--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি কৰুণ ঘটনা। ভগ্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ভগ্নীৰ চিতাত জঁপিয়াই প্ৰাণ আহুতি দিলে এগৰাকী ভাতৃয়ে। মধ্য প্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে ভাতৃ-ভগ্নীৰ এই মৰ্মস্পৰ্শী কাহিনী। জানিব পৰা মতে সাগৰ জিলাৰ বাহেৰিয়া থানাৰ এলেকাধীন মঝগাৱা গাঁৱত কুঁৱাত পৰি মৃত্যুমুখত পৰিছিল এগৰাকী যুৱতী। সন্ধিয়া পথাৰত নিৰ্মিত কুঁৱাত পৰি জ্যোতি ওৰফে প্ৰীতি নামৰ যুৱতীগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলি আছিল। এই খবৰটো সম্পৰ্কীয় ভাতৃ কৰণ সিঙৰ কাণত পৰাৰ লগে লগে তেওঁ দুখত ভাগি পৰে। 

কৰণ সিঙে ৪৩০ কিলোমিটাৰ দূৰৰ ধাৰৰ পৰা জ্যোতিৰ গাঁৱত উপস্থিত হয় আৰু তেওঁ কান্দি কান্দি পোনে পোনে দাহস্থলীলৈ ৰাওনা হয়। জ্যোতিৰ চিতাৰ জুই জ্বলি আছিল। জ্যোতিৰ চিতাৰ জুইকুৰাক প্ৰণাম কৰি তাত হঠাতে জঁপিয়াই পৰে কৰণ সিং। তাত উপস্থিত থকা মানুহে ততকে ধৰিব নোৱাৰিলে যে কি হ'ল! কৰণৰ এই পদক্ষেপে উপস্থিত থকা সকলোৰে বুকু কঁপাই তুলিলে। খৰখেদাকৈ তেওঁক উদ্ধাৰ কৰা হয় যদিও জুইত গুৰুতৰভাৱে অগ্নিদগ্ধ হয় কৰণ। চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যুক সাবটে কৰণে। পাছত ভগ্নী জ্যোতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ চিতাৰ ওচৰতে জ্বলি উঠে কৰণ সিঙৰ চিতা। 



জানিব পৰা মতে জ্যোতিয়ে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত পাচলি আনিবলৈ খেতিলৈ গৈছিল যদিও বহু দেৰিলৈকে ঘূৰি অহা নাছিল। পিছত ৰাতিলৈকে গাওঁখনত অনুসন্ধান চলোৱাৰ পিছতো জ‍্যোতিৰ কোনো সন্ধান পোৱা নগ'ল। শুকুৰবাৰে পুৱা পিতৃ ভোলে সিঙে খেতিপথাৰত থকা এটা কুঁৱাত জ‍্যোতিৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ পিছত শুকুৰবাৰে সন্ধিয়া জ্যোতিৰ মৃতদেহ পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীয়ে। তেওঁৰ মৃত্যুৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভুলতে তেওঁ কুঁৱাটোত পৰিছিল নে তেওঁক ঠেলি দিয়া হৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে বৰ্তমান দুয়োটা মৃত্যুৰ ঘটনাৰে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু