--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰিয়া ছাৰাপোভাই জন্ম দিলে এটি পুত্ৰ সন্তান। ৫বাৰৰ গ্ৰেণ্ড শ্লাম বিজয়ী গৰাকীয়ে ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰি এই খবৰ ঘোষণা কৰে। প্ৰেমিক আলেকজেণ্ডাৰ গিলকেছ আৰু তেওঁৰ পুত্ৰৰ সৈতে ফটো পোষ্ট কৰিছিল। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ছবিখন।

ইনষ্টাগ্ৰামত ফটোখনৰ কেপচনত ছাৰাপোভাই লিখিছে, ‘আমাৰ সৰু পৰিয়ালটোৱে আটাইতকৈ ধুনীয়া আৰু অমূল্য উপহাৰ লাভ কৰিলে।’ স্মৰ্তব্য যে,  টেনিছ জগতৰ এই গ্লেমাৰ গাৰ্লগৰাকীয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহতে নিজৰ মাতৃত্বৰ কথা ঘোষণা কৰিছিল।

কেৰিয়াৰৰ মাজভাগতে ড’পিঙৰ বাবে নিৰ্বাসিত হৈছিল এইগৰাকী গ্লেমাৰ গাৰ্লে। অৱশ্যে, কামবেক কৰে যদিও ব্যৰ্থ হয় ছাৰাপোভা। পৰৱৰ্তী সময়ত  ২০২০ চনত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰাছিয়ান খেলুৱৈগৰাকীয়ে।

তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৫বাৰকৈ গ্ৰেণ্ড শ্লাম জয় কৰিছিল। ২০০৪ চনত ১৭ বছৰ বয়সত উইম্বলডন জয়ী হৈছিল তেওঁ। ইয়াৰ পিছত ২০০৬ চনত ইউ এছ অ’পেন, ২০০৮ চনত অষ্ট্ৰেলিয়ান অ’পেন, ২০১২ আৰু ২০১৪ চনত ফ্ৰেন্স অ’পেনত নিজৰ নাম সোণালী আখৰেৰে  লিখিছিল ছাৰাপোভাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ