--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰমৰ সম্পৰ্কত কাজিয়া থাকেই, সেয়া স্বাভাৱিক কথা। খং, কাজিয়া, মান-অভিমানে এটা সম্পৰ্ক আৰু মধুৰ কৰি তোলে। কিন্তু অতিমাত্ৰা সকলোতে বেয়া। যদি কাজিয়াৰ পৰিমাণ বেছি হৈ গৈ থাকে তেন্তে সম্পৰ্কত ফাঁট মেলে। কাজিয়াত গাৰ্লফ্ৰেণ্ডবোৰৰ বেছি খং উঠে। অভিমানী প্ৰেমিকাক বুজোৱাৰ ক্ষেত্ৰত প্ৰেমিকসকল সচেতন হ'ব লাগে। নাৰাজ প্ৰেমিকাৰ আগত হঠাতে যিকোনো কথা কৈ দিব নালাগে নহ'লে সম্পৰ্কটো ভাল হোৱাৰ সলনি বেয়া হৈ গৈ থাকে। গতিকে কাজিয়া চলি থকাৰ সময়ত প্ৰেমিকাক কি কথা ক'ব নালাগে জানো আহক।

১/ 'তুমি সদায় একেখন নাটক কৰা'- কিছুমান সম্পৰ্কত প্ৰতিটো সৰু সৰু কথাতে কাজিয়া হয় আৰু অতি সোনকালেই পুনৰ মিলো হয়। কিন্তু কেতিয়াবা সম্পৰ্কটো পুনৰ আগৰ দৰে কৰিবলৈ অলপ সময় লাগে। যদি এনে অৱস্থাত কোনোবা খঙাল প্ৰেমিকাক প্ৰেমিকে খঙেৰে কয় যে 'তুমি সদায় একেখন নাটক কৰা' তেন্তে প্ৰেমিকাৰ আৰু বেছি খং উঠিব পাৰে। গতিকে এনে বাক্য কেতিয়াও ব্যৱহাৰ নকৰিব। প্ৰেমিকাক মৰমেৰে কথাবোৰ বুজাওক। যদি আপুনি প্ৰেমিকাক বুজোৱাৰ সলনি 'তুমি সদায় একেখন নাটক কৰা' বুলি কয় আপোনাৰ প্ৰেমিকাই আপোনাৰ এই কথাত বহুত আঘাত পাব পাৰে।

২/ 'তুমি প্ৰেমৰ যোগ্য নহয়'- কাজিয়া লাগি থকাৰ সময়ত প্ৰেমিকাক ভুলতো নকব 'তুমি প্ৰেমৰ যোগ্য নহয়'। বহু সময়ত ল’ৰাবোৰে প্ৰেমিকাক  খং কৰি কয় যে  'তুমি প্ৰেমৰ যোগ্য নহয়'। এনে কথা শুনিলে আপোনাৰ প্ৰেমিকাই প্ৰেমৰ সম্পৰ্ক ভংগও কৰিব পাৰে।  

৩/ ‘খং কৰি থাকা, যেতিয়া কথা পাতিব মন যায় পাতিবা’- কাজিয়া লাগি থকাৰ সময়ত প্ৰেমিকাক কেতিয়াও নকব যে ‘খং কৰি থাকা, যেতিয়া কথা পাতিব মন যায় পাতিবা’। প্ৰেমিকাই এনে সময়ত সদায় প্ৰেমিকে মৰমত বুজোৱাটো বিচাৰে। এনে কৰিলে আপোনাৰ প্ৰেয়সীয়ে অনুভৱ কৰিব যে আপুনি তেওঁক বুজিব নিবিচাৰে আৰু আপোনাৰ ওচৰত তেওঁৰ অভিমানৰ কোনো মূল্য নাই। গতিকে এনেবোৰ কথা কোৱাৰ পৰা বিৰত থাকক।

৪/ 'তোমাক ভাল পাই ভুল কৰিলোঁ'- কাজিয়া লাগি থকাৰ সময়ত ভুলতো প্ৰেমিকা নক’ব যে, 'তোমাক ভাল পাই ভুল কৰিলোঁ'। এই কথাটোৱে প্ৰেমিকাক আটাইতকৈ বেছি আঘাত দিয়ে, সেয়ে আপোনাৰ সৈতে সম্পৰ্কটো ভাঙিবলৈ তেওঁ অলপো চিন্তা নকৰিব পাৰে।

৫/ 'মোৰ এক্স তোমাতকৈ ভাল আছিল'- এইটো আৰু মাৰাত্মক কথা। কাজিয়া লাগক বা নালাগক ভুলতো আপোনাৰ মুখৰ পৰা যাতে নোলায় যে  'মোৰ এক্স তোমাতকৈ ভাল আছিল'। এনে কথা শুনিলে পৃথিৱীৰ আটাইতকৈ নিমাখিত প্ৰেমিকাজনীৰো খং উঠে। এনে অৱস্থাত আপোনাৰ প্ৰেমিকাই আপোনাক এৰি যাবলৈ অলপো কুণ্ঠাবোধ নকৰিব।

গতিকে কাজিয়া লাগি থকাৰ সময়ত আপোনাৰ প্ৰেমিকাক মৰমেৰে-আদৰেৰে কথাবোৰ বুজাওক কাৰণ মৰমেৰেহে পৃথিৱী জিনিব পাৰি, খঙেৰে নহয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ