--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিচাজাতীয় দ্ৰব্যই ধ্বংসৰ গৰাহলৈ ঠেলিছে দেশৰ একাংশ লোকক। বিশেষকৈ যুব প্ৰজন্ম ইয়াৰদ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে। দুপেগ নধৰিলে যেন টোপনিয়ে নাহে বহুতৰ!
সমাজ সচেতন লোক তথা কিছুসংখ্যক ৰাজ্যৰ চৰকাৰে মদ নিবাৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে এগৰাকী মন্ত্ৰীৰ বক্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে ৰাজ্যখনত মদ নিবাৰণৰ বাবে চেষ্টা চলাই থকাৰ বিপৰীতে তেওঁৰে মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে মদ খাবলৈ উপদেশ দিছে জনতাক।
ভুপেশ বাঘেল চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অনিলা ভেডিয়াই মদ খাবলৈ উপদেশ দিয়া এক ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভেডিয়াই পুৰুষসকলক অলপ অচৰপ সুৰাপান কৰি শুই যাবলৈ উপদেশ দিছে যাতে মহিলাসকল চাপমুক্ত হৈ থাকিব পাৰে। মন্ত্ৰীগৰাকীৰ মতে গোটেই দিন ঘৰুৱা কাম কৰি কৰি মহিলাসকল ভাগৰুৱা হৈ পৰে গতিকে পুৰুষসকলে কম পৰিমাণৰ সুৰাপান কৰি শুই যাব লাগে যাতে মহিলাসকলে বেছি অত্যধিক চাপ ল'বলগীয়া নহয়। এই আচহুৱা উপদেশ আগবঢ়োৱাৰ লগে লগে অনিলা ভেডিয়া যথেষ্ট সমালোচনাৰ সন্মুখীন হয়। ভেডিয়াৰ বিতৰ্কিত ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


বুধবাৰে বালোদ জিলাৰ সিংহোলা গাৱঁত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ পৰা সুৰা সম্পৰ্কীয় বহু অভিযোগ লাভ কৰিছিল। চৰকাৰে গঞা ৰাইজক ফটিকা উৎপাদনৰ অনুমতি দিয়াৰেপৰা ইয়াৰ সেৱনৰ মাত্ৰা বাঢ়ি যোৱা বুলিও গাঁওখনৰ বহুসংখ্যক মহিলাই অভিযোগ উত্থাপন কৰে। ঘৰ-পৰিয়াল চম্ভালিবলগা হোৱা মহিলাসকলে ইয়াৰ বাবে অত্যধিক মানসিক চাপ পোৱা বুলি অভিহিত কৰি ভেডিয়াই গাঁৱৰ পুৰুষসকলক কয়, 'থোৰি থোৰি পি লিয়া কৰো অউৰ চো যায়া কৰো(অলপ অলপ সুৰাপান কৰা আৰু শুই যোৱা)'।
অৱশ্যে পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে ঘটনা সংক্ৰান্তত স্পষ্টীকৰণ দি কয় যে, তেওঁৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে। এয়া এক ৰাজনৈতিক অভিসন্ধি বুলিও কয় ভেডিলাই। 'মই সুৰাসক্ত লোকসকলক কমকৈ সুৰাপান কৰিবলৈহে কৈছিলোঁ', অনিলা ভেডিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?