--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপানী সৃষ্টিকৰ্তাৰ অপূৰ্ব দান। সৃষ্টিকৰ্তাই মানুহ আৰু আন জীৱ-জন্তুক বতাহ, ৰ’দ আদি মুক্তহস্তে দিছে। সকলো জীৱৰ পানীও বিশ্বত উভৈনদী। কিন্তু বিশ্বৰ সকলো উৎসৰে পানী খোৱাৰ যোগ্য নহয়। পানীত কেতবোৰ খনিজ পদাৰ্থ মিহলি হৈ থাকে। শৰীৰৰ বাবে প্ৰয়োজনীয় এনে খনিজ উপাদানেৰে সমৃদ্ধ পানীক মিনাৰেল ৱাটাৰ বা খনিজ পানী বুলি কোৱা  হয়। 

খনিজ পানীৰ উৎস হৈছে খনিজ পদাৰ্থৰে পৰিপূৰ্ণ নিজৰা আদি । এনে পানীত  বিভিন্ন খনিজ থাকে, যেনে শৰীৰৰ বাবে প্ৰয়োজনীয় লৱণ আৰু ছালফাৰ যৌগ আদি। বজাৰত সহজে উপলব্ধ কম দামৰ বটলৰ পানী খনিজ পানী নহয়। খনিজ পানী সংগ্ৰহ কৰি তাক বজাৰলৈ উলিয়াই দিওঁতে ভালে খিনি খৰচ পৰে।সেয়ে এনে পানীৰ দামো বহু বেছি হয়। আহকচোন জানো বিশ্বৰ কেইবিধমান অত্যন্ত দামী পানীৰ বিষয়ে-

বেভাৰ্লি হিলছ
বিশ্বৰ দামী পানীৰ ভিতৰত বেভাৰ্লি হিলছো এবিধ। এই পানী হৈছে পৃথিৱীৰ আটাইতকৈ দামী পানী।
দাম– প্ৰতি বটলত ৬৫,০০,০০০ টকা


এই পানী সংগ্ৰহ কৰা হয় চিয়েৰা নেভাদা পৰ্বতৰ নিৰ্মল নিজৰাৰ পৰা। বেভাৰ্লি হিলছত সেয়ে প্ৰচুৰ পৰিমাণে থাকে প্ৰাকৃতিক খনিজ আৰু পুষ্টিকৰ উপাদান।  বিশ্বৰ আটাইতকৈ  দামী  এই পানী প্ৰসিদ্ধ ডিজাইনাৰ মাৰিঅ’ পেদিলাই ডিজাইন কৰা বটলত ৰখা হয়। এনে বটলৰ সাফৰটো ১৪ কেৰেট বগা সোণ ,ছশ বগা হীৰা আৰু দুশ পঞ্চাছ টুকুৰা ক’লা হীৰা খচিত।

একুৱা দি ক্ৰিষ্টেল’ ত্ৰিবুত’ এ মদিগ্লিয়ানি
দাম– ৩৫,৫০,০০০/ ৭৫০ মিঃ লিঃ
একুৱা দি ক্ৰিষ্টেল’ ত্ৰিবুত’ এ মদিগ্লিয়ানিও বিশ্বৰ এবিধ সৰ্বাধিক খৰচী পানী । এইবিধ পানীৰ একোটা বটল ৬০,০০০ মাৰ্কিন ডলাৰতবিক্ৰী হৈছিল। আইচলেন্দৰ হিমবাহ আৰু ফ্ৰান্স আৰু ফিজি দ্বীপৰ প্ৰাকৃতিক নিজৰাৰ পানীৰ উৎকৃষ্ট এই সংমিশ্ৰণ ফাৰ্নান্দ’ আল্টামিৰান’ৱে ডিজাইন কৰা এটা ২৪ কেৰেট সোণৰ বটলত থাকে।কেৱল পেকেজিঙেই সোণালী নহয়, পানীখিনিতো মিহলি হৈ থাকে পাঁচ মিলিগ্ৰাম সোণৰ ধূলি।

ক’না নিগাৰি ৱটাৰ
দাম– ২৮,০০০/ ৭৫০ মিঃ লিঃ


 জাপানৰ ক’না নিগাৰি এটা অন্যতম দামী পানীৰ ব্ৰেণ্ড।  বিশুদ্ধ আৰু লৱণমুক্ত কৰা গভীৰ সমুদ্ৰৰ পানীবিধ এনে পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ যি পানীয়ে মানুহৰ দেহলৈ নতুন প্ৰবাহ বোৱাই দিব পাৰে।হাৱাই উপকূলত প্ৰশান্ত মহাসাগৰৰ ২০০০ ফুট তলৰ  পৰা সংগ্ৰহ কৰা ক’না নাগেৰি পানী  প্ৰাকৃতিক গভীৰ মহাসাগৰীয় ইলেকত্ৰ’লাইটেৰে সমৃদ্ধ। মানসিক চাপ হ্ৰাসৰ পৰা ওজন কমোৱাকে ধৰি  ছালৰ উপকাৰ সাধন কৰা  ক’না নাগেৰি পানী বহু  চিকিৎসকেও দৰবৰ দৰেই ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

ফিলিক’
দাম– ১৫,১০০ প্ৰতি লিটাৰ
 বিশ্বৰ আটাইতকৈ দামী পানীৰ তালিকাত স্থান লাভ কৰা  আন এবিধ জাপানী পানী  হৈছে ফিলিক’। ছোৱৰভস্কি-খোদিত কাঁচৰ বটলৰ মাজেদি এই পানী কাঁচৰ দৰে জিলিকি থাকে।


জাপানৰ ক’বে অঞ্চলৰ এটা নিজৰাৰ পৰা এই ফিলিপ’ পানী সংগ্ৰহ কৰা হয় আৰু ইয়াৰ সঞ্জীৱনী গুণ আছে। এই বটলৰ সৈতে ডবা খেলৰ ৰজা আৰু ৰাণী গুটিকেইটাৰ সাদৃশ্য আছে; সোণালী মুকুট-সজ্জিত এই বটল এক  ৰাজকীয় মৰ্যাদাৰ প্ৰতিভূ।
বাৰ্গ ৱটাৰ
দাম– ১২৫০০/ ৭৫০ মিঃ লিঃ
স্বালবেৰ্দি
দাম– ১১৪৫০ টকা প্ৰতি লিটাৰ
নেৱাচ
দাম– ১৩,১০০ প্ৰতি লিটাৰ
ব্লিং
দাম– ২৪০০ টকা/ ৭৫০ মিঃ লিঃ
হলিউডৰ লেখক-প্ৰযোজক কেৱিন জি বয়দৰ মানস-পুত্ৰ ব্লিং H2O তেনিছি অঞ্চলৰ নিজৰাৰ পানীৰ পৰা সংগ্ৰহ কৰা হয়। পিছত ইয়াক বিশুদ্ধ কৰা হয় আৰু স্বৰভস্কি স্ফটিক খচিত কাঁচৰ বটলত পেক কৰা হয়।

ৱীন
দাম– ১৫৯০ টকা/ ৭৫০ মিঃ লিঃ

ৱীন পানীক বিশ্বৰ আটাইতকৈ বিশুদ্ধ পানীৰূপে ধৰা হয়।  ভুটানৰ এই পানীৰ ব্ৰেণ্ডত খনিজ উপাদান কম কিন্তু ই অতি পাতল। বিশ্বৰ আটাইতকৈ সতেজ আৰু বিশুদ্ধ বুলি দাবী কৰা পানীখিনি পাবলৈ প্ৰাকৃতিক নিজৰাৰ পানী এডোখৰ বৰফৰ মাজেদি চেকি ৰখা হয়।  এটা এক্সক্ল্যুছিভ কাঁচৰ সজ্জাত বটলীকৰণ কৰা হয়।

ইলুলিয়াক
দাম– ৩৫০০ টকা/ ৭৫০ মিঃ লিঃ
ৱি অ’ এচ এচ

একুৱাডেক’
দাম– ৮০০ টকা/ ৭৫০ মিঃ লিঃ
লাকুৱেন আৰ্তি মিনাৰেল পানী
দাম– ৩৬০ টকা/ ৭৫০ মিঃ লিঃ


ফাইন
দাম– ৩০০ টকা/ ৭৫০ মিঃ লিঃ
তাছমেনিয়ান ৰেইন
দাম– ৩০০ টকা/ ৭৫০ মিঃ লিঃ
ইভিয়ান ৱটাৰ
দাম– ৬০০ টকা
ৱিছগে’ চ’ৰ্চ
দাম– ৪২০০ টকা প্ৰতি লিটাৰ

লফ’তেন
দাম– ৩৮৬০ প্ৰতি লিটাৰ
ইয়াৰ উপৰি বিশ্বৰ তুলনামূলক ভাবে কিছু কম দামৰ পানী কেইবিধমান হৈছে-

লকুৱেন আৰ্টেছ মিনাৰেল ৱাটাৰ - প্ৰতি ৭৫০ মিলিত ৬ ডলাৰ

ই দক্ষিণ আমেৰিকাৰ এণ্ডিজৰ পৰ্বতৰ ১,৫০০  ফুট গভীৰৰ পৰা এই পানী সংগ্ৰহ কৰা হয়।। ই এনে এক পানী যিয়ে ইয়াৰ উৎপত্তিৰ উৎসৰ বিশুদ্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক এক  বৈশিষ্ট্য হিচাপে প্ৰতিফলিত কৰি আহিছে।

টাচমানিয়ান বৰষুণ – প্ৰতি ৭৫০ মিলিত ৫ ডলাৰ

নামটোৱে কোৱাৰ দৰেই এই পানী অষ্ট্ৰেলিয়াৰ মূল ভূখণ্ডৰ দক্ষিণে থকা দ্বীপ তাচমানিয়াৰ বৰষুণৰ পৰা আহৰণ কৰা হয়।  ইয়াক বটলত পোনপটীয়াকৈ আকাশৰ পৰা সংগ্ৰহ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ