথ হৈছে আটাইতকৈ মিতব্যয়ী, বহনক্ষম আৰু কাৰ্যক্ষম পৰিবহণ পদ্ধতি। আমাৰ আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে দেশত এক কাৰ্যক্ষম আৰু ফলপ্ৰসূ পৰিবহণ পদ্ধতি গঢ়ি তোলাৰ বাবে দেশৰ অন্তৰ্দেশীয় জলপথক সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। প্ৰধানমন্ত্ৰী  মোডীজীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ  দিশত  আমাৰ দেশৰ চহকী সম্পদৰাজিক সক্ষম কৰি এক দশকৰো কম সময়ৰ ভিতৰতে ভাৰতক বিশ্বৰ  পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত কৰাৰ দিশত কাম কৰি আহিছে। মোদীজীয়ে কল্পনা কৰাৰ ধৰণে ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে উত্তৰ-পূবৰ বিশেষ  ভূমিকা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ জটিল আৰু গতিশীল মিশ্ৰণে আমাক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত  এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে। আমি অঞ্চলটোৰ জলপথৰ উন্নয়নৰ বাবে ইয়াক অধিক  গতিশীল কৰি তুলিবলৈ  দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি সেই পথতে কাম কৰি আছো। আজি ইয়াত উপস্থিত থকা সকলো অংশীদাৰ, যেনে পৰিবহণকাৰী,  ব্যৱসায়ী,  জাহাজৰ মালিকক অঞ্চলটোৰ নৱীকৃত জলপথে প্ৰদান কৰা সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।”

শ্ৰী ৰিঅ’ আৰু শ্ৰী সোণোৱালে অঞ্চলটোৰ যুৱক-যুৱতীসকলক সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰত সামুদ্ৰিক দক্ষতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈও আহ্বান জনায়। এনে প্ৰশিক্ষণ গ্ৰহণ কৰি  যাতে যুৱক-যুৱতীসকলে সামুদ্ৰিক খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে সেই বিষয়তো তেওঁলোকে গুৰুত্ব আৰোপ কৰে। নাগালেণ্ডত এন ডব্লিউ ১০১ লংমাত্ৰা  (নাগালেণ্ড)ৰ পৰা আভাংখুলৈ বৈ গৈছে।  এই অংশত  আই ডব্লিউ টিৰ সম্ভাৱনীয়া সম্পৰ্কীয়  অধ্যয়ন আই ডব্লিউ এ আইয়ে চলাব।  এই অধ্যয়নত  নূন্যতম আন্তঃগাঁথনি, দক্ষতা বিকাশ আৰু জাহাজ ক্ৰয়ৰ লগতে  জলপথৰ উন্নয়ন, নেভিগেছনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় তথা টাৰ্মিনেলৰ দৃষ্টিকোণৰ পৰা বিষয়সমূহ পৰীক্ষা কৰি চোৱা হ’ব।

                                                           

আই ডব্লিউ এ আইৰ জৰিয়তে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অঞ্চলটোৰ জটিল আৰু গতিশীল জলপথসমূহক সবলীকৰণ তথা সক্ষম কৰি তোলাৰ  দিশত কাম কৰি আহিছে। সংস্থাটোৱে সম্প্ৰতি একাধিক প্ৰকল্পত কাম কৰি আছে। সেইবোৰৰ ভিতৰত এন ডব্লিউ ২ আৰু এন ডব্লিউ ১৬ৰ দৰে একাধিক ৰাষ্ট্ৰীয় জলপথৰ ইণ্ডো বাংলাদেশ প্ৰট’কল ৰুট (আই বি পি আৰ)ৰ সৈতে সংযোগ স্থাপন কৰা   কালাডন মাল্টিম’ডাল ট্ৰেনজিট পৰিবহণ প্ৰকল্প,   আই বি পি আৰত সূচল জলপথৰ উন্নয়ন তথা বন্দৰ আদিৰ প্ৰকল্প  অন্যতম।

নাগালেণ্ডৰ তিজু নদী আৰু ম্যানমাৰৰ হতামান্তিত চিন্ডাউন নদী (ইৰাৱতী নদীৰ তৃতীয় সৰ্ববৃহৎ উপনদী, যাক ম্যানমাৰৰ নিংথি নদী বুলিও জনা যায়) লৈ প্ৰবাহিত হৈছে। চিন্ডাউন নদীয়ে  ম্যানমাৰৰ সৰ্ববৃহৎ নদী ইৰাৱতী নদীত মিলিত হৈছে। মান্দালয় চাউক, প্ৰমে আৰু  হিন্থাডাৰ দৰে নদী বন্দৰৰ মাজেৰেবৈ অহাৰ  পিছত ইৰাৱতী ব-দ্বীপ হৈ আন্দামান সাগৰত বিলীন হৈ পৰিছে ইৰাৱতী নদী। ফলত এই নদী পথ  উত্তৰ-পূবৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক্ষেত্ৰলৈ জলপথেৰে কাৰ্গোৰ চলাচলৰ  এক বিকল্প সুযোগ হিচাবে পৰিগণিত হৈছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট