--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিচাজাতীয় দ্ৰব্যই ধ্বংসৰ গৰাহলৈ ঠেলিছে দেশৰ একাংশ লোকক। বিশেষকৈ যুব প্ৰজন্ম ইয়াৰদ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে। দুপেগ নধৰিলে যেন টোপনিয়ে নাহে বহুতৰ!
সমাজ সচেতন লোক তথা কিছুসংখ্যক ৰাজ্যৰ চৰকাৰে মদ নিবাৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে এগৰাকী মন্ত্ৰীৰ বক্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে ৰাজ্যখনত মদ নিবাৰণৰ বাবে চেষ্টা চলাই থকাৰ বিপৰীতে তেওঁৰে মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে মদ খাবলৈ উপদেশ দিছে জনতাক।
ভুপেশ বাঘেল চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অনিলা ভেডিয়াই মদ খাবলৈ উপদেশ দিয়া এক ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভেডিয়াই পুৰুষসকলক অলপ অচৰপ সুৰাপান কৰি শুই যাবলৈ উপদেশ দিছে যাতে মহিলাসকল চাপমুক্ত হৈ থাকিব পাৰে। মন্ত্ৰীগৰাকীৰ মতে গোটেই দিন ঘৰুৱা কাম কৰি কৰি মহিলাসকল ভাগৰুৱা হৈ পৰে গতিকে পুৰুষসকলে কম পৰিমাণৰ সুৰাপান কৰি শুই যাব লাগে যাতে মহিলাসকলে বেছি অত্যধিক চাপ ল'বলগীয়া নহয়। এই আচহুৱা উপদেশ আগবঢ়োৱাৰ লগে লগে অনিলা ভেডিয়া যথেষ্ট সমালোচনাৰ সন্মুখীন হয়। ভেডিয়াৰ বিতৰ্কিত ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


বুধবাৰে বালোদ জিলাৰ সিংহোলা গাৱঁত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ পৰা সুৰা সম্পৰ্কীয় বহু অভিযোগ লাভ কৰিছিল। চৰকাৰে গঞা ৰাইজক ফটিকা উৎপাদনৰ অনুমতি দিয়াৰেপৰা ইয়াৰ সেৱনৰ মাত্ৰা বাঢ়ি যোৱা বুলিও গাঁওখনৰ বহুসংখ্যক মহিলাই অভিযোগ উত্থাপন কৰে। ঘৰ-পৰিয়াল চম্ভালিবলগা হোৱা মহিলাসকলে ইয়াৰ বাবে অত্যধিক মানসিক চাপ পোৱা বুলি অভিহিত কৰি ভেডিয়াই গাঁৱৰ পুৰুষসকলক কয়, 'থোৰি থোৰি পি লিয়া কৰো অউৰ চো যায়া কৰো(অলপ অলপ সুৰাপান কৰা আৰু শুই যোৱা)'।
অৱশ্যে পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে ঘটনা সংক্ৰান্তত স্পষ্টীকৰণ দি কয় যে, তেওঁৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে। এয়া এক ৰাজনৈতিক অভিসন্ধি বুলিও কয় ভেডিলাই। 'মই সুৰাসক্ত লোকসকলক কমকৈ সুৰাপান কৰিবলৈহে কৈছিলোঁ', অনিলা ভেডিয়া।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক