--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি শ্ব’ পবিত্ৰ ৰিস্তাৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা সুশান্ত সিং ৰাজপুতে কেৰিয়াৰত বহু হিট চিনেমা আগবঢ়াইছিল। ২০২০ চনৰ ১৪ জুন তাৰিখটোৱে কঢ়িয়াই আনিছিল এক হৃদয় বিদাৰক খবৰ। সুশান্ত সিং ৰাজপুত আৰু নাই। সুশান্তৰ মৃত্যুৰ খবৰ পোৱাৰে পৰা তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলৰ চকুৰ টোপনি নোহোৱা হৈছিল। সুশান্তৰ মৃত্যুৰ আজি দুবছৰ সম্পূৰ্ণ হ’ল কিন্তু তেওঁৰ মৃত্যু হত্যা নে আত্মহত্যা আছিল তাৰ ৰহস্য এতিয়াও উদঘাটন হোৱা নাই। সুশান্ত বায়েকহঁতৰ বৰ মৰমৰ আৰু অতি ঘনিষ্ঠ আছিল। সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত সুশান্তৰ ভগ্নী শ্বেতাই এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।

সুশান্তৰ ভগ্নী শ্বেতাই ইনষ্টাগ্ৰামত লিখিছে– ‘‘তুমি পৃথিৱী এৰি যোৱাৰ দুবছৰ হ’ল কিন্তু তোমাৰ মূল্যবোধ আৰু নীতিৰ বাবেই তুমি এতিয়াও অমৰ হৈ আছা। দয়া,কৰুণা আৰু সকলোৰে প্ৰতি থকা মৰম আছিল তোমাৰ বিশেষ গুণ। তুমি সকলোৰে বাবে বহুখিনি কৰিব বিচাৰিছিলা। আমি তোমাৰ সন্মানত তোমাৰ অতুলনীয় গুণ আৰু আদৰ্শক সদায় অনুকৰণ কৰি যাম। ভাই..তুমি পৃথিৱীখনক ভালৰ দিশলৈ সলনি কৰিব বিচাৰিছিলা আৰু তোমাৰ অনুপস্থিতিতো তুমি সেয়া কৰি আছা। ইয়াৰ পিছত শ্বেতাই জ্বলি থকা লেম্প এটাৰ ইম’জি পোষ্ট কৰি লিখিছে – আহক আমি সকলোৱে আজি পোহৰৰ দিশে গৈ নিঃস্বাৰ্থভাৱে কাম কৰি কাৰোবাৰ মুখত হাঁহি আনিবলৈ চেষ্টা কৰো।’’

দুবছৰ পূৰ্বে মুম্বাইৰ বান্দ্ৰা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে ৩৪ বছৰীয়া অভিনেতাগৰাকীয়ে। ইয়াৰ পিছতে অভিনেতাগৰাকীৰ স্মৃতিত তেওঁৰ পাটনাৰ ঘৰখন স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়। য’ত তেওঁৰ বাইনোকুলাৰ, কিতাপ, ফ্লাইট চিমুলেটৰ, গীটাৰ আদি সংৰক্ষণ কৰি থোৱা আছে। ছ’চিয়েল মিডিয়াত প্ৰায়ে কিবা নহয় কিবা কাৰণত সুশান্তক স্মৰণ কৰা হয়। আজিও তেওঁৰ মৃত্যু বাৰ্ষিকী উপলক্ষে টুইটাৰত #boycottBollywood ট্ৰেণ্ডিং হৈ আছে। দুবছৰৰ পাছতো অভিনেতাজনৰ মৃত্যুৰ অমীমাংসিত ৰহস্যৰ বাবে তেওঁৰ অনুৰাগীসকলে বলীউড বৰ্জন কৰক বুলি কৈ আছে।

এটা দশক নৌহওঁতেই সুশান্তই নিজৰ কেৰিয়াৰত বহু হিট ছবি উপহাৰ দিছে। 'কাই পো চে', 'এম এছ ধোনী: দ্য আনটল্ড ষ্ট’ৰী’, ‘কেদাৰনাথ’, ‘ছিচোৰে’ক তেওঁৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত গণ্য কৰা হয়। ২০১৯ চনত ছবিগৃহত মুক্তি লাভ কৰা অভিনেতাগৰাকীৰ শেষৰখন ডাঙৰ ছবি আছিল ‘ছিচোৰে’। অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ ছবি ‘দিল বেচাৰা’ অ’টিটিত মুক্তি লাভ কৰে। এইখনেই আছিল সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰখন ছবি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ