--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। 'মদ স্বাস্থ্যৰ বাবে হানিকাৰক', 'স্মোকিং কিলছ', 'টবেকো ইজ ইনজুৰিয়াছ টু হেলথ'… আপুনি সেৱন কৰা প্ৰতিটো মাদক দ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পেকেটত লিখা থাকে এনেবোৰ বাৰ্তা। তাৰ পাছতো আপুনি স্ব-ইচ্ছাই সেৱন কৰে জীৱন ধ্বংসকাৰী দ্ৰব্যবোৰ। ৰাগিয়াল বস্তু সেৱন কৰি কৰি মানুহবোৰ হিংস্ৰ হৈ গৈছে। পাহৰি গৈছে হিতাহিত জ্ঞান। উন্মাদ অসুৰৰ দৰে কৰি গৈছে শিহৰণকাৰী, জঘন্য কাম; লৈছে ইজনে-সিজনৰ প্ৰাণ ।


অপৰাধজগতত নিতৌ সংঘটিত হৈছে ইটোৰ পাছত সিটো বুকু কঁপাই যোৱা ঘটনা। নিজৰ প্ৰাপ্য চিগাৰেটৰ পইচা বিচৰা বাবেই প্ৰাণ হেৰুৱাবলগা হ'ল এজন দোকানীয়ে। ঘটনাৰ স্থান মধ্য প্ৰদেশৰ দেওলণ্ড চহৰ। এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত চাৰিজন যুৱক অৰুণ ছোনীৰ দোকানলৈ গৈ চিগাৰেট বিচাৰিছিল। চিগাৰেট দিয়াৰ পাছত ছোনীয়ে পইচা বিচৰোঁতেই যুৱককেইজনে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে দোকানীজনক। দেউতাকক বচাবলৈ যোৱা ছোনীৰ দুই পুত্ৰও আঘাতপ্ৰাপ্ত হয় যুৱককেইজনৰ নিৰ্মম প্ৰহাৰত। হাস্পতাললৈ নিয়াৰ পথতে প্ৰাণ হেৰুৱায় দুৰ্ভগীয়া অৰুণ ছোনীয়ে। যুৱককেইজন মনু খান, পংকজ সিং, বিৰাট সিং আৰু সন্দিপ সিং বুলি চিনাক্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে ইয়াৰে তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু চতুৰ্থজনৰ সন্ধান অব্যাহত ৰাখিছে।


ৰাগিয়াল দ্ৰব্য সেৱনকাৰী এনেবোৰ জিঘাংসু লোকৰ হাতত আৰু কিমানজন অৰুণ ছোনীয়ে প্ৰাণ আহুতি দিব লাগিব? কিমান সুৰক্ষিত আজিৰ সমাজ? এতিয়া এনেবোৰ প্ৰশ্নৰ উকমুকনি উঠিছে সচেতন মহলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক