--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী। জন্মভূমিক স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। জন্মভূমিৰ প্ৰয়োজনত প্ৰাণ বলিদান দিয়াৰ বাবেও সেইবাবে চিন্তা নকৰে একাংশ লোকে। জন্মভূমিক স্বৰ্গতকৈও গৰীয়সী গণ্য কৰিয়েই যুদ্ধত জঁপিয়াই পৰিছে সৈন্যবাহিনীৰ জোৱানসকল। সেয়া লাগিলে আক্ৰমণকাৰী ৰুছ সৈনিকেই হওক বা এই আক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ ইউক্ৰেইনৰ সৈন্যবাহিনীয়েই হওক। সকলোৰে দায়বদ্ধতা আৰু দেশপ্ৰেম সমানে প্ৰোজ্জ্বল। কিন্তু তাৰ মাজতে এগৰাকী সৈনিকৰ আত্মত্যাগৰ কাহিনীয়ে এতিয়া উদ্বুদ্ধ কৰি তুলিছে অসংখ্য লোকক। ইউক্ৰেইনৰ এইগৰাকী সৈনিকে মাতৃভূমিত শত্ৰুৰ প্ৰৱেশক বাধা দিয়াৰ বাবে আত্মবলিদান দিয়াৰ এটা ঘটনা পোহৰলৈ আহিছে। তেওঁৰ এই আত্মত্যাগ যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ সৈন্যবাহিনী তথা অসামৰিক লোকসকলৰ বাবেও হৈ পৰিছে অতুলনীয় প্ৰেৰণাৰ উৎস। এইগৰাকী ইউক্ৰেনিয়ান সৈনিকে টেংক আৰু গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত ৰুছ সৈন্য বাহিনীক বাধা দিয়াৰ বাবে নিজকে বোমাৰে উৰুৱাই দিয়ে। কেৱল এয়াই নহয়, তেওঁ দেশখনলৈ প্ৰৱেশ পথতে থকা এখন দলঙো উৰুৱাই দিয়ে নিজৰ সৈতে। খেৰচন নামৰ দেশখনৰ দক্ষিণ প্ৰান্তৰ এই প্ৰদেশখনত এই ঘটনা সংঘটিত হয়। তেওঁৰ এই আত্মত্যাগক ইউক্ৰেইনৰ সৈন্যবাহিনীয়ে প্ৰশংসাৰে ওপচাই পেলাইছে আৰু তেওঁ আখ্যা দিছে বীৰ হিচাপে। বাইটেলী ছাকাকুম ভ’ল’ডিমৰোভয়ুছ নামৰ এইজন সৈনিক হৈছে দেশখনৰ নৌসেনাৰ এজন অভিযন্তা। তেওঁক হেনিচক দলঙৰ সমীপত কৰ্তব্যত মোতায়েন কৰা হৈছিল। ৰুছ সৈন্যই সেই অঞ্চলটোত যেতিয়াই প্ৰৱেশ কৰে, তেতিয়াই তেওঁ আত্মবলিদানেৰে ৰুছ সেনাৰ পথ ৰুদ্ধ কৰে। এই দলঙখনে ক্ৰিমিয়া আৰু ইউক্ৰেইনৰ মূল ভূখণ্ডৰ প্ৰৱেশ পথক সংলগ্ন কৰি ৰাখিছিল। ৰুছ সৈন্যক সেই পথেৰে প্ৰৱেশত বাধা দিয়াৰ বাবে দলংখন বোমাৰে উৰুৱাই দিয়াৰ লগতে আত্মবলিদানো দিয়ে সৈনিকজনে। যেতিয়া ৰুছ সৈন্য কাষ চাপি আহিছিল তেওঁৰ হাতত দলংখন বিস্ফোৰিত কৰি আঁতৰি অহাৰ সময় নাছিল। নিৰাপদ স্থানৰ পৰা দলংখনত বিস্ফোৰণ সংঘটিত কৰিবলৈ অপাৰগ হোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁ দলংখনৰ সৈতে নিজকেও উৰুৱাই দিয়ে। শত্ৰুৰ আগ্ৰাসনক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ সক্ষম নহ’লেও তেওঁলোকক প্ৰাণপনে বাধা দিয়াৰ এই চেষ্টাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। সেনা জোৱানজনৰ এই আত্মত্যাগে ইউক্ৰেইনৰ জনগণৰ দেশৰ প্ৰতি দায়বদ্ধতা আৰু আত্মোৎসৰ্গক নিদৰ্শন দাঙি ধৰিছে। উল্লেখ্য যে, নিজৰ সামৰিক বাহিনীৰ উৎসাহ বৃদ্ধিৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সম্পূৰ্ণ অনমনীয় স্থিতি গ্ৰহণ কৰা দেখা গৈছে। প্ৰকৃততে তেৱেঁই যুদ্ধক্ষেত্ৰত দেশখনৰ সৈন্য বাহিনীক উদ্বুদ্ধ কৰি আহিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইতিমধ্যে ঘোষণা কৰিছে যে, যদিহে ইউক্ৰেইনৰ সৈন্যই অস্ত্ৰ সম্বৰণ কৰে তেন্তে তেওঁ ইউক্ৰেইনৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী হ’ব। কিন্তু অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু নহয় ইউক্ৰেইন। সমৰক্ষেত্ৰত তেওঁলোকে ৰাছিয়াক সমুচিত প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰি আহিছে। ইউক্ৰেইনে দাবী কৰা মতে এতিয়ালৈ তেওঁলোকে সহস্ৰাধিক ৰুছ সৈন্যক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে। ইউক্ৰেইনৰ সামৰিক বাহিনীক উদ্বুদ্ধ কৰাত বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰিছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে। তাৰ মাজতে একো একোজন সৈনিকৰ এই আত্মত্যাগে বিশেষ চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক