--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধ্য প্রাচ্যৰ যুদ্ধত ইৰানৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিজয়ৰ দাবী কৰিলেও, তেওঁৰ দাবীৰ বিপৰীতে ইৰানী অস্ত্র ভাণ্ডাৰৰ বিষয়ত এই প্রতিবেদন দিছে খোদ আমেৰিকাৰে চোৰাংচোৱা সংস্থাই।

ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু তেওঁৰ প্ৰতিৰক্ষা সচিব পীট হেগছেথে দাবী কৰিছিল যে ইৰানী বায়ু সেনা সম্পূর্ণ বিধ্বস্ত হৈছে আৰু নৌ সেনা সাগৰৰ তলীত বিলুপ্ত হৈছে। কিন্তু বাস্তৱ সত্যটো হৈছে কেইবা সপ্তাহ ধৰি আমেৰিকা-ইজৰাইলৰ সামৰিক বাহিনীৰ ইৰানৰ ভূখণ্ডত প্রবল আক্রমণৰ পাছতো ইৰানী সেনাৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু কামিকাজে ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে।


মধ্য প্রাচ্যৰ যুদ্ধত ইৰানৰ বিৰুদ্ধে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিজয়ৰ দাবী কৰিলেও, তেওঁৰ দাবীৰ বিপৰীতে ইৰানী অস্ত্র ভাণ্ডাৰৰ বিষয়ত এই প্রতিবেদন দিছে খোদ আমেৰিকাৰে চোৰাংচোৱা সংস্থাই। 


বিজনেছ ইনছাই ডাৰে প্রকাশ কৰা বাতৰিত মার্কিন প্রতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক তথা মেৰাইন কর্পছৰ লেফটেনেণ্ট জেনেৰেল জেমছ আদমছৰ উদ্ধৃতিৰে কোৱা হয় যে তেহৰানত এতিয়াও সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। এই ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নবোৰে নিৰৱচ্ছিন্নভাৱে মধ্য প্রাচ্যত থকা মার্কিন ঘাটিবোৰলৈ ভাবুকি কঢ়িয়াই আছে৷ যোৱা সপ্তাহত আমেৰিকাৰ সশস্ত্র সেৱাৰ সমিতিৰ সম্মুখত আদমছে এই ঘোষণা কৰে। 


মার্কিন সামৰিক বিষয়াসকলৰ মতে, ইৰানে প্রতিকূল পৰিস্থিতি সত্ত্বেও ইয়াৰ অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰ অক্ষত অৱস্থাত মজুত ৰাখিছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চি এন এনে যোৱা সপ্তাহত বাতৰি প্ৰকাশ কৰিছিল যে ইৰানৰ আধাসংখ্যক ক্ষেপণাস্ত্র এতিয়াও অক্ষত অৱস্থাত মজুত আছে। পাঁচ সপ্তাহজুৰি ইজৰাইল-আমেৰিকাৰ আক্ৰমণক প্রতিহত কৰা আৰু মধ্য প্রাচ্যৰ বিভিন্ন মার্কিন ঘটিত আক্ৰমণ কৰাৰ পাছতো ইৰানৰ সহস্রাধিক ক্ষেপণাস্ত্র আৰু ড্র'ন মজুত আছে। বিশেষকৈ বৃহৎ হাৰত ইৰানৰ উপকূলীয় প্রতিৰক্ষা ক্রুজ মিছাইল মজুত আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু