--°C
Loading...
Listen to Article
2 min read
80%

চিত্তোৰ: নৰবলিৰ এক এক আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত৷ এগৰাকী মাতৃয়ে দেওবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাৰ মদনপালে চহৰত তেওঁৰ দুই কন্যাক একেলগে হত্যা কৰে৷ অভিযুক্ত পদ্মজা নামৰ মহিলাগৰাকীয়ে দুই কন্যাক হত্যা কৰিবলৈ ডাম্বেল ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে৷ মৃত যুৱতীকেইগৰাকীকক আলেখ্যা (২৭) আৰু সাই দিব্যা (২২) বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ স্বামীও হত্যাকাণ্ডটোত জড়িত আছিল।

আৰু পঢ়িব পাৰিব : ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপো : অংশ ল’ব ৪খন দেশৰ প্ৰতিনিধিয়ে

ঘটনাটোৰ বিষয়ে কৰা সোধা-পোছাত অভিযুক্তকেইগৰাকীয়ে কয় যে সূৰ্যোদয়ৰ পাছত তেওঁলোকৰ কন্যা দুগৰাকী পুনৰ জীৱিত হ'ব৷ কিয়নো 'কলিযুগ' শেষ হৈ সোমবাৰৰপৰা 'সত্যযুগ' আৰম্ভ হ'ব। উল্লেখ্য যে, পদ্মজা আৰু তেওঁৰ স্বামী পুৰুষোত্তম নাইডুৱে এখন বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰে। দম্পতীটোৰ ডাঙৰ ছোৱালী আলেখ্যাই ভূপালত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল, আনহাতে সৰু ছোৱালী সাই দিব্যা বিবিএ স্নাতক আছিল। দিব্যা মুম্বাইৰ এ আৰ ৰহমান মিউজিক স্কুলত শিক্ষাগ্ৰহণ কৰি আছিল আৰু লকডাউনৰ সময়ত ঘৰলৈ উভতি আহিছিল।

আৰু পঢ়িব পাৰিব : নেপালত ৰাজনৈতিক অস্থিৰতাৰ নতুন মোৰ, বিপদ বৃদ্ধি কে পি অ’লিৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে দম্পতীটোৱে লকডাউনৰ সময়ত আৰু বিশেষকৈ দেওবাৰে নিশা অদ্ভুত আচৰণ কৰি আছিল। চুবুৰীয়াসকলে আচৰিত শব্দ আৰু কান্দোন শুনি আৰক্ষীক ফোন কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ এগৰাকী কন্যাৰ মৃতদেহ পূজা কৰা কোঠাৰপৰা আৰু আন এটা মৃতদেহ আন এটা উদ্ধাৰ কৰা হৈছিল । মৃতদেহকেইটা ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ