--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি শ্ব’ পবিত্ৰ ৰিস্তাৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা সুশান্ত সিং ৰাজপুতে কেৰিয়াৰত বহু হিট চিনেমা আগবঢ়াইছিল। ২০২০ চনৰ ১৪ জুন তাৰিখটোৱে কঢ়িয়াই আনিছিল এক হৃদয় বিদাৰক খবৰ। সুশান্ত সিং ৰাজপুত আৰু নাই। সুশান্তৰ মৃত্যুৰ খবৰ পোৱাৰে পৰা তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলৰ চকুৰ টোপনি নোহোৱা হৈছিল। সুশান্তৰ মৃত্যুৰ আজি দুবছৰ সম্পূৰ্ণ হ’ল কিন্তু তেওঁৰ মৃত্যু হত্যা নে আত্মহত্যা আছিল তাৰ ৰহস্য এতিয়াও উদঘাটন হোৱা নাই। সুশান্ত বায়েকহঁতৰ বৰ মৰমৰ আৰু অতি ঘনিষ্ঠ আছিল। সুশান্ত সিং ৰাজপুতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত সুশান্তৰ ভগ্নী শ্বেতাই এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে।

সুশান্তৰ ভগ্নী শ্বেতাই ইনষ্টাগ্ৰামত লিখিছে– ‘‘তুমি পৃথিৱী এৰি যোৱাৰ দুবছৰ হ’ল কিন্তু তোমাৰ মূল্যবোধ আৰু নীতিৰ বাবেই তুমি এতিয়াও অমৰ হৈ আছা। দয়া,কৰুণা আৰু সকলোৰে প্ৰতি থকা মৰম আছিল তোমাৰ বিশেষ গুণ। তুমি সকলোৰে বাবে বহুখিনি কৰিব বিচাৰিছিলা। আমি তোমাৰ সন্মানত তোমাৰ অতুলনীয় গুণ আৰু আদৰ্শক সদায় অনুকৰণ কৰি যাম। ভাই..তুমি পৃথিৱীখনক ভালৰ দিশলৈ সলনি কৰিব বিচাৰিছিলা আৰু তোমাৰ অনুপস্থিতিতো তুমি সেয়া কৰি আছা। ইয়াৰ পিছত শ্বেতাই জ্বলি থকা লেম্প এটাৰ ইম’জি পোষ্ট কৰি লিখিছে – আহক আমি সকলোৱে আজি পোহৰৰ দিশে গৈ নিঃস্বাৰ্থভাৱে কাম কৰি কাৰোবাৰ মুখত হাঁহি আনিবলৈ চেষ্টা কৰো।’’

দুবছৰ পূৰ্বে মুম্বাইৰ বান্দ্ৰা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে ৩৪ বছৰীয়া অভিনেতাগৰাকীয়ে। ইয়াৰ পিছতে অভিনেতাগৰাকীৰ স্মৃতিত তেওঁৰ পাটনাৰ ঘৰখন স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা হয়। য’ত তেওঁৰ বাইনোকুলাৰ, কিতাপ, ফ্লাইট চিমুলেটৰ, গীটাৰ আদি সংৰক্ষণ কৰি থোৱা আছে। ছ’চিয়েল মিডিয়াত প্ৰায়ে কিবা নহয় কিবা কাৰণত সুশান্তক স্মৰণ কৰা হয়। আজিও তেওঁৰ মৃত্যু বাৰ্ষিকী উপলক্ষে টুইটাৰত #boycottBollywood ট্ৰেণ্ডিং হৈ আছে। দুবছৰৰ পাছতো অভিনেতাজনৰ মৃত্যুৰ অমীমাংসিত ৰহস্যৰ বাবে তেওঁৰ অনুৰাগীসকলে বলীউড বৰ্জন কৰক বুলি কৈ আছে।

এটা দশক নৌহওঁতেই সুশান্তই নিজৰ কেৰিয়াৰত বহু হিট ছবি উপহাৰ দিছে। 'কাই পো চে', 'এম এছ ধোনী: দ্য আনটল্ড ষ্ট’ৰী’, ‘কেদাৰনাথ’, ‘ছিচোৰে’ক তেওঁৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত গণ্য কৰা হয়। ২০১৯ চনত ছবিগৃহত মুক্তি লাভ কৰা অভিনেতাগৰাকীৰ শেষৰখন ডাঙৰ ছবি আছিল ‘ছিচোৰে’। অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ ছবি ‘দিল বেচাৰা’ অ’টিটিত মুক্তি লাভ কৰে। এইখনেই আছিল সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰখন ছবি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু