--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধ্য প্রাচ্যৰ যুদ্ধত ইৰানৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিজয়ৰ দাবী কৰিলেও, তেওঁৰ দাবীৰ বিপৰীতে ইৰানী অস্ত্র ভাণ্ডাৰৰ বিষয়ত এই প্রতিবেদন দিছে খোদ আমেৰিকাৰে চোৰাংচোৱা সংস্থাই।

ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু তেওঁৰ প্ৰতিৰক্ষা সচিব পীট হেগছেথে দাবী কৰিছিল যে ইৰানী বায়ু সেনা সম্পূর্ণ বিধ্বস্ত হৈছে আৰু নৌ সেনা সাগৰৰ তলীত বিলুপ্ত হৈছে। কিন্তু বাস্তৱ সত্যটো হৈছে কেইবা সপ্তাহ ধৰি আমেৰিকা-ইজৰাইলৰ সামৰিক বাহিনীৰ ইৰানৰ ভূখণ্ডত প্রবল আক্রমণৰ পাছতো ইৰানী সেনাৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু কামিকাজে ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে।


মধ্য প্রাচ্যৰ যুদ্ধত ইৰানৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিজয়ৰ দাবী কৰিলেও, তেওঁৰ দাবীৰ বিপৰীতে ইৰানী অস্ত্র ভাণ্ডাৰৰ বিষয়ত এই প্রতিবেদন দিছে খোদ আমেৰিকাৰে চোৰাংচোৱা সংস্থাই। 


বিজনেছ ইনছাই ডাৰে প্রকাশ কৰা বাতৰিত মার্কিন প্রতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক তথা মেৰাইন কর্পছৰ লেফটেনেণ্ট জেনেৰেল জেমছ আদমছৰ উদ্ধৃতিৰে কোৱা হয় যে তেহৰানত এতিয়াও সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। এই ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নবোৰে নিৰৱচ্ছিন্নভাৱে মধ্য প্রাচ্যত থকা মার্কিন ঘাটিবোৰলৈ ভাবুকি কঢ়িয়াই আছে৷ যোৱা সপ্তাহত আমেৰিকাৰ সশস্ত্র সেৱাৰ সমিতিৰ সম্মুখত আদমছে এই ঘোষণা কৰে। 


মার্কিন সামৰিক বিষয়াসকলৰ মতে, ইৰানে প্রতিকূল পৰিস্থিতি সত্ত্বেও ইয়াৰ অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰ অক্ষত অৱস্থাত মজুত ৰাখিছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চি এন এনে যোৱা সপ্তাহত বাতৰি প্ৰকাশ কৰিছিল যে ইৰানৰ আধাসংখ্যক ক্ষেপণাস্ত্র এতিয়াও অক্ষত অৱস্থাত মজুত আছে। পাঁচ সপ্তাহজুৰি ইজৰাইল-আমেৰিকাৰ আক্ৰমণক প্রতিহত কৰা আৰু মধ্য প্রাচ্যৰ বিভিন্ন মার্কিন ঘটিত আক্ৰমণ কৰাৰ পাছতো ইৰানৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। বিশেষকৈ বৃহৎ হাৰত ইৰানৰ উপকূলীয় প্রতিৰক্ষা ক্রুজ মিছাইল মজুত আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ