--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহৰ পৃথিৱীত আকৌ বাজিছে যুদ্ধৰ দামামা৷ যুদ্ধ-উন্মাদনাত কঁপি উঠিছে পৃথিৱী৷ ৰাষ্ট্ৰৰ আধিপত্যবাদী মানসিকতা আৰু ৰাজনৈতিক, কূটনৈতিক সংঘাতৰ কৰুণ পৰিণতিত সমুখৰ বাট বিচাৰি হেৰুৱাই পেলায় সাধাৰণ নাগৰিকে৷ শিশুৰ মৃতদেহেও কঁপাব নোৱাৰে শত্ৰুৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাৰ হৃদয়৷ ক্ষমতা আৰু অধিকাৰৰ প্ৰশ্নত নিৰ্দয় হৈ পৰে একোগৰাকী ক্ষমতাশালী ৰাষ্ট্ৰনেতা৷ যুদ্ধৰ আখৰাত তেওঁলোকে পাহৰি যায় দয়া, মমতা অথবা সহানুভূতিক৷ ৰাছিয়া-ইউক্ৰেইন সংঘাতে চকু সেমেকাই তুলিছে বিশ্ব নাগৰিকৰ৷ ইউক্ৰেইনক অকলশৰীয়া কৰি ৰাছিয়াই উপভোগ কৰি গৈছে জিঘাংসাৰ নাৰকীয় ৰূপ৷ ইউক্ৰেইনৰ তুলনাত মহাশক্তিধৰ ৰাছিয়াই চুবুৰীয়া দেশখনৰ ওপৰত আক্ৰমণ চলাই নিজৰ প্ৰভুত্ব জাহিৰ কৰিবলৈ বিচাৰিছে৷ আঁৰৰ পৰাই ৰিমোট চলাইছে চীন আৰু আমেৰিকাই৷ মহাশক্তিধৰ চীন আৰু আমেৰিকাৰ সাম্ৰাজ্য বিস্তাৰৰ প্ৰতিযোগিতাত গিনিপিগ গৈছে ইউক্ৰেইন৷ গগন বিদৰা আৰ্তনাদত কঁপি উঠিছে ইউক্ৰেইনৰ আকাশ-বতাহ৷ তথ্য অনুসৰি, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত ১৯৮গৰাকী লোকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত আছে তিনিগৰাকী শিশু৷ এই সংখ্যা প্ৰতি ঘণ্টাত বৃদ্ধি পাবলৈ ধৰিছে৷ এনে নহয় যে ইউক্ৰেইনৰ সেনা অথবা নাগৰিকেহে মৃত্যুবৰণ কৰিছে, প্ৰাণ হেৰুৱাইছে ৰাছিয়ান সৈন্যয়ো৷ বিহংগম দৃষ্টিৰে চালে এই মৃত্যু ৰাছিয়ান সৈন্য অথবা ইউক্ৰেইনিয়ানৰে মৃত্যু নহয়, এই মৃত্যু মানুহৰ৷ এই মৃত্যু শিশুৰ মৃত্যু৷ যি শিশুৱে নুবুজে দেশ, ৰাষ্ট্ৰৰ সীমাৰ সংজ্ঞা৷ নুবুজে ক্ষমতাশালী ৰাষ্ট্ৰৰ সাম্ৰাজ্য বিস্তাৰৰ প্ৰতিযোগিতাৰ ভাষা৷ এয়া একৈশ শতিকা৷ এফালে বিশ্বই আৰোহণ কৰিছে উন্নতিৰ চৰম শিখৰত৷ আনফালে, যুদ্ধই পৃথিৱীৰ পৰা কাঢ়ি নিছে মানুহ৷ মচি দিছে ভালপোৱাৰ সেউজীয়া আখৰ৷ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়ে মানুহক জীৱশ্ৰেষ্ঠৰ শাৰীত উপণীত কৰাইছে৷ আনফালে, মানৱীয় প্ৰমূল্য হেৰুৱাই মানুহেই হৈ পৰিছে মানুহৰ শত্ৰু৷ এফালে চীনে কৃত্ৰিম সূৰ্য আৱিষ্কাৰ কৰিছে, আনফালে একেখন চীনেই মানুহৰ জীৱন কাঢ়িবলৈ নিৰ্মাণ কৰিছে যুদ্ধাস্ত্ৰ৷ কৃত্ৰিম বুদ্ধিমত্তাৰে মানুহৰ জীৱনচৰ্যা কৰি তোলা হৈছে সহজতৰ, আনফালে একেই মানুহে হেৰুৱাই গৈছে নৈতিক প্ৰমূল্যবোধ৷ ৰাছিয়া-ইউক্ৰেইন সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছতো নিঃশব্দে আঁতৰৰ পৰাই ৰং চাইছে নাটো বাহিনীয়ে৷ ৰাষ্ট্ৰসংঘৰ ভূমিকাও সন্তোষজনক নহয়৷ এখন দেশে আন এখন দেশক হেঁচি ধৰিছে, অথচ ৰাষ্ট্ৰসংঘই জৰুৰী বৈঠকত গৰিহণা প্ৰস্তাৱ লৈয়ে দায়িত্ব সামৰিছে৷ আৰু, এই পৃথিৱীত যদি ৰাছিয়া-ইউক্ৰেইন সংঘাত এক যুদ্ধোন্মাদ সময়ৰ আৰম্ভণি হয়, তেন্তে এই পৃথিৱী মানুহৰ বাসোপযোগী হৈ থাকিবনে? মানুহৰ পৃথিৱীত এপাহি উশাহ লৈ জীৱন জীয়ওৱাৰ পৰিৱেশ থাকিবনে অদূৰ ভৱিষ্যতলৈ৷ হত্যা-হিংসা, দ্বেষ-বিদ্বেষৰ এই পৃথিৱীত ভালপোৱাৰ সংজ্ঞা হেৰাইছে৷ ৰাষ্ট্ৰৰ মাজৰ সংঘাতে মচি দিছে মানৱীয়া বোধ-অনুভূতিক৷ পৃথিৱী এইধৰণেই চলি থাকিলে, কি হ’ব মানুহৰ ভৱিষ্যৎ? যেন ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ পাছৰে পৰা কথাবোৰ নতুনকৈ জুঁকিয়াই চোৱাৰ সময়হে আহি পৰিল, মানুহৰ বাবে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক