--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঐতিহাসিক গোচৰটোৱে মঙলবাৰে আদালতত চূড়ান্ত পৰ্যায়ত উপনীত হয়। ইয়াৰ মাজতে পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে এক সাক্ষাৎকাৰত দাবী কৰে যে তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে। ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ অন্যতম সাক্ষী ষ্টৰ্মি। 

পৰ্ণ তাৰকাগৰাকীয়ে দাবী কৰিছিল যে ২০০৬ চনত ট্ৰাম্পৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক আছিল। ষ্টৰ্মীয়ে লগতে দাবী কৰে যে ট্ৰাম্পে তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ বিপুল ধন দিছিল। অভিযোগ কৰা হৈছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱা বছৰটো নিৰ্বাচনী প্ৰচাৰৰ সময়ত ষ্টৰ্মিৰ সৈতে ট্ৰাম্পৰ যোগাযোগ প্ৰকাশ নহ’বলৈ এই উৎকোচ দিয়া হৈছিল।

সাক্ষাৎকাৰটোত ষ্টৰ্মীয়ে দাবী কৰে যে ট্ৰাম্প সমৰ্থকে কোনো পৰিচয় লুকুৱাই নিদিয়াকৈ তেওঁক হত্যা কৰাৰ ভাবুকি দিছে। ষ্টৰ্মিৰ ভাষাত ক'বলৈ গ'লে, "পাঁচ-ছয় বছৰৰ আগতে আমাৰ পেছাটোক কেৱল অসন্মান কৰা হৈছিল আৰু কুৎসিত মন্তব্য কৰা হৈছিল। কিন্তু এতিয়া মোক হত্যাৰ ভাবুকি দিবলৈ কোনেও লাজ কৰা নাই। মই জানিব বিচাৰো, যিসকলে মোক এই সকলোবোৰ কৈছে, তেওঁলোকে নিজৰ মাক, ভনীয়েক বা ছোৱালীৰ লগতো একেধৰণৰ ব্যৱহাৰ কৰেনে?''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক