--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি বছৰ হৈ গ’ল তিনি সংখ্যাৰ ৰান নাই বিৰাটৰ বেটত। এইবাৰ ৰান পোৱাৰ আশাৰে ঈশ্বৰৰ শৰণাপন্ন বিৰাট কোহলি! দৰাচলতে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত অৱৰ্তীৰ্ণ হোৱাৰ পূৰ্বে পত্নী অনুষ্কা শৰ্মাৰ সৈতে কীৰ্তন শুনিবলৈ গৈছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। লণ্ডনৰ এটা মন্দিৰলৈ গৈ কীৰ্তনৰ সুৰত মচগুল হৈ পৰে  বিৰাট। গ্ৰেমী বঁটাৰ বাবে মনোনীত কৃষ্ণ দাসৰ কীৰ্তনত এই দুই তাৰকাক দেখিবলৈ পোৱা যায়। সম্প্ৰতি, ছবিখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ছবিখন দেখি নেটিজেনৰ মনত প্ৰশ্ন জগাটো স্বাভাৱিক। বহুতৰ মনত ক্ৰিয়া কৰিছে অন্তহীন কৌতুহলে। ২২ গজৰ যুঁজৰ সময় ভালদৰে যোৱা নাই। চৌদিশে ক্ৰীড়াপ্ৰেমী তথা সমৰ্থকৰ সমালোচনা, বিদ্ৰুপৰ হাঁহি। সেইবাবে, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিৰাটে কীৰ্তন শুনি নিজৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰিছে বুলিও বিষয়টো আলোচনা হৈছে।

মন কৰিবলগীয়া যে, বিৰাট-অনুষ্কাই কীৰ্তন শুনিবলৈ যোৱা কৃষ্ণ দাসৰ প্ৰকৃত নাম জেফ্ৰি কাগেল। কৃষ্ণ সাধনাৰ উদ্দেশ্যেৰে নাম সলনি কৰিছে আমেৰিকান কণ্ঠশিল্পী গৰাকীয়ে। ১৯৯৬ চনৰ পৰা তেওঁৰ প্ৰায় ১৭ টা ভক্তিমূলক গীত আৰু কীৰ্তন এলবাম মুকলি কৰিছে। ২০১২ চনত মুক্তি লাভ কৰা 'আনন্দ' নামৰ এলবামটো ২০১৩ চনৰ গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ