--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনে বাৰে বাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সহায় বিচাৰিছে। অভিযোগ কৰা হৈছে যে এই সংকটৰ সময়ত পৃথিৱীৰ কোনো এখন শক্তিশালী দেশ ইউক্ৰেইনৰ কাষত অস্ত্ৰ-শস্ত্ৰ লৈ থিয় হোৱা নাই। এইবাৰ, বাইডেনৰ দেশে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক কিয়েভ এৰি যাবলৈ পৰামৰ্শ দিছে। অৱশ্যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱা নাছিল। তেওঁ ক'য় যে, ‘ইয়াত যুদ্ধ চলি আছে। পলাই যাবলৈ মোক সহায়ৰ প্ৰয়োজন নাই। মোক এতিয়া গোলা-বাৰুদৰ প্ৰয়োজন হৈছে, সেইখিনি দি সহায় কৰিব পাৰে যদি কৰক।’ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজনৰ এই কথা এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰচাৰ হৈছিল। ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনলৈ ক্ষমতা হান্তৰ কৰাৰ লক্ষ্যৰে কিয়েভক লক্ষ্য কৰি লৈছে। এই মুহূৰ্তত, পুটিনৰ প্ৰথম লক্ষ্য হৈছে জেলেনস্কি আৰু তেওঁৰ পৰিয়াল। অৱশ্যে, ইয়াৰ পাছতো তেওঁ কিয়েভ এৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে, ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম স্পুটনিকে দাবী কৰিছে যে, ‘জেলেনস্কিয়ে কিয়েভ এৰিছে।’ তেওঁ বৰ্তমান ইউক্ৰেইনৰ আন এখন চহৰ লাভভেত বাস কৰে। অৱশ্যে ইয়াক ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানে অস্বীকাৰ কৰিছে। শনিবাৰে সন্ধিয়া এক টুইটযোগে জেলেনস্কিয়ে কয় যে, তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনত কথা পাতিছিল। জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি ভাৰতৰ পৰা ৰাজনৈতিক সহযোগিতা বিচাৰিছে। জেলেনস্কিয়ে নিজেই টুইটযোগে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে ভাৰতে এতিয়ালৈকে কোনো পক্ষকে পোনপটীয়াকৈ সমৰ্থন কৰা নাই। মোডীয়ে পুটিনৰ সৈতে ফোনযোগে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। এই সামগ্ৰিক পৰিপ্ৰেক্ষিতত, জেলেনস্কিৰ সৈতে মোদীৰ কথোপকথন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব