--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঐতিহাসিক গোচৰটোৱে মঙলবাৰে আদালতত চূড়ান্ত পৰ্যায়ত উপনীত হয়। ইয়াৰ মাজতে পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে এক সাক্ষাৎকাৰত দাবী কৰে যে তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে। ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ অন্যতম সাক্ষী ষ্টৰ্মি। 

পৰ্ণ তাৰকাগৰাকীয়ে দাবী কৰিছিল যে ২০০৬ চনত ট্ৰাম্পৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক আছিল। ষ্টৰ্মীয়ে লগতে দাবী কৰে যে ট্ৰাম্পে তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ বিপুল ধন দিছিল। অভিযোগ কৰা হৈছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱা বছৰটো নিৰ্বাচনী প্ৰচাৰৰ সময়ত ষ্টৰ্মিৰ সৈতে ট্ৰাম্পৰ যোগাযোগ প্ৰকাশ নহ’বলৈ এই উৎকোচ দিয়া হৈছিল।

সাক্ষাৎকাৰটোত ষ্টৰ্মীয়ে দাবী কৰে যে ট্ৰাম্প সমৰ্থকে কোনো পৰিচয় লুকুৱাই নিদিয়াকৈ তেওঁক হত্যা কৰাৰ ভাবুকি দিছে। ষ্টৰ্মিৰ ভাষাত ক'বলৈ গ'লে, "পাঁচ-ছয় বছৰৰ আগতে আমাৰ পেছাটোক কেৱল অসন্মান কৰা হৈছিল আৰু কুৎসিত মন্তব্য কৰা হৈছিল। কিন্তু এতিয়া মোক হত্যাৰ ভাবুকি দিবলৈ কোনেও লাজ কৰা নাই। মই জানিব বিচাৰো, যিসকলে মোক এই সকলোবোৰ কৈছে, তেওঁলোকে নিজৰ মাক, ভনীয়েক বা ছোৱালীৰ লগতো একেধৰণৰ ব্যৱহাৰ কৰেনে?''

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী