--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহৰ পৃথিৱীত আকৌ বাজিছে যুদ্ধৰ দামামা৷ যুদ্ধ-উন্মাদনাত কঁপি উঠিছে পৃথিৱী৷ ৰাষ্ট্ৰৰ আধিপত্যবাদী মানসিকতা আৰু ৰাজনৈতিক, কূটনৈতিক সংঘাতৰ কৰুণ পৰিণতিত সমুখৰ বাট বিচাৰি হেৰুৱাই পেলায় সাধাৰণ নাগৰিকে৷ শিশুৰ মৃতদেহেও কঁপাব নোৱাৰে শত্ৰুৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাৰ হৃদয়৷ ক্ষমতা আৰু অধিকাৰৰ প্ৰশ্নত নিৰ্দয় হৈ পৰে একোগৰাকী ক্ষমতাশালী ৰাষ্ট্ৰনেতা৷ যুদ্ধৰ আখৰাত তেওঁলোকে পাহৰি যায় দয়া, মমতা অথবা সহানুভূতিক৷ ৰাছিয়া-ইউক্ৰেইন সংঘাতে চকু সেমেকাই তুলিছে বিশ্ব নাগৰিকৰ৷ ইউক্ৰেইনক অকলশৰীয়া কৰি ৰাছিয়াই উপভোগ কৰি গৈছে জিঘাংসাৰ নাৰকীয় ৰূপ৷ ইউক্ৰেইনৰ তুলনাত মহাশক্তিধৰ ৰাছিয়াই চুবুৰীয়া দেশখনৰ ওপৰত আক্ৰমণ চলাই নিজৰ প্ৰভুত্ব জাহিৰ কৰিবলৈ বিচাৰিছে৷ আঁৰৰ পৰাই ৰিমোট চলাইছে চীন আৰু আমেৰিকাই৷ মহাশক্তিধৰ চীন আৰু আমেৰিকাৰ সাম্ৰাজ্য বিস্তাৰৰ প্ৰতিযোগিতাত গিনিপিগ গৈছে ইউক্ৰেইন৷ গগন বিদৰা আৰ্তনাদত কঁপি উঠিছে ইউক্ৰেইনৰ আকাশ-বতাহ৷ তথ্য অনুসৰি, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত ১৯৮গৰাকী লোকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত আছে তিনিগৰাকী শিশু৷ এই সংখ্যা প্ৰতি ঘণ্টাত বৃদ্ধি পাবলৈ ধৰিছে৷ এনে নহয় যে ইউক্ৰেইনৰ সেনা অথবা নাগৰিকেহে মৃত্যুবৰণ কৰিছে, প্ৰাণ হেৰুৱাইছে ৰাছিয়ান সৈন্যয়ো৷ বিহংগম দৃষ্টিৰে চালে এই মৃত্যু ৰাছিয়ান সৈন্য অথবা ইউক্ৰেইনিয়ানৰে মৃত্যু নহয়, এই মৃত্যু মানুহৰ৷ এই মৃত্যু শিশুৰ মৃত্যু৷ যি শিশুৱে নুবুজে দেশ, ৰাষ্ট্ৰৰ সীমাৰ সংজ্ঞা৷ নুবুজে ক্ষমতাশালী ৰাষ্ট্ৰৰ সাম্ৰাজ্য বিস্তাৰৰ প্ৰতিযোগিতাৰ ভাষা৷ এয়া একৈশ শতিকা৷ এফালে বিশ্বই আৰোহণ কৰিছে উন্নতিৰ চৰম শিখৰত৷ আনফালে, যুদ্ধই পৃথিৱীৰ পৰা কাঢ়ি নিছে মানুহ৷ মচি দিছে ভালপোৱাৰ সেউজীয়া আখৰ৷ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়ে মানুহক জীৱশ্ৰেষ্ঠৰ শাৰীত উপণীত কৰাইছে৷ আনফালে, মানৱীয় প্ৰমূল্য হেৰুৱাই মানুহেই হৈ পৰিছে মানুহৰ শত্ৰু৷ এফালে চীনে কৃত্ৰিম সূৰ্য আৱিষ্কাৰ কৰিছে, আনফালে একেখন চীনেই মানুহৰ জীৱন কাঢ়িবলৈ নিৰ্মাণ কৰিছে যুদ্ধাস্ত্ৰ৷ কৃত্ৰিম বুদ্ধিমত্তাৰে মানুহৰ জীৱনচৰ্যা কৰি তোলা হৈছে সহজতৰ, আনফালে একেই মানুহে হেৰুৱাই গৈছে নৈতিক প্ৰমূল্যবোধ৷ ৰাছিয়া-ইউক্ৰেইন সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছতো নিঃশব্দে আঁতৰৰ পৰাই ৰং চাইছে নাটো বাহিনীয়ে৷ ৰাষ্ট্ৰসংঘৰ ভূমিকাও সন্তোষজনক নহয়৷ এখন দেশে আন এখন দেশক হেঁচি ধৰিছে, অথচ ৰাষ্ট্ৰসংঘই জৰুৰী বৈঠকত গৰিহণা প্ৰস্তাৱ লৈয়ে দায়িত্ব সামৰিছে৷ আৰু, এই পৃথিৱীত যদি ৰাছিয়া-ইউক্ৰেইন সংঘাত এক যুদ্ধোন্মাদ সময়ৰ আৰম্ভণি হয়, তেন্তে এই পৃথিৱী মানুহৰ বাসোপযোগী হৈ থাকিবনে? মানুহৰ পৃথিৱীত এপাহি উশাহ লৈ জীৱন জীয়ওৱাৰ পৰিৱেশ থাকিবনে অদূৰ ভৱিষ্যতলৈ৷ হত্যা-হিংসা, দ্বেষ-বিদ্বেষৰ এই পৃথিৱীত ভালপোৱাৰ সংজ্ঞা হেৰাইছে৷ ৰাষ্ট্ৰৰ মাজৰ সংঘাতে মচি দিছে মানৱীয়া বোধ-অনুভূতিক৷ পৃথিৱী এইধৰণেই চলি থাকিলে, কি হ’ব মানুহৰ ভৱিষ্যৎ? যেন ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ পাছৰে পৰা কথাবোৰ নতুনকৈ জুঁকিয়াই চোৱাৰ সময়হে আহি পৰিল, মানুহৰ বাবে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক