--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা। ভগ্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ভগ্নীৰ চিতাত জঁপিয়াই প্ৰাণ আহুতি দিলে এগৰাকী ভাতৃয়ে। মধ্য প্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে ভাতৃ-ভগ্নীৰ এই মৰ্মস্পৰ্শী কাহিনী। জানিব পৰা মতে সাগৰ জিলাৰ বাহেৰিয়া থানাৰ এলেকাধীন মঝগাৱা গাঁৱত কুঁৱাত পৰি মৃত্যুমুখত পৰিছিল এগৰাকী যুৱতী। সন্ধিয়া পথাৰত নিৰ্মিত কুঁৱাত পৰি জ্যোতি ওৰফে প্ৰীতি নামৰ যুৱতীগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলি আছিল। এই খবৰটো সম্পৰ্কীয় ভাতৃ কৰণ সিঙৰ কাণত পৰাৰ লগে লগে তেওঁ দুখত ভাগি পৰে। 

কৰণ সিঙে ৪৩০ কিলোমিটাৰ দূৰৰ ধাৰৰ পৰা জ্যোতিৰ গাঁৱত উপস্থিত হয় আৰু তেওঁ কান্দি কান্দি পোনে পোনে দাহস্থলীলৈ ৰাওনা হয়। জ্যোতিৰ চিতাৰ জুই জ্বলি আছিল। জ্যোতিৰ চিতাৰ জুইকুৰাক প্ৰণাম কৰি তাত হঠাতে জঁপিয়াই পৰে কৰণ সিং। তাত উপস্থিত থকা মানুহে ততকে ধৰিব নোৱাৰিলে যে কি হ'ল! কৰণৰ এই পদক্ষেপে উপস্থিত থকা সকলোৰে বুকু কঁপাই তুলিলে। খৰখেদাকৈ তেওঁক উদ্ধাৰ কৰা হয় যদিও জুইত গুৰুতৰভাৱে অগ্নিদগ্ধ হয় কৰণ। চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যুক সাবটে কৰণে। পাছত ভগ্নী জ্যোতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ চিতাৰ ওচৰতে জ্বলি উঠে কৰণ সিঙৰ চিতা। 



জানিব পৰা মতে জ্যোতিয়ে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত পাচলি আনিবলৈ খেতিলৈ গৈছিল যদিও বহু দেৰিলৈকে ঘূৰি অহা নাছিল। পিছত ৰাতিলৈকে গাওঁখনত অনুসন্ধান চলোৱাৰ পিছতো জ‍্যোতিৰ কোনো সন্ধান পোৱা নগ'ল। শুকুৰবাৰে পুৱা পিতৃ ভোলে সিঙে খেতিপথাৰত থকা এটা কুঁৱাত জ‍্যোতিৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত শুকুৰবাৰে সন্ধিয়া জ্যোতিৰ মৃতদেহ পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীয়ে। তেওঁৰ মৃত্যুৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভুলতে তেওঁ কুঁৱাটোত পৰিছিল নে তেওঁক ঠেলি দিয়া হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে বৰ্তমান দুয়োটা মৃত্যুৰ ঘটনাৰে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ