--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনে বাৰে বাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সহায় বিচাৰিছে। অভিযোগ কৰা হৈছে যে এই সংকটৰ সময়ত পৃথিৱীৰ কোনো এখন শক্তিশালী দেশ ইউক্ৰেইনৰ কাষত অস্ত্ৰ-শস্ত্ৰ লৈ থিয় হোৱা নাই। এইবাৰ, বাইডেনৰ দেশে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক কিয়েভ এৰি যাবলৈ পৰামৰ্শ দিছে। অৱশ্যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱা নাছিল। তেওঁ ক'য় যে, ‘ইয়াত যুদ্ধ চলি আছে। পলাই যাবলৈ মোক সহায়ৰ প্ৰয়োজন নাই। মোক এতিয়া গোলা-বাৰুদৰ প্ৰয়োজন হৈছে, সেইখিনি দি সহায় কৰিব পাৰে যদি কৰক।’ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজনৰ এই কথা এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰচাৰ হৈছিল। ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনলৈ ক্ষমতা হান্তৰ কৰাৰ লক্ষ্যৰে কিয়েভক লক্ষ্য কৰি লৈছে। এই মুহূৰ্তত, পুটিনৰ প্ৰথম লক্ষ্য হৈছে জেলেনস্কি আৰু তেওঁৰ পৰিয়াল। অৱশ্যে, ইয়াৰ পাছতো তেওঁ কিয়েভ এৰিবলৈ অস্বীকাৰ কৰিছে। অৱশ্যে, ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম স্পুটনিকে দাবী কৰিছে যে, ‘জেলেনস্কিয়ে কিয়েভ এৰিছে।’ তেওঁ বৰ্তমান ইউক্ৰেইনৰ আন এখন চহৰ লাভভেত বাস কৰে। অৱশ্যে ইয়াক ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানে অস্বীকাৰ কৰিছে। শনিবাৰে সন্ধিয়া এক টুইটযোগে জেলেনস্কিয়ে কয় যে, তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনত কথা পাতিছিল। জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি ভাৰতৰ পৰা ৰাজনৈতিক সহযোগিতা বিচাৰিছে। জেলেনস্কিয়ে নিজেই টুইটযোগে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে ভাৰতে এতিয়ালৈকে কোনো পক্ষকে পোনপটীয়াকৈ সমৰ্থন কৰা নাই। মোডীয়ে পুটিনৰ সৈতে ফোনযোগে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। এই সামগ্ৰিক পৰিপ্ৰেক্ষিতত, জেলেনস্কিৰ সৈতে মোদীৰ কথোপকথন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক